ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
মাষ্টৰ বাবু
ৰেণুকা দাস
নিশা আঠ-ন'মান বাজিছে ।পদূলিমুখৰ পৰা শ্ৰীকান্তক ৰঞ্জনে নামকাঢ়ি মতা শুনি ওলাই গ'ল। অলপ পিছত আহি ছাৰ্ট এটা গাত সুমুৱাই আকৌ যাবলৈ ওলোৱাত ঘৈণীয়েকে সুধিলে-এই ৰাতিখননো কলৈ ওলালে ? সি সংক্ষেপতে উত্তৰ দি ক’লে-আহি আছোঁ ৰ'বা। তাই ভাবিলে গেলা গৰমটোও বৰকৈ পৰিছে নহয় ,এপাক গাত বতাহ লগাই আহিব চাগে !
ৰান্ধনীশালৰ কাম-বন অটাই তাই ল'ৰা-ছোৱালী দুয়োটাকে খুৱাই-বুৱাই বিছনাপাতি থিক কৰি দি শুৱাই থলে। শ্ৰীকান্ত আহিলে দুয়ো একেলগে খাব। ঘড়ীটোলৈ চালে -দহ বাজিছে। টি ,ভি চাবলৈ মন নগ'ল। কিছুসময় এনেয়ে ফেনৰ বতাহ লগাই বহি ৰ'ল। বহুত ৰাতিলৈ শ্ৰীকান্ত ঘুৰি অহা নাই তাই হামিয়াই-হিঁকটিয়াই কিছুসময় থাকি বিছনাত দীঘল দি পৰিল আৰু কেতিয়া টোপনি আহিল ততকে ধৰিব নোৱাৰিলে। শ্ৰীকান্ত লগৰ শিক্ষক ৰঞ্জনৰ লগত ওলাই গৈ ঘুৰি অহা নাই। ৰঞ্জনক বিদায় দি সি বহুত ৰাতিলৈকে তিনি আলিৰ চাহৰ দোকান খনৰ সন্মুখৰ বাঁহৰ চাংখনত বহি ৰ'ল। গাঁৱৰ দোকান সোনকালেই বন্ধ কৰে। ৰাস্তাঘাটো নিজম হৈ পৰে। কৰ্ম্মব্যস্ত মানুহবোৰে সোনকালেই নিদ্ৰাৰ কোলাত জিৰণি লয় ।
শ্ৰীকান্ত অপ্ৰাদেশিকৃত, ভেঞ্চাৰ স্কুল এখনৰ শিক্ষক। চৌব্বিশ বছৰ চাকৰি কাল পূৰ্ণ কৰা স্কুলখন এইবেলি চৰকাৰে প্ৰাদেশিককৰণ কৰিবলৈ গুণাগঁথা কৰা বুলি জানিব পাৰি গাঁৱখনত খদ্মদম্ লাগি আছিল । নালাগিবনো কিয় কেইবাখনো চৰকাৰ উত্থান-পতন হ'ল, কিন্তু কোনোখন চৰকাৰে এনেদৰে গাঁৱৰ চুকে- কোণে স্কুল স্থাপন কৰি ল'ৰা-ছোৱালীক শিক্ষাদান কৰি থকা ব্যক্তি বিশেষৰ কাৰ্য্যক প্ৰশংসা কৰা দেশৰ মানুহে নুশুনিলে , চৰকাৰী সাহায্য দিয়াটো দূৰৰ কথা ।
ইলেকচনৰ সময়ত গাঁৱলৈ দলবোৰ ভোট খুজিবলৈ আহে , স্কুলখনত বহি মেল মিটিং কৰে আৰু দুই-চাৰি হেজাৰ টকা কমিটীৰ সভাপতিজনৰ হাতত তুলি দিয়ে। প্ৰতিশ্ৰুতি দি যায় ইলেকচনত জিকিলে স্কুলখন যেনে তেনে চৰকাৰীকৰণ কৰি দিব। কিন্তু গালো-বালো সকলো খোলাকটিৰ তাল। প্ৰতিবাৰেই নতুন চৰকাৰ গঠন হয়; ৰাইজে আবেদন নিবেদন কৰি কৰি ভাগৰি পৰে; বিদ্যালয়খন চৰকাৰীকৰণৰ নামগোন্ধ কোনেও নলয় । প্ৰাদেশীকৰণৰ কাম কেতিয়াবা যে হ’ব ৰাইজৰ তৰফৰ পৰা আস্থা ভঙ্গ হৈ আহিছিল। কিন্তু শ্ৰীকান্তহঁত হতাশ হোৱা নাছিল। তেওঁলোকে অবৈতনিকভাবে শিক্ষাদান কাৰ্য্ চলাই থাকিল ।
এইবেলি কিছুমান আওপুৰনি অপ্ৰাদেশিক স্কুল চৰকাৰে ল’ব বুলি জানিব পাৰি শ্ৰীকান্তৰ বুকুখন গৰ্ব্ত ফুলি উঠিল৷ভাবিলে সৎভাবে কৰা কৰ্ম্মই এদিন নহলেও এদিন স্বীকৃতি লাভ কৰিবই। আজি কেইদিন মানৰ পৰা বিদ্যালয়ৰ নথিপত্ৰ বিভাগীও কার্যালয়ত জমা দিয়াৰ নামত সি তাতবাটি কাঢ়ি আছে কিয়নো স্কুল স্থাপন কালৰ পৰাই বহুধৰণৰ তথ্যপাতি যোগান ধৰিব লগা হৈছে । চৰকাৰৰ নিৰ্দেশ মর্মে সি বিদ্যালয়ৰ সকলো নথিপত্ৰ কাৰ্য্যালয়ত জমা দিয়া কাম সম্পন্ন কৰিছে ।
ৰঞ্জন শ্ৰীকান্তৰ বিদ্যালয়ৰে সহকাৰী শিক্ষক । আজি তেওঁ বজাৰৰ পৰা সন্ধিয়া উভতি অহাৰ সময়ত টাউনৰ শিক্ষা-বিভাগৰ কাৰ্য্যালয়ত কর্মৰত বন্ধু নাগেশ্বৰক বাছৰ পৰা নমা দেখি ওচৰ চাপি গৈ খা-খবৰ ললে লগতে স্কুলৰ খবৰো সুধিলে৷ তেওঁ দৈনিক বাছেৰে অহা-যোৱা কৰি কার্যালয়ৰ কাম চলাই আহিছে । নাগেশ্বৰে কলে- তোমালোকৰ বিদ্যালয়খনৰ নামটো লিষ্টত মই দেখা নাপালোঁ , কেইবাবাৰো চাই নামটো নেদেখি বেয়া লাগিছে, বুজিছা নে । মই যি শুনিছো সব টকা-পইচাৰ খেলা চলিছে। মন্ত্ৰী -আমোলাক যিয়ে টকা দিছে তাৰে কাম হৈছে ।বাকীবোৰ মিছা ।
ৰঞ্জনে খবৰটো শুনি মর্মাহত হৈ পৰিল । সি আকৌ এবাৰ সুধিলে -সঁচা নে? মোৰ মিছা কব লগা কিটো আছে , কোৱা ? স্কুলখন চৰকাৰী হলে মই জানো বেয়া পাম। ভালহে লাগিব । ভগৱানে গৰিবক চকু মেলি নেচায় যে সঁচা কথা । মনৰ আশা-ভৰষা মনতেই থাকি যাব । ইয়াকে কৈ সি তাৰ পৰা এৰা এৰি হ'ল ।
বাটে বাটে সি ভাবি আহিল শ্ৰীকান্তই খৱৰটো শুনিলে কি অৱস্থা হয় কোনে জানে। কিন্তু খৱৰটো জনাবই লাগিব, যদি পাৰে সি মন্ত্ৰী- এম, এল, এ কোনোবাক কাবৌ কৰি হলেও শেষ চেষ্টা এটা কৰিবও পাৰে । ঘৰত বজাৰ -সমাৰখিনি দি সি শ্ৰীকান্তৰ ঘৰলৈ খোজ ললে ।
ইতিমধ্যে বিদ্যালয়খন চৰকাৰে লোৱাৰ কথা চৌদিশে প্ৰচাৰ হৈ গৈছে ।শ্ৰীকান্ত চাৰক সকলোৱে ধন্যবাদ দিছে । অন্তত: গাঁৱখনত এখন চৰকাৰী স্কুল হ'ল । তেওঁৰ চেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰিলে৷ শ্ৰীকান্ত উৎসাহিত হৈছে৷ ঘৈণীয়েক মনিমাক কথা এষাৰ শুনাই থৈছে "দেউতাৰে ভেন্সাৰ স্কুলৰ শিক্ষকলৈ বিয়া নিদিম বুলি কৈছিল নহয়, খবৰটো দিবা আকৌ"। মনিমাই ওলোটাকে মাত দি কলে- মোৰ ভাগ্যতেই তোমাৰ স্কুলৰ চাকৰি হ'ল দিয়া । দেউতাক নকলেও হ’ব ।
শ্ৰীকান্ত সহজ-সৰল মানুহ৷ ধৈৰ্য্যশীল আৰু পৰোপকাৰী। দেউতাকৰ সা-সম্পত্তিৰে সি পৰিয়াল পোহপাল দি আছে । ঘৈণীয়েক আৰু ল'ৰা-ছোৱালী দুটিৰে আটোমটোকাৰী সংসাৰ । আকালো নাই, ভৰালোঁ নাই। অৱশ্যে স্কুলখন চৰকাৰে ল'লে ৰাইজৰ লগতে তেওঁৰো উপকাৰ হব অন্তত: দা-দৰমহা বুলি টকাসিকি কেইটামান নিশ্চয় পাব । তদুপৰি চৰকাৰী শিক্ষকৰ মর্যদাই বেলেগ । তেওঁৰ মনটো যথেষ্ঠ উৎফুল্লিত হৈ উঠে । শিক্ষকতা এটা ব্ৰত তাৰ মনত। নিষ্পাপ শিশুসকলৰ মাজত দিনটো কেনেদৰে পাৰ হয় তাৰ খেয়ালে নাথাকে। সহকৰ্ম্মীজনে ওচৰলৈ আহি ছুটীৰ সময় হোৱা বুলি কলেহে সি স্কুলৰ বেলটো বজাই দিবলৈ ছাত্ৰ এজনক অনুমতি দিয়ে ।
ৰঞ্জনৰ মুখে কথাষাৰ শুনি তাৰ মূৰত যেন ব্ৰজপাতহে খহি পৰিল। সি থিয় দি থকা শক্তিকণো যেন হেৰুৱাই পেলালে । ৰঞ্জনে কথমপি ধৰি লৈ গৈ নিলগত থকা দোকানৰ চাংখনত বহুৱাই দিলে আৰু নিজেও বহিল৷ একমুহূর্তৰ বাবে সি যেন অজ্ঞান হৈ পৰি যাব এনে লাগিল । যদি সঁচাকৈয়ে স্কুলখন বাদ পৰিল কিমান লাজৰ কথা হব৷ আৰু এইবাৰ যদি প্ৰাদেশীকৰণ নহয় ভৱিষ্যতে হোৱাৰ কোনো আশা নাই ।স্কুল স্থাপনৰ পৰাই কিমান চৰকাৰ আহিল গ'ল কোনেও স্কুল খনৰ কথা নেভাবিলে এইবেলি আশাৰ ৰেঙনি এটা দেখিছিল যদিও সেয়াও বাস্তৱ হৈ উঠাৰ আশা তেনেহলে আৰু নাই। ৰোৱা-তোলাৰ কামখিনি হলে নিজেই অফিচলৈ গৈ খবৰ খাতি ল’ম বুলি ভাবি থাকোতে এনেকুৱা এটা বেয়া খৱৰ শুনিব বুলি সি কল্পনা কৰা নাছিল। খেতি-ৰুৱা কাম থকা বাবে দুদিনমান সি অফিচলৈ যাব পৰা নাছিল । এইকেইদিনতে কোনে বাৰু মুৰত মাধমাৰ মাৰিলে । হোৱা কামটো নোহোৱা কৰি থৈ ফুলকুমলীয়া ল'ৰা-ছোৱালীবোৰৰ ভৱিষ্যৎ অন্ধকাৰ মাতি আনিলে । মানুহ ইমান স্বাৰ্থপৰ কেনেকৈ হ’ব পাৰে । অইনৰ বঢ়া ভাত কাঢ়ি খাবলৈ অকনো লজ্জাবোধ নকৰে। এখন বিদ্যালয়ৰ নামৰ ঠাইত আন এখন বিদ্যালয়ৰ নাম সুমুৱাই দি নথিপত্ৰ জমা দিলেই যদি চৰকাৰে গ্ৰহণ কৰে তেনেহলে আজি ছব্বিছ বছৰে কিয় ইমান গাধৰ খাটনি কৰি থাকিলো ।
তাৰ বুকুখন ধৰফৰ কৰিবলৈ ধৰিলে। স্কুলখনক লৈ দেখা সপোনবোৰ ধুলিসাৎ হ'ল তেনেহলে। এইকেইদিন স্কুলখনৰ বাবেই খেতিৰ কামত কম খৰখেদা লগাইছেনে ! গৰমৰ বন্ধ শেষ হবলৈ কেইদিনমানহে আছে, স্কুল খুলিবই আৰু । দ' পথাৰৰ মাটিখিনি বানপানীৰ বাবে ৰুব পৰা নাই। তেনেই পৰি আছে ।এতিয়া জুলাইৰ শেষ। পানী কমিল।সোনকালে ৰুই শেষ কৰিব লাগে। অফিচলৈকো যাব লাগিব ।
শ্ৰীকান্তহঁতৰ ওচৰৰ গাঁৱখনত ৰঞ্জনৰ ঘৰ । দুয়ো প্ৰায় সমবয়সীয়া । বি, এ পাছ কৰি দুয়ো এনেয়ে আড্ডামাৰি ঘুৰি ফুৰিছিল। এদিন গাঁৱৰ সৰু সৰু ল'ৰা-ছোৱালীবোৰ তিনি মাইল দুৰৰ গাঁৱত থকা প্ৰাথমিক স্কুলত টিকাফটা ৰ'দত খোজকাঢ়ি খোজকাঢ়ি পঢ়িবলৈ যোৱা দেখি সিঁহতৰ দুখ লাগিল। গাঁৱত স্কুল এখন পাতিলে কেনে হ’ব দুয়ো বহুত সময় এই বিষয়ে আলোচনা কৰিলে। স্কুল এখন স্থাপন কৰা সহজ কথা নহয় গাঁৱৰ সকলো মানুহৰ সহযোগিতা লাগিব সিঁহতে গাঁৱৰ মুখীয়াল মানুহ বোৰক লগ ধৰি স্কুল এখনৰ যে প্ৰয়োজন এই বিষয়ে বুজাপৰা কৰিবলৈ সিদ্ধান্ত ল'লে । দুয়ো স্কুল এচ, আই এজনকো লগ কৰি কথাটো জনোৱাত তেও দিহাপৰামৰ্শ দি কলে -গাঁৱত স্কুল থকা কথাটো খুবেই ভাল । তোমালোক শিক্ষিত ডেকা । শিক্ষাৰ সৎ ব্যৱহাৰ কৰা । প্ৰথমে এখন ৰাজহুৱা মিটিং পাতি ৰাইজৰ লগত কথাটো আলোচনা কৰা। শুভ কামত সকলোৱে সহযোগ কৰিব। মিটিঙত স্কুল কমিটি এখন গঠন কৰি লোৱা। ৰাইজৰ দান-বৰঙণিৰে স্কুলখন শুভাৰম্ভ কৰা। দুয়ো তাত অবৈতনিক শিক্ষক হিচাবে সোমাই লোৱা। কেইবছৰমান পিছতহে চৰকাৰে লৈ লব। মই যিখিনি পাৰো নিশ্চয় তোমালোকক সহায় কৰিম ।
সিঁহতৰ উৎসাহতে গঞাৰাইজে স্কুলখন পাতি শ্ৰীকান্তক হেডপণ্ডিত আৰু ৰঞ্জনক সহকাৰী শিক্ষক হিচাপে দায়িত্ব দিলে। গাঁৱৰ গৰু-ছাগলীৰ চৰণীয়া পথাৰখনৰ এটা অংশ ৰাইজে স্কুলৰ নামত নামজাৰি কৰি ল’লে৷ মাজে সময়ে স্কুল এচ, আই জন আহে ,খা-খবৰ লয়। সিঁহতক বুজনি দিয়ে -
চৰকাৰীকণ হ’লে তোমালোকৰ চাকৰি নিয়মীয়া হৈ যাব ,চিন্তা নাই । মই পৰামৰ্শ দিব পাৰো , চৰকাৰক অনুৰোধ জনাব পাৰো , ইয়াতকৈ মোৰ হাতত বেছি ক্ষমতা নাই। দিনবোৰ গৈ থাকে , বছৰবোৰ শেষ হৈ থাকে স্কুল চৰকাৰীকৰণৰ কোনো নাম-গোন্ধ নাই। এই স্কুলৰ পৰা পাছ কৰি ওলাই যোৱা দুই-একে চাকৰি-বাকৰি পালে । সিঁহতক দেখি আত্মসন্তুষ্টি প্ৰকাশ কৰে দুয়োজন শিক্ষক ।
আজি ২৪ বছৰ হৈ গ'ল , অভাৱ অনাটন সহ্য কৰি দা-দৰমহা নোলোৱা কৰি স্কুল খন সিঁহতে চলাই আছে । হতাশ হোৱা নাই। কেইবাখনো চৰকাৰ ভঙাপতা হল । স্কুলখনত বহি ভোটৰ সময়ত মেল-মিটিং কৰি যায়, গাঁওবাসীক ভোটত জিকিলে স্কুলখন চৰকাৰে লোৱাৰ কথা পাতিব বুলি আশ্বাস দি যায় । কাম কিন্তু হৈ নুঠে । ৰাতি হৈছিল ।ৰঞ্জনে শ্ৰীকান্তৰ লগত বহুত সময় সুখ দুখৰ কথা পাতি ঘৰলৈ যাম বুলি থিয় হৈ শ্ৰীকান্তকো ঘৰলৈ যাবলৈ কলে। খৱৰটো দিম বুলি আহি বহুত দেৰী হল , ঘৈণীয়ে বকিব। কপালত যি আছে সেয়ে হ’ব ,ভাবিচিন্তি একো লাভ নাই। আমি পুৰ্ব্বজন্মত কিবা দোষ কৰি আহিছো কিজানি সেয়ে ডেকা কালচোৱা এইদৰে গোলাম খাটোতেই গ'ল। এতিয়া ঘৰলৈ যোৱা, ৰাতি ভালেখিনি হ'ল । ময়ো যাওঁ । এই বুলি কৈ সি গুচি গ'ল।
ৰঞ্জন যোৱাৰ পিছত বহুত সময় সি কান্দি কান্দি পাৰ কৰিলে । ভাবিলে কাইলৈ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব। জীৱনত এনেকুৱা শোক সি পোৱা নাই। হঠাৎ আকৌ তাৰ মূৰটো আচন্দ্ৰাই ধৰিলে থিয় হ’ব খুজিও বহি পৰিল । কিছুসময় পিছত সি সুস্থ হ'ল যদিও ঘৰলৈ ঘুৰি নগৈ চাংখনতে বহি ৰ'ল ।.....
পিচদিনা ৰাতিপুৱা গাঁৱখনত হুলস্থুল লাগি পৰিছে । স্কুলৰ খেলপথাৰত গৰু দৰখ দিবলৈ অহা মানুহ এজনে দূৰৰ পৰাই দেখিলে বাৰাণ্ডাৰ বাটামত মানুহ এজন ওলমি আছে। ভয়ে ভয়ে ওচৰলৈ গৈ মানুহজন চিনিব পাৰি সি চিঞৰ- বাখৰ লগাই গাঁৱৰ মানুহক খৱৰ দিলেগৈ ।
স্কুলৰ খেলপথাৰ কিছুসময় পিছতেই লোকে- লোকাৰণ্য হ'ল। তেওঁ কিয় এনেকুৱা কাম কৰিলে বাৰু ! ইমান শিক্ষিত, গুনী-জ্ঞাণী মানুহজন কিয় এইদৰে আওমৰণে মৰিলে ! উস্ উস্ ! গাঁওবুঢ়াই মৃতকৰ ঘৰত খবৰটো দিয়াৰ ব্যৱস্থা কৰি দুজন মানুহ শ্ৰীকান্ত মাষ্টৰৰ ঘৰলৈ পঠিয়াই দিলে ।
জপনা খুলি এজনে একো নজনা ভাওজুৰি চিঞৰি সুধিলে - মাস্টৰ বাবু ঘৰত আছে নে ??
আস্ত-ব্যস্ত কৈ ওলাই আহিল মনিমা । কলে -
নাই অ' বোপাই। ৰাতি ন' বজা মানতেই কলৈ জানো ওলাই গৈছে এতিয়ালৈকে ঘূৰি অহা নাই -
মনিমা চোতাললৈকে ওলাই আহিছিল । আগন্তুক দুজনৰ এজনে আগবাঢ়ি আহি বিনম্ৰভাবে কলে -
আপুনি আমাৰ লগত স্কুলঘৰলৈকে আহকচোন। তাত বহুত মানুহ গোট খাইছে।
কথা শুনি মনিমাৰ গাটো জিকাৰ খাই উঠিল মুখেৰে মাথোন অস্ফুট ধ্বনি এটা ওলাই আহিল "কিয় !! " একমুহূর্তৰ বাবে তাই স্কুলত কি ঘটিছে , শ্ৰীকান্তই তাত কি কৰিছে ভাবি নেপালে , একো নুসুধিলেও । উধাতু খাই লগে লগে স্কুললৈ বেগাই খোজ ল'লে ।
পিছে পিছে মা ' মা কৰি অহা ল'ৰা-ছোৱালী দুটিক আগন্তুক এজনে হাতত ধৰি লৈ আহিল ।...
শিক্ষক শ্ৰীকান্তৰ মৃত্যুত শোকৰ ছাঁ পৰিল গোটেই অঞ্চলজুৰি৷ এজন অমায়িক সমাজপ্ৰেমী শিক্ষক হিচাপে সকলোৱে তেওঁক ভাল পাইছিল , শ্ৰদ্ধা কৰিছিল। অপ্ৰাদেশিক শিক্ষক সন্থাই জাঙুৰ খাই উঠিল। সাংবাদিক আহিল , পেপাৰে-পত্ৰই মৃত্যুৰ বাতৰি প্ৰকাশ হ'ল । শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিভিন্ন মেল-মিটিং পাতি চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিলে। অৱহেলিত অপ্ৰাদেশিক স্কুলৰ শিক্ষকসকলৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাই শিক্ষক সকলৰ মাজত প্ৰতিবাদৰ জোঁৱাৰ উঠিল। অবৈতনিক শিক্ষক জানো শিক্ষক নহয় ? শিক্ষাৰ পোহৰ বিলোৱা এই শিক্ষক সকলৰ কথা ভাবিবলৈ কাৰো আহৰি নাই কিয় ? কিয় তেওঁলোকক থেলি দিয়া হয় মৃত্যুৰ মুখলৈ ??