ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
ক’ৰোনা মহামাৰীৰ নেতিবাচক দিশত ইতিবাচক চিন্তা
- ৰুবী কলিতা
অতিসম্প্ৰতি সমগ্ৰ বিশ্ববাসীৰ বাবে বিভিষিকাৰ অন্য এটা নাম হৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছ। সমগ্ৰ বিশ্বৰ দুই চাৰিখন দেশক বাদ দি উন্নত ,উন্নয়নশীল আৰু অনুন্নত প্ৰায় প্ৰতিখন দেশতে কৰোনা মহামাৰীয়ে সৃষ্টি কৰা সংহাৰি ৰূপ মানৱজাতিৰ চকুৰ সন্মুখত।দেশে দেশে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদ্ধতি পন্থা অৱলম্বন কৰা হৈছে যদিও চকুৰে নমনা ভাইৰাছ বিধৰ সংহাৰি ৰূপৰ পৰা এতিয়ালৈকে পৰিত্ৰাণ পাব পৰা নাই।আৰু পৰিত্ৰাণ কেতিয়া পোৱা যাব তাৰো কোনো নিশ্চয়তা নাই। কাৰণ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা কোনো নিৰ্দিষ্ট দৰৱ আৰু প্ৰতিষেধক আজিকোপতি আৱিষ্কাৰ হোৱা নাই। যিটো কাৰণে মানৱ জাতিয়ে ভয় শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। চলিত বৰ্ষতো প্ৰায় শেষ হওঁ হওঁ। যদিহে এই মাৰাত্মক ভাইৰাছ বিধৰ প্ৰতিষেধক আৱিষ্কাৰ নহয় ,তেতিয়াহলে ভয় শংকা বুকুত বান্ধি মানৱজাতিয়ে এনেকুৱা আৰু কিমানটা বৰ্ষ পাৰ কৰিবলগীয়া হব তাৰ কোনো নিশ্চয়তা নাই। এক বিভিষিকাময় পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰি কৰি মানুহ দেহে মনে একপ্ৰকাৰ বিধস্ত হৈ পৰিছে।মানুহৰ মানসিক অৱস্থাই জীৱিততে মৃতপ্ৰায় কৰি তুলিছে। এই মহামাৰীয়ে একোটা পৰিয়ালে সৈতে একোখন ঘৰ উছন কৰি পেলাইছে। চিকিৎসালয়ত বিছনাৰ অভাৱ ঘটিছে। ৰোগীক দিবৰ বাবে অক্সিজেন চিলিণ্ডাৰৰ নাটনি হৈছে। কভিদ-১৯ আক্ৰান্ত ব্যক্তিক আপোন সকলে সেৱা শুশ্ৰূষা কৰাটো দূৰৈৰে কথা, মৃত্যু ঘটিলে অন্তিম বিদায় পৰ্য্যন্ত দিব নোৱাৰাৰ অৱস্থা হৈছে। কি এক মৰ্মান্তুদ পৰিস্থিতি। যিসকলে এই মহামাৰীত নিজৰ আপোনজনক হেৰুৱাইছে, তেওঁলোকক নিজৰ জীৱিত দিনত এই যন্ত্ৰণাই চেপি খুন্দি থাকিব।তাৰোপৰি কৰোনা সৃষ্ট পৰিবেশত বহু লোকে বিনা চিকিৎসাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে। যিটো অতিকৈ দুঃসহ কথা। বৰ্তমান মানৱজাতিৰ বাবে অতিকৈ ভয়ংকৰ আৰু দুখজনক বাৰ্তাটো হৈছে, কৰোনা যুঁজখনৰ আগশাৰীৰ যোদ্ধা ডাক্তৰ আৰু চিকিৎসা কৰ্মী সকলো শেহতীয়াকৈ এই ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। যিটো অতিসম্প্ৰতি আটাইতকৈ উদ্বেগজনক কথা। জীৱনত এনে এক প্ৰত্যাহ্বানৰ বাবে মানৱ জাতি কেতিয়াও প্ৰস্তুত নাছিল। মহামাৰীৰ এনে ৰূপ অভাবনীয়। পূৰ্বতে এই ধৰাত বহুবোৰ মহামাৰীৰ নজিৰ আছে যদিও, গোটেই বিশ্বক একেসময়তে ধাৰাশায়ী কৰিব পৰা কৰোনা সদৃশ মাৰাত্মক ভাইৰাছৰ অৱস্থিতি ইতিহাসে ঢুকি পোৱা দিনত নাই বুলিয়ে কব পাৰি। চাবলৈ গলে কাল-ক'ৰোনাই আমাৰ মাজৰ পৰা আমাৰ আপোনজন বা অন্য লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ উপৰিও, কাঢ়ি লৈছে জীৱিকা ,উপাৰ্জন। কেইবাকৌটি লোকক সংস্থাপনহীন কৰি দাৰিদ্ৰতাৰ গ্ৰাসলৈ থেলি দিছে।
এটা হ্মণৰ বাবে সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰাৰ কথা ভাবিলেই অসম্ভৱ যেন লগা কথাটো ইতিমধ্যে বাস্তবায়িত হৈ গল। এটা হ্মণ নহয় বা এটা দিন নহয়, কেইবা মাহৰ বাবে সমগ্ৰ বিশ্ব সম্পূৰ্ণ ৰূপে তলাবন্ধ হৈ স্থৱিৰ হৈ পৰিল। ভাঙি পৰা ৰাজহাড়েৰে অৰ্থনীতিৰ এতিয়া বিধস্ত ৰূপ।অনাগত দিনত কৰোনা মহামাৰীৰ পৰা সকাহ পালেও, ভাঙি পৰা অৰ্থনীতি সুস্থিৰ হবলৈ আৰু কেইবাবছৰো লাগিব বুলি অৰ্থনীতিবিদ সকলে ঘোষণা কৰিছে। ক'ৰোনাৰ প্ৰভাৱত ভাৰততে কেইবাকৌটি মানুহ জীৱিকাচ্যুত হৈছে। Centre For Monitoring Indian Economy (CMIE) দিয়া তথ্য অনুসৰি ভাৰতবৰ্ষত লকডাউনৰ ফলত কৰ্মসংস্থাপনহীন হোৱা লোকৰ সংখ্যা ২৭.১ % লৈ বৃদ্ধি পাইছে। এপ্ৰিল মাহলৈ ১২২ মিলিয়ণ লোকে নিজৰ জীৱিকা হেৰুৱাইছে। অৰ্থনীতিৰ স্তব্ধতাত নিম্ন মধ্যবিত্ত সকলৰ ভৱিষ্যতকলৈ ডাঙৰ প্ৰশ্ন আহি পৰিছে। দাৰিদ্ৰতা আৰু অনাহাৰে বহু লোকক সমাজখন অৰাজক আৰু অপৰাধমূলক কাৰ্য্যত নিয়োজিত কৰিবলৈ নিশ্চয় উদগনি যোগাব। যিটো অতি ভয়ংকৰ বতৰা। ক'ৰোনাৰ প্ৰভাৱত বৃহৎ ভাবে প্ৰতি হ্মেত্ৰতে মাধমাৰ পৰিছে। বৰ্তমান পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ শৈহ্মিক ভৱিষ্যতক লৈ ডাঙৰ প্ৰশ্ন চিহ্ন আহি পৰিছে।
আনুষ্ঠানিক শিক্ষা অচল হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি অনলাইন পদ্ধতিত শিক্ষা গ্ৰহণ কৰি আছে যদিও এই ব্যৱস্থাত আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকল দীৰ্ঘম্যাদী ভাবে ফলপ্ৰসূ হব বুলি আমাৰ মনে নধৰে। ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত অহ্ৰহ ভাত কাপোৰৰ লগত যুঁজি থকা পিতৃ মাতৃয়ে নিজৰ সন্তানক অনলাইন ক্লাছৰ বাবে এন্দ্ৰইড মোবাইল এটা যোগাৰ ধৰাত দুঃসাধ্য কথা। তাৰোপৰি যোৱা কাইবামাহো ভয় শংকাৰে ঘৰত আবদ্ধ হৈ থকা শিক্ষাৰ্থী সকলৰ মানসিক দিশটোৱেও অভিভাৱক সকলক বেছ চিন্তিত কৰি তুলিছে। বহুসময় মোবাইল ফোনটোৰ সৈতে জড়িত হৈ থাকিও, হতাশা, উগ্ৰতা আদি মানসিক অৱস্থাই তেওঁলোকৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। নিতৌ পাই থকা খৱৰ অনুযায়ী হতাশাত ভূগি কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহনৰ পথো অৱলম্বন কৰিছে। এই মহাসংকটৰ সময়ত অভিভাৱক সকলৰ কান্ধত ডাঙৰ দায়িত্ব পৰিছে। অভিভাৱক সকলে ল’ৰা-ছোৱালী সকলৰ মনোজগতৰ খা-খৱৰ লৈ থাকি তেওঁলোকক সংগ প্ৰদান কৰি সহযোগিতা আগবঢ়ালে এই দুঃসময় গৰকি আগবাঢ়ি যোৱাত তেওঁলোকৰ বাবে সম্ভৱ হ'ব। নহলে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিব। যিটো সমাজৰ বাবে অতি হ্মতিকাৰক হিচাপে বিবেচিত হব, যিহেতু তেওঁলোক দেশৰ ভৱিষ্যত।
সচাকৈ মাৰাত্মক কৰোনা মহামাৰীয়ে মানৱজাতিক স্বাৰ্থপৰ হবলৈও বাধ্য কৰালে। মৃত্যু ভয়ত আপোনজনৰ ওচৰত থিয় হবলৈও শংকিত কৰি তুলিছে। সামাজিক মিলামিছাত বাধা হৈ ইজনক সিজনৰ পৰা আতৰাই ৰাখিছে। যিহেতু মানুহ সামাজিক প্ৰাণী ,সেয়ে ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত বহু লোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিছে। এই ভয়াৱহ পৰিস্থিতিয়ে মানুহৰ মন মগজু এক প্ৰকাৰ পংগুপ্ৰায় কৰি পেলাইছে।
কিন্তু এটা কথা থিক যে, যদিও ক'ৰোনা মহামাৰীয়ে মানৱ জাতিৰ জীৱনত সীমাহীন নেতিবাচক প্ৰভাৱ পেলাইছে তাৰ মাজতো কিছু ইতিবাচক বাৰ্তা লৈ আহিছে। বহুলোকৰ জীৱন-জীৱিকা মষিমুৰ হৈছে। তাৰমাজতো কিছুলোকে নতুন চিন্তাধাৰাৰে, নতুন উদ্দীপনাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সহ্মম হৈছে। এই মহামাৰীয়ে মানুহৰ জীৱনৰ প্ৰতি থকা ধাৰণাও সলনি কৰিছে।পূৰ্বে ব্যস্ততাপূৰ্ণ সময়েৰে নিজক পাহৰাৰ উপক্ৰম ঘটা বহুলোকে এই সময়ত নিজক বিচাৰি পাবলৈ সহ্মম হৈছে। খোল খাইছে নিজৰ অন্তৰ্মুখী দুৱাৰ। বহুলোকে এই সময়ত নিজৰ লুপ্ত হৈ থকা প্ৰতিভা সুপ্ত কৰিছে। ব্যস্ততাই পূৰ্বে নিজৰ প্ৰিয় কামবোৰৰ পৰা আতৰাই ৰখা বহুলোকে এই সুদীৰ্ঘ সময়ত সেই কামবোৰ কৰিবলৈ সুবিধা কৰি দিছে। ব্যস্ততাই আপোনসকলৰ পৰা আতৰাই ৰখা বহু লোকে মোবাইল ফোনৰ জৰিয়তে হলেও তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। এই কঠিন সময়ে আকৌ ইজনে সিজনক সহায় কৰাৰ মনোভাবো মানুহৰ মনত জাগ্ৰত কৰিছে। আৰ্থিক ভাবে, মানসিক ভাবে ইজনে সিজনৰ সাহস হৈ থিয় দিছে। ক'ৰোনা মহামাৰীয়ে আমি পাহৰি যাব খোজা বহু কথাই নকৈ চিন্তা কৰিবলৈ আমাক বাধ্য কৰিছে। যিটো এই মহামাৰীৰ ইতিবাচক দিশ বুলি ভাবো।
মানুহ আশাবাদী। আশাই মানুহৰ ভৰসা।এই মহাসংকটৰ সময়ত আশাই মানুহক মানসিক ভাৱে শক্তিশালী কৰি এই যুজখনত যুঁজিবলৈ উদ্বুদ্ধ কৰি আছে। সজাগ সচেতন হৈ এই ব্যাধি নিৰাময় কৰি পুনৰ সুস্থ আৰু প্ৰগতিশীল সমাজখন ঘুৰাই আনিবলৈ আমি মানৱজাতি এদিন নিশ্চয় সক্ষম হম।
*****