ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
এক সংক্ষিপ্ত বিচাৰ
--- তৰু ডেকা
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক যোগ্যতা অনস্বীকার্য; নিজৰ সৃষ্টিৰ দ্বাৰা তেওঁ অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰি গৈছে৷ সাহিত্যত এক নতুন যুগৰ সূচনা কৰা আৰু শ্ৰেষ্ঠ সাহিত্য সৃষ্টি কৰা একে কথা নহয়৷ বেজবৰুৱাই এনে এখন গ্ৰন্থ ৰচনা কৰি যোৱা নাই যাক আমি সাহিত্যৰ প্ৰকৃত অর্থত মহৎ সাহিত্য সৃষ্টি বুলি ক’ব পাৰোঁ বা যিখন গ্ৰন্থৰ দ্বাৰা তেওঁ অমৰত্ব দাবী কৰিব পাৰে৷ কিন্তু সকলোৱেই এটা কথা নতশিৰে স্বীকাৰ কৰে যে আধুনিক অসমীয়া ভাষা-সাহিত্যক তাৰ যোগ্য আসনত বহুৱাৰ বাবে বেজবৰুৱাই কৰা চেষ্টাৰ কাহিনী অসমৰ সাংস্কৃতিক ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব৷
অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘লক্ষ্মীনাথ বেজবৰুৱা’ নামৰ গ্ৰন্থখনৰ ভূমিকাত চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এজন জাতীয় নেতাৰ ব্যক্তিত্ব গঠনত চাৰিটা বিশিষ্ট সাংস্কৃতিক প্ৰভাৱৰ অৱদানৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়াইছে৷ তাৰে প্ৰথমটো হৈছে শংকৰী বা ধ্ৰুপদী সাহিত্যৰ গভীৰ প্ৰভাৱ৷ কাৰণ, তেখেতে নৈষ্ঠিক মহাপুৰুষীয়া বৈষ্ণৱ পৰিয়ালত জন্ম হৈ ডাঙৰ-দীঘল হৈছিল৷ সেইবাবেই অসমীয়া বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ লগত আশৈশৱ পৰিচয় ঘটিছিল আৰু তাৰ অৱদান, মর্ম, সৌন্দর্য উদ্ঘাটন কৰিব পাৰিছিল৷ তাৰ প্ৰভাৱ তেওঁৰ জীৱন আৰু সাহিত্য কৃতিত বিদ্যমান৷ লক্ষ্মীনাথৰ শৈশৱৰ প্ৰথম চাৰিটা বছৰ বৰপেটাত অতিবাহিত হৈছিল৷ তেতিয়াই দেখা তেওঁ বৰপেটাৰ কীৰ্ত্তনঘৰৰ খুঁটাত লগোৱা সহস্ৰ বন্তি আৰু কীৰ্ত্তনঘৰৰ কাঁথিত বহি বুঢ়ী ভকতনীৰ নাম লগোৱা দৃশ্যৰ প্ৰভাৱ তেওঁৰ ভৱিষ্যত জীৱনত দেখা যায় বুলি তেওঁ নিজেই ভাবিছিল৷ তেওঁলোকৰ ঘৰত নিত্য-নৈমিতিক নাম-প্ৰসঙ্গ, গীত-ভটিমা, কীত্তন-ঘোষা গোৱা, বৈষ্ণৱ দর্শন, সাহিত্যৰ আলোচনা দুইজনা মহাপুৰুষ বা বদুলা আতাৰ চৰিত পাঠ আদি দৈনন্দিন কার্যক্ৰমিণকাৰ ভিতৰুৱা আছিল৷ সেইবাবেই বৈষ্ণৱ দর্শন আৰু আদর্শৰ প্ৰভাৱ তেওঁৰ জীৱনৰ এটি চিৰস্মৰণীয় অধ্যায়৷
তেখেতে অসমীয়া সংস্কৃতিক অইন সংস্কৃতিৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল৷ সেয়েহে তেওঁৰ যিকোনো লেখনিৰ মাজত অসম আৰু অসমীয়াক উজ্জীৱীত কৰিব পৰা বিষয়বস্তু সাঙোৰ খাই থকা দেখিবলৈ পোৱা যায়৷ তেওঁৰ সকলো প্ৰকাৰৰ লেখনীয়ে আজি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ বুলি অভিহিত হৈছে৷
এই পৰিপ্ৰেক্ষিতত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত পুথি সুৰভিৰ ভিতৰুৱা ‘গীতা’ শীর্ষক গল্পটি কিছু আলোচনাৰ আওঁতালৈ আনিবলৈ প্ৰয়াস কৰিছো৷ মই নিশ্চিতভাৱে জানো যে এয়া মাথোঁ মোৰ অপৈণত ভাৱৰ আংশিক বুৰবুৰণি৷ ‘গীতা’ শীর্ষক গল্পটিৰ মাজেৰে এখন কৃষ্টি-সংস্কৃতিৰে পূর্ণ সহজ-সৰল অসমীয়া সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিছে৷ গল্পটিৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে এজন কয়দী৷লিখকে নিজে পাৰ্শ্ব চৰিত্ৰ হৈ চেনেহীৰ জৰিয়তে কয়দীজনক এটি আদর্শনীয় বাটেৰে বাট বুলাই লৈ গৈছে৷ জীৱনৰ বাটত মায়া-মোহৰ অত্যাচাৰ, উঠন-পতন আদিৰ উৎস ছয় ৰিপুক দমন কৰি অৱশেষত ধর্ম ৰক্ষা কৰি কেনেকৈ আদর্শ জীৱন যাপন কৰিব পাৰি তাকে দেখুৱাইছে৷ তাক কৰোঁতে অসমীয়া জাতীয় জীৱনৰ কৃষ্টি-সংস্কৃতি,পৰম্পৰা অক্ষুণ্ণ ৰাখিছে৷ মতিভ্ৰম হ’লে মানুহৰ কেনেকৈ বুদ্ধি নাশ হয় তাৰ উপযুক্ত উদাহৰণ কয়দীজন৷
‘গীতা’ নামৰ গল্পটি লিখকে মাঘ বিহুৰ অচিলাৰে খাঁটি অসমীয়া জীৱনৰ প্ৰতিচ্ছবি এখন দাঙি ধৰিছে৷ লিখকৰ কথাৰে-“মাঘ বিহুৰ দিনা পুৱাই গা-ধুই আধাপোৰা মেজি এটাৰ কাষত মুঠাৰ কঠ এখনত বহি কাঠৰ হেঙুলীয়া ঠগা এখনৰ ওপৰত সাঁচিপতীয়া শ্ৰীমদ্ভাগৱত গীতা পুথি এখন মেলি লৈ সুৰ ধৰি ডাঙৰকৈ শ্লোক মাতি তাৰ অর্থ বাখ্যা কৰিব লাগিছো...৷”
“ধ্যায়তো বিষয়ান্ পুংসঃ সংগেস্তষুপজায়তে৷
সংগাৎ সঞ্চায়তে কামঃ কামাৎ ক্ৰোধোহভিজায়তে৷৷
ক্ৰোধাদ্ভুৱতি সন্মোহঃ সন্মোহৎ স্মৃতিবিভ্ৰম৷
স্মৃতিভ্ৰশংশাদ্ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি৷৷”
শ্লোকটোৰেই গল্পটো আৰম্ভ কৰা হৈছে ৷
“শাস্ত্ৰৰ উত্তম গীতা ভাগৱত” – ভাৰতীয় মানুহৰ
জীৱন দর্শনৰ আধাৰ হ’ল গীতা৷ অসমৰ কৃষ্টি-সংস্কৃতি বা উৎসৱ পার্বণ কোনোটোৱেই ধর্ম ৰহিত নহয়- প্ৰকাৰন্তে ইয়াৰ লগত ধমীয় ৰীতি জড়িত হৈ থাকে৷ কোনো কামৰ শুভাৰম্ভত ধমীয় গ্ৰন্থ পাঠ কৰা হয়৷ শ্ৰীমদ্ভাগৱত গীতাৰ কথা আকৌ সুকীয়া য’ত ভগৱান শ্ৰীকৃষ্ণৰ বাণী, লীলা, কর্ম সন্নিৱিষ্ট হৈ আছে৷এজন কর্মযোগীৰ বাবে সেই অমৃতসম বাণীবোৰ অপৰিহার্য৷ কাৰণ সেই বাণীবোৰক সাৰোগত কৰি পাপী-তাপীসকলে ভৱনদী পাৰ হ’ব পাৰে৷ আমি অন্তঃকৰণেৰে বাণীবোৰ অনুধাৱন কৰিলে মনৰ মাজত ভক্তিৰসৰ নৈ বৈ যায় আৰু অশুদ্ধ মনত জুই লাগে৷ পঢ়োতাৰ কণ্ঠ সুৰীয়া হ’লেতো কথাই নাই৷
মাঘ বিহুৰ মেজিৰ ওচৰত পুথি পঢ়া, নাম-কীর্তন কৰি সেৱা লোৱা পৰম্পৰাগত নীতি৷ লগতে মেজিৰ জুইত কাঠ আলু, কেঁচা মোৱাঁ আলু পোৰা, চুঙা পিঠা পোৰা ৰীতি৷ অসমীয়া ঘৰৰ সকলো সদস্যই সেই ৰীতি-নীতি মানে বা উপভোগ কৰে৷
পাঠকৰ কণ্ঠত শ্লোকটো শুনি চোতালৰ কেঁয়াবন চিকুনাই থকা কয়দীজনে উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ গীতাৰ বাণীয়ে তাৰ অন্তৰত খুন্দিয়াবলৈ ধৰিলে৷ তাৰ অতীত কৃতকর্মৰ কথা মনত পৰি অন্তৰ্দন্দ্বত ভুগি কান্দোনক চেপি ৰাখিবলৈ অপাৰগ হ’ল৷ পাঠকে কয়দীৰ কান্দোনৰ কাৰণ জানিব বিচাৰিলে৷ পাঠকৰ পৰা নির্ভয় পাই- দেউতাৰ যি আজ্ঞা বুলি হাতযোৰ কৰি সি কন্দাৰ কাৰণ বর্ণাবলৈ ধৰিলে৷ কয়দীজনৰ ভাষ্য অনুসৰি কথাখিনি এনেধৰণৰ-
কয়দীজনৰ ঘৰ পশ্চিমৰ গোৱালিয়ৰ জিলাত৷ তাৰ আচল নাম ভগৱান দাস বাবাজী৷ পৰিয়ালৰ হাক-বচন নামানি ভগৱানে সৰুতেই পৰম ধামির্ক অগাধ পণ্ডিত ঈশ্বৰ দাস পুৰীৰ ওচৰত মন্ত্ৰ লৈ সন্ন্যাস ধর্ম গ্ৰহণ কৰিছিল৷ গুৰুৰ কৃপা সাৰোগত কৰি বেদ-বেদান্ত, ভাগৱত গীতা আদি শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰত পার্গত হৈ পৰিছিল৷ ভাৰতৰ পুণ্য তীর্থ স্থানসমূহ ভ্ৰমণ কৰিছিল৷ হঠাতে ভগৱান দাসৰ গুৰুৰ দেহান্তৰ ঘটিল৷ গুৰু অবিহনে তাৰ জীৱনত আউল লাগিল৷ কোনো সন্ন্যাসীৰ লগত লগ হৈ আহি কামৰূপ কামাখ্যা পালে৷তাৰ ভাষাত “আৰু ইয়াতে মোৰ শেষ পদস্খলন হ’ল৷” পুনৰ কৈ গ’ল- সি পৰশুকুণ্ডলৈ যাবলৈ আহি বাটতে তাৰ গা বেয়া হোৱাত শিৱসাগৰৰ বকলিয়াঘাটৰ ৰাজহুৱা নামঘৰত ঠাই ল’লে৷ সি সুস্থ নোহোৱা বাবে লগৰ সন্ন্যাসীবোৰে তাক তাতে এৰি গুচি গ’ল৷ গাঁৱৰ মানুহৰ যত্ন আৰু শুশ্ৰূষাত সি আৰোগ্য লাভ কৰিলে আৰু তাত থাকিবলৈ মনস্থ কৰিলে৷ তাৰ শাস্ত্ৰজ্ঞান দেখি গাঁৱৰ মানুহে তাক আপচোচ কৰিবলৈ ধৰিলে ,ভাৰ-ভেটী নুগুচা হ’ল৷ আনকি এজন বুঢ়া মানুহে তাক নিপনীয়া গাখীৰ খাবলৈ খীৰতী গাই এজনীও দিলে৷ মঙলা নামৰ ভকত এজনৰ কুৰি বছৰীয়া আবিয়ৈ ভনীয়েক চেনেহীয়ে গাখীৰ খীৰাই দিয়াৰ লগতে যাৱতীয় কামেবাৰো কৰি দি যায়৷ এইখিনিতে সহজ-সৰল অসমীয়া মানুহৰ মৰম-চেনেহৰ এখনি সুন্দৰ চিত্ৰ গল্পটিৰ মাজেৰে লিখকে দাঙি ধৰিছে৷ লেখকৰ কমলত ধৰা দিয়া চিত্ৰখন এবাৰ চাওঁচোন৷ কয়দীৰ মুখৰ কথাবোৰ এনেধৰণৰ “মোৰ শাস্ত্ৰজ্ঞান আৰু ধর্মালাপ বিশেষকৈ বৈষ্ণৱ ধর্মৰ বিষয়ে উপদেশ আদি শুনি গাঁৱৰ সকলোৰে মোৰ ওপৰত ভকতি বাঢ়িল৷ মোৰ আগৰ পৰা গাখীৰ, কল, কুঁহিয়াৰ, ভাৰ-ভেটী নুগুচা হ’ল৷... মোৰ ভোজনৰ জোখও নেবাঢ়ি নাথাকিল৷...মলখু চাউল, মলঙা চাউল, ভাল আটাগুৰি, বেয়া আটাগুৰি, ভাল ঘিউ, কৰুৱা ঘিউ ইত্যাদি কথাৰ মর্মবোধ মোৰ বিশেষৰূপে হ’বলৈ ধৰিলে৷ “আনপিনে চেনেহীৰ আদৰ-যত্ন”- “...চেনেহীয়ে গাইৰ গাখীৰ খীৰায়, গোবৰ পেলায়, গোহালি অঁতায়, তাৰ উপৰি মোৰ টৌ মলে, কাঁহী-বাটি ধোৱে আৰু জুহালৰ জুই ধৰি দিয়া আদি কাম কৰে...৷” এনেদৰেই মানুহৰ মনত মৰম-চেনেহে খোপনি পোতে নিজৰ অলক্ষিতে কোনো বাচ-বিচাৰ নোহোৱাকৈ৷
কয়দী ভগৱানৰো মনৰ মাজত চেনেহীৰ চেনেহ এডেও-দুডেওকৈ আহি খোপনি পুতিলে-“তাই অতি সন্তর্পনে ভক্তিভাৱে একান্ত মনে তাইৰ এইবিলাক কাম কৰিবলৈ ধৰিলে; কিন্তু স্পষ্টকৈ গম ধৰিব নোৱাৰি এখোজ- দুখোজকৈ আহি ত্যাগী সন্ন্যাসীৰ শৰীৰত, বিষয়বিৰাগী ব'ৰাগীৰ গাত দুষ্ট কলি প্ৰৱেশ কৰিলে; ব'ৰাগীৰ মনত বিকাৰ উপস্থিত হ'ল । সন্ন্যাসীৰ শান্তিপূর্ণ মনত ক’ৰবাৰ পৰা আহি অশান্তি সোমাল, নিৰুদ্বেগ অন্তৰত উদ্বেগে ঠাই ল’লে, ঈশ্বৰ চিন্তাৰ ঠাই চেনেহীৰ চিন্তাই বলেৰে ‘দখল’ কৰিলে৷”
প্ৰেম শাশ্বত৷ এই প্ৰেমে কেতিয়া কেনেকৈ কোনফালে বাট পোনাই গমকে ধৰিব নোৱাৰি৷ যেনেকৈ সৃষ্টিৰ মূল প্ৰেম, তেনেকৈ কেতিয়াবা প্ৰেম ধ্বংসৰো মূল হৈ পৰে৷ ঐশ্বৰিক প্ৰেম নির্মল প্ৰেম৷ ভগৱান বা ঈশ্বৰৰ ভকতিত নির্মল প্ৰেম বাঢ়ে৷ ই কামগন্ধহীন, বাসনা বিহীন৷ কামনা বাসনাই কায়িক প্ৰেমৰ সৃষ্টি কৰে৷ যাৰ দ্বাৰা জীৱই প্ৰলোভিত হৈ দুঃখ যন্ত্ৰণাত পুৰি মৰে৷ জীৱই নির্মল ভকতিত নিমজ্জিত বৈ স্বাচ্ছন্দে জীৱন অতিবাহিত কৰিব পাৰে৷
কিন্তু ‘হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ’-কয়দী ভগৱান দাসৰো একে হ’ল- হিচাপৰ বহীত ঈশ্বৰ চিন্তা লাহে লাহে কমি আহিল আৰু চেনেহীৰ চিন্তা বাঢ়ি আহিল৷ লেখকৰ কমলত তাৰ অপূর্ব বর্ণনাৰ ৰস পান কৰি পাঠক ধন্য হৈ পৰে৷ লেখকে ভগৱান দাসৰ মনৰ গতিৰ অকণো কাপর্ণ্য নকৰাকৈ তুলি ধৰিছে এনে ধৰণে- “হিচাবৰ বহীত আজি এক অনা চেনেহীৰ ভাবনা, পোন্ধৰ অনা ঈশ্বৰৰ ভবনা, কাইলৈ চাৰি অনা চেনেহীলৈ চিন্তা আৰু ঈশ্বৰলৈ বাৰ অনা চিন্তা৷ পৰশুইলৈ চেনেহীলৈ আঠ অনা, ঈশ্বৰলৈ আঠ অনা, পৰশুইলৈ চেনেহীলৈ বাৰ অনা, ঈশ্বৰলৈ চাৰি অনা, এইদৰে জমা খৰচৰ বঢ়া-টুটা হৈ হৈ শেষত ঈশ্বৰৰ চিন্তাৰ ঘৰত শূন্য আৰু চেনেহীৰ চিন্তাৰ ঘৰত ষোল্ল অনা জমা হ’লগৈ৷ঈশ্বৰ-চিন্তা পুখুৰীৰ পানী কলিয়ে লেহতীৰে সিঁচি চেনেহী চিন্তা-পুখুৰীত ভৰালে৷ ঈশ্বৰ-চিন্তা-পুখুৰী পানীৰে চেনেহী চিন্তাৰ পুখুৰী ভৰিল আৰু সেই পাৰমাথির্ক পুখুৰী শুকাই সংসাৰিক পুখুৰী চপচপীয়া হ’ল৷ সন্নাসীৰ মনৰ ধৰণী ভাগিল, খুঁটা উভলিল, ভৰিৰ তলৰ বৰপীড়াৰ খুৰা ভাগিল৷ বাবাজী ভগৱান দাস, কাকিনী তামোল গছৰ আগৰ পৰা তামোল চোৰে পাৰি তললৈ পেলাই দিয়া পকা তামোলৰ থোকা পৰা দি তলত পৰিল৷ গুৱালৰ জীয়ৰী গুৱালনী ‘চেনেহী মোৰ জপৰ মলা অতি যতনৰ ধন৷ চেনেহী বিনে আৰু কোনো নাই বাবাজী শ্ৰীচৰণ’ হ’ল৷ দেখোঁতে দেখাঁতেই মোৰ বহুকলীয়া শুকান সুঁতিত এদিন ক’ৰবাৰ পৰা বৰ ধল আহি চেনেহীৰ যৌৱন সর্বস্বৰ ভৰাৰে ভৰপুৰ নাও কাচি চিঙি উটাই লৈ গুচি গ’ল৷ লাহে লাহে মোৰ গতি-গোত্ৰ চলন-ফুৰণ আচাৰ-ব্যৱহাৰৰ পৰিৱর্তন ঘটিল আৰু সি লোকৰ চকুত পৰিবলৈ সৰহ দিন নালাগিল৷” চেনেহীক নেদেখিলে সি খাব নোৱাৰে, শুব নোৱাৰে৷ কথা বুলিলেই বতাহ৷ গাঁৱত বু-বু বা-বা চলিল৷ চেনেহীৰ ককায়েক মঙলুৱে চেনেহীক ভগৱান দাসৰ লগত মিলা-মিচা কৰাত হকা-বাধা কৰিলে৷ তাৰ শাস্ত্ৰজ্ঞান, সন্ন্যাস ধর্ম সকলো পলাই ফাট মাৰিলে৷ সি চেনেহীৰ পৰা আঁতৰি থকাটো সহ্য কৰিব নোৱাৰিলে৷ সি গৈ চেনেহীৰ চোতাল পালে৷ সি চেনেহীক তাৰ কাষলৈ নোযোৱাৰ কাৰণ সুধিলত তাই ক’লে-“ককায়ে হাক দিছে৷” সি তাইক ককায়েকৰ কথা শুনিবলৈ মানা কৰিলে৷ উত্তৰত চেনেহীয়ে ক’লে- নুশুনি নোৱাৰোঁ, গাঁৱৰ মানুহে আমাক বেয়া বুলিছে৷ আকৌ তোমাৰ গুৰিলৈ গ’লে ককায়ে মোক ছোৱা-ছোৱাকৈ কাটিব বুলি কৈছে৷” চেনেহীয়ে অসমীয়া ছোৱালীৰ সন্মান অটুট ৰাখি উত্তৰ দিলে৷ তাইৰ কথা শুনি সি খঙত বলিয়া হৈ পৰিল, তাৰ হিতাহিত জ্ঞান লোপ পালে৷ দৈৱদুৰ্বিপাকত হেন সময়তে মঙলু পথাৰৰ পৰা আহি পালে৷ চোতালত মেলি দিয়া ডোখোৰা খৰি এডালেৰে মঙলুৰ মূৰত এমাৰ মাৰিলে সি৷ একে মাৰতে মূৰটো ফাটিল আৰু মঙলু মাটিত ধুপুচকৈ পৰি মৰি থাকিল৷
সেই অপৰাধতে ভগৱান দাসৰ ৫ বছৰ ফাটেক হ’ল৷ তিনি বছৰ উকলিল আৰু দুই বছৰ আছে৷ কৃতকর্মৰ বাবে সি লাহে লাহে অনুতপ্ত হৈছিল৷ সেয়েহে সেইদিনা গীতাৰ শ্লোকটো শুনি আৱেগত উচুপি উঠিছিল৷ এয়াই গীতাৰ মহত্ব-মাহাত্ম্য৷ লিখকে কয়দীজনৰ মুখেৰে কোৱাইছে- “মই ধর্ম আৰু ঈশ্বৰৰ চিন্তা এৰি এখোজ দুখোজকৈ বিষয় চিন্তাত আগবাঢ়ি শেষত বিষয়ত মোৰ সম্পূর্ণ আসক্তি জন্মিল৷ আসক্তিৰ পৰা মোৰ মনত কোনো অর্থাৎ ইন্দ্ৰিয় চৰিতার্থৰ বাসনা আহিল আৰু তাৰ ব্যাঘাতত ক্ৰোধৰ পৰা মোহ অর্থাৎ হিতাহিত জ্ঞান শূন্যতা আৰু মোহৰ পৰা স্মৃতি বিভ্ৰম অর্থাৎ স্মৃতিভ্ৰংশ হ’ল আৰু স্মৃতিভ্ৰংশ হোৱাৰ বাবে বুদ্ধি নাশ ঘটিল আৰু তাৰ ফলত মই নৰহত্যা পাতকত পৰিলোঁ৷ মোৰ সকলো ভ্ৰষ্ট হ’ল৷”
তেখেতে কয়দীৰ কথা শুনি অলপ সময় তভক মাৰি থাকি লাহেকৈ পুথি সামৰি থলে৷ জেল দাৰোগাৰে সৈতে বন্দোৱস্ত কৰি দিন দিয়েকমানৰ বাবে আলি-পদূলি, চোতালৰ ঘাঁহ-বন চিকুণাবৰ কাৰণে অনা কয়দীকেইটাক দিন হাজিৰা দি কয়দী ভগৱান দাস সহ বিদায় দিলে৷ গল্পটিৰ সফল সামৰণি পৰিল৷
লিখকে কয়দীজনৰ আলমত মানুহৰ চৰিত্ৰৰ বর্ণনাহে কৰিছে৷ সচৰাচৰ অল্পবুদ্ধিৰ নৰে আপোন স্বার্থ চৰিতার্থ কৰাৰ বাবে বাট এৰি অবাটে গতি কৰি সংসাৰত ছয় ৰিপুৰ হাতত পৰি নানান লতি-লাঞ্জনা খাবলগীয়া হয়৷ শ্ৰীমদ্ভাগৱত গীতা উত্তম শাস্ত্ৰ৷ গীতাৰ শ্লোক সমূহত কর্মযোগ, জ্ঞান আদিৰ মার্গ দিয়া আছে৷ এই মার্গবোৰ আয়ত্ব কৰি দিক্ দর্শন কৰিব পাৰিলে মানুহে সঠিক বাটৰ সন্ধান পাব পাৰে৷ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ গল্পটিৰ জৰিয়তে মানুহক সজাগ কৰিব বিচাৰিছিল-যাতে নিজৰ মনোবল অটুট ৰাখি সকলোৱে মঙ্গলকামী পথৰ সন্ধান কৰিব পাৰে৷ জাতীয় জীৱনৰ মানদণ্ড আৰু সন্মান বজাই ৰাখিব পাৰে, বৰ অসমীয়া জাতিয়ে নিজৰ কৃষ্টি-সংস্কৃতি, ভাষা-পৰম্পৰাৰে নিজক চহকী কৰিব পাৰে৷ তেখেতৰ লেখনীৰ মূল উদ্দেশ্য আছিল কেনেকৈ শংকৰ মাধৱৰ দেশৰ মানুহক মানুহ হিচাবে একত্ৰিত কৰি এখন শুদ্ধ আৰু নিভাঁজ অসমীয়া সমাজ গঢ়িব পাৰে, মানুহৰ আত্মাৰ শুদ্ধি কৰিব পাৰে, আইৰ মুখৰ মাত কথাৰে আলাপ-আলোচনা কৰি পৰম সুখ লভিব পাৰে৷
বর্তমানৰ অসমীয়া জাতিৰ জ্বলন্ত সমস্যাৰ পৰিপ্ৰেক্ষিতত কয়দীৰূপী লোক সকলে নিজক সলাবৰ হ’ল৷ আচলতে আমি সকলোৱে ঈশ্বৰৰ দৃষ্টিত একো একোজন কয়দী৷আমাৰ অহংকাৰ, অজ্ঞনতা, কৃতকর্মৰ ফল এদিন আমি ভুগিব লাগিবই আৰু আদিন অনুতপ্ত হৈ কোনোৰে ওচৰত শৰণাপন্ন হ’বই লাগিব৷ যিয়ে আমাক উদ্ধাৰৰ পথ আঙুলিয়াই দিব৷ গীতাত সকলো পথৰে নিৰ্দেশ দিয়া আছে৷ মাথোঁ আমি নির্ণয় কৰিব লাগে কোন বাটে আগুৱাম৷ ক্ষুদ্ৰ স্বার্থ পৰিত্যাগ নকৰিলে এদিন নহয় এদিন আমি কাঠগৰাত থিয় হবই লাগিব, সেয়া নৰৰেই হওঁক বা নাৰায়ণৰেই৷ সময় থাকোতেই আমি সজাগ হ’ব লাগে৷ আমাৰ সজাগতাই এখন মুক্ত আৰু মঙ্গলকামী সমাজ গঢ়িব পাৰে৷ য’ত আমাৰ জাতীয় চেতনা সুৰক্ষিত হ’ব পাৰে৷ নহ’লে যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে আদর্শনীয় ব্যক্তিসকলৰ সপোনবোৰ ভাঙি-চিঙি চুৰমাৰ হ’ব৷ বর্তমান সময়ত বেজবৰুৱাদেৱৰ ‘গীতা’ শীর্ষক গল্পটিয়ে সমাজলৈ এক বিশেষ বার্তা কঢ়িয়ায় আনিছে বুলি অনুভৱ কৰোঁ৷
*****