ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
কবিতাৰ পাঠদান
ৰঞ্জিত কুমাৰ কলিতা
বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্যতম বিষয় ‘ভাষা’ৰ পাঠ্যপুথিত ‘কবিতা’ ই গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে৷ভাষা শিকন আৰু সাহিত্যিক অনুভুতি জগাই তোলাত ‘কবিতা’ৰ পাঠসমূহে ছাত্ৰ-ছাত্ৰীৰ মনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে ৷ প্ৰাথমিক স্তৰৰ কোমলমতীয়া শিশুসকলৰ মনত পদ্য তথা শিশু-কবিতাসমূহে যি আনন্দ আৰু ৰসাস্বাদন দিয়ে, সিয়ে পৰবর্তী সময়ত নিজ ভাষা সাহিত্যৰ প্ৰতি তেওঁলোকক অনুৰাগী কৰি তোলাত অৰিহণা যোগায়৷ সেয়েহে বিদ্যালয় পর্যায়ত কবিতাৰ শিক্ষণ-শিকন অর্থাৎ পাঠদানে শিশুৰ ব্যক্তিত্ব বিকাশত বিশেষ তাৎপর্য বহন কৰে৷
কবিতাৰ মূলতঃ তিনিটা প্ৰভাৱশালী দিশ আছেঃ আৱেগিক, কাল্পনিক আৰু ছন্দোময়তা৷ ইয়াক অনুভূতিৰে উপলদ্ধি কৰিব লাগে ৷ সেয়েহে কবিতাৰ পাঠদান কৰাৰ বাবে কোনো নিদিষ্ট পদ্ধতি অৱলম্বন কৰিব নোৱাৰি৷ প্ৰতিটো কবিতাৰ নিজৰ বৈশিষ্ট্য আৰু গঠন অনুযায়ী পাঠদানো ভিন ভিন শৈলী বা প্ৰণালীৰে কৰিব লাগে৷ তাৰ বাবে শিক্ষক সকলে বা শিকাওঁতাই কবিতাৰ পাঠদান কৰিবলৈ যোৱাৰ আগতে সঠিকভাৱে প্ৰস্তুতি আৰু পৰিকল্পনা কৰি থ’ব লাগে৷ আমি জানোঁ যে কবিতা পাঠৰ মুখ্য উদ্দেশ্যই হৈছে ভাষা-সাহিত্যৰ সৌন্দর্যেবোধ জগাই তোলা আৰু সাহিত্য পাঠৰ আনন্দ প্ৰদান কৰা৷ কবিতাৰ পাঠদানৰ সাধাৰণ উদ্দেশ্যাৱলী হৈছে-কবিতাৰ সৌন্দর্য, ছন্দ আৰু শৈলী উপলদ্ধি কৰা, ছন্দ, লয়, তাল-মান ৰাখি পঠন কৌশল আয়ত্ব কৰা, আবৃত্তি কৰি আৰু শুনি কবিতা উপভোগ কৰা, কবিতাৰ ভাৱ আৰু কল্পনা অনুধাৱন কৰা, আবেগ নিয়ন্ত্ৰণ কৰা, সাহিত্য-প্ৰেম জাগ্ৰত কৰা আৰু সৌন্দর্যবোধ তথা চেতনা জগাই তোলা৷ আনহাতেদি ইয়াৰ বিশেষ উদ্দেশ্যাৱলী কবিতাৰ প্ৰকাৰ অনুযায়ী বিভিন্ন ধৰণৰ হ’ব পাৰে৷ প্ৰধানকৈ কবিতাত নিহিত হৈ থকা পৰিস্থিতি বা পৰিৱেশ, দৃশ্য বা পটভূমি, ভাৱ তথা চিন্তাদর্শন অনুসৰি প্ৰতিটো কবিতাৰ বিশেষ উদ্দেশ্য থাকে৷ যেনে-কবিতাটি পর্যালোচনা তথা প্ৰশংসা কৰিব পৰা, শুদ্ধ উচ্চাৰণেৰে ছন্দ আৰু তাল অটুট ৰাখি পঢ়িব পৰা, কবিতাৰ সাৰাংশ বুজি পোৱা, কবিয়ে কবিতাৰ মাধ্যমেৰে দিয়া বার্ত্তা বা বিষয় বস্তু উপলদ্ধি কৰা, ইত্যাদি৷
সাধাৰণতে উপযুক্ত পাঠ-পৰিকল্পনা যুগুতিয়াই লৈ শিক্ষকে কবিতাৰ পাঠদানত অগ্ৰসৰ হ’ব লাগে৷ স্বাভাৱিক শিক্ষণ পদ্ধতি অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্বজ্ঞানৰ অনুমান লৈ প্ৰাসংগিক ক্ৰিয়া-কলাপৰ মাজেৰে তেওঁলোকক কবিতাৰ পাঠগ্ৰহণৰ বাবে অভিৰোচিত বা আগ্ৰহান্বিত কৰি তুলিব লাগে৷ তাৰ পিছত ল’ব লগীয়া পদক্ষেপ এনেধৰণৰ হ’ব পাৰেঃ ব্যাখ্যা কৰাৰ আগতেই কবিতাত থকা কঠিন অচিন শব্দ বা আচহুৱা বাক্যাংশৰ সৈতে পৰিচয় কৰাই দিয়া, শুদ্ধ উচ্চাৰণ, সুৰ, ছন্দ, শ্বাসাঘাত, প্ৰকাশভংগী আদিৰ প্ৰতি লক্ষ্য ৰাখি আদর্শ পঠন আগবঢে়াৱা, সৰৱ আৰু নীৰৱ পঠন কৰি পর্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীসকলক কবিতাৰ সৈতে একাত্ম হ’বলৈ দিয়া, কবিৰ সম্যক পৰিচয়ৰ লগতে কবিতাৰ অন্তর্নিহিত ভাৱ, চিন্তা, চিত্ৰকল্প, আবেগ, ভাষিক সৌন্দর্য আৰু শৈলী আদি অনুধাৱন কৰা, একেধৰণৰ আৰু অন্যান্য কবিতা পঢ়াৰ প্ৰতি ধাৰণা দিয়া, গাইগুটীয়া আৰু সমূহীয়াভাৱে আবৃত্তি কৰা,ইত্যাদি৷ পাঠ্যপুথিত থকা গদ্য বা অন্যান্য পাঠৰ লেখীয়াকৈ কবিতা পাঠৰ মূল্যায়ন প্ৰক্ৰিয়া একেশাৰীতে ৰখা উচিত নহয়৷ প্ৰজ্ঞাত্মক দিশৰ পৰীক্ষা লোৱাৰ সলনি ছাত্ৰ-ছাত্ৰীৰ কাব্যিক অনুভূতি, সাহিত্যিক সৌন্দর্যবোধ আৰু সৃজনীমূলক প্ৰতিভাৰ মূল্যায়ন কৰাৰ আহিলা হিচাপেহে ‘কবিতা’ৰ পাঠ ব্যৱহাৰ কৰিব লাগে৷ তাৰ বাবে মূল্যায়ন আহিলাত কবিতা পাঠ সম্পর্কীয় প্ৰশ্নসমূহ অৱতাৰণা কৰোতে শিক্ষক প্ৰশ্ন কর্ত্তাই যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ৷ তেতিয়াহে শিশু বা ছাত্ৰ-ছাত্ৰীসকলৰ মনত কবিতা বিষয়ক পৰীক্ষা ভীতিয়ে গা কৰি উঠাৰ সলনি কবিতাক এক আনন্দ লাভৰ মাধ্যম হিচাপে গণ্য কৰাৰ মানসিককতা গঢ় লৈ উঠিব বুলি আশা কৰা যায়৷ ভৱিষ্যতে আজিৰ শিকাৰুসকলৰ মাজৰ পৰাই আমাৰ ভাষা-সাহিত্যৰ ধাৰক কবি-সাহিত্যিকসকলক সৃষ্টি হ’ব লাগিব ৷ গতিকে শিশুসকলৰ বাবে সাহিত্য-চর্চা কৰাৰ উপযুক্ত পৰিৱেশ শিক্ষক আৰু অভিভাৱকসকলেই গঢ়ি তুলিব লাগিব৷ তাৰে অংশ স্বৰূপে এক কার্যকৰী আৰু সুদূৰপ্ৰসাৰী কার্য হিচাপে কবিতাৰ-পাঠদানৰ ভূমিকা নিশ্চয়কৈ অনস্বীকার্য৷
*****
দবাৰ প্ৰয়োজনীয়তা
দিগন্ত চহৰীয়া
দবা মগজুৰ খেল। দবাত পুৰুষ মহিলা, ল'ৰা ছোৱালী উভয়ে একেলগে প্ৰতিদ্বন্দিতা কৰিব পাৰে । বয়সৰো কোনো কথা নাই। কম বয়সৰ খেলুৱৈৱে বেছি বয়সৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব পাৰে। দবা খেলিলে মগজুৰ ব্যায়াম হয়। মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়। ধীৰ স্থিৰ হয়। ধৈৰ্যশক্তি বাঢ়ে। সংযমী হয়।
দবা শিকাৰ আদৰ্শ সময় বুলি কলে, দুই তিনি বছৰ বয়সৰ পৰাই শিশু এগৰাকীক দবাৰ সৈতে পৰিচয় কৰাই দিলে ভাল। বৰ্তমান চছিয়েল মিডিয়াৰ বিস্ফোৰণৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলে কম বয়সৰ পৰাই ফেচবুক, ৱাটছএপৰ প্ৰতি আসক্ত হয়। চছিয়েল মিডিয়া বেয়া নহয়, ব্যৱহাৰ কৰিব জানিলে চছিয়েল মিডিয়াৰ পৰা উপকৃত হ'ব পাৰি। কিন্তু পঢ়াৰ বোজাৰ মাজত বেছি সময় ফেচবুক, ৱাটছএপ আদিত থাকিলে ক্ষতি হোৱাৰ আশংকাই প্ৰবল। তেনেস্থলত ছাত্ৰ ছাত্ৰীক দবাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে ভাল ফলাফল আশা কৰিব পাৰি। দবা বুলি নহয়, কৈশোৰ যৌৱনৰ সন্ধিক্ষণত ছাত্ৰ ছাত্ৰীক খেল বা যিকোনো ভাল বিষয়ৰ সৈতে জড়িত কৰাই ৰাখিব পাৰিলে, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কেৰিয়াৰত নিঃসন্দেহে ইতিবাচক প্ৰভাৱ পৰিব। কেৰিয়াৰ নষ্ট হোৱাৰ ভয় নাথাকে । উচ্ছৃংখলতা ৰোধৰ ক্ষেত্ৰত দবা খেলৰ ভূমিকাক কোনোৱে নুই কৰিব নোৱাৰে।
দেশৰ বহুকেইখন ৰাজ্যৰ বিদ্যালয়ত দবা বাধ্যতামূলক খেল। অসমৰ চৰকাৰী স্কুলত কিন্তু দবা খেলক গুৰুত্ব দিয়া হোৱা নাই । অৱশ্যে গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলত দবাক বিষয় হিচাপে ৰখা হৈছে। ফলস্বৰূপে গুৱাহাটীত প্ৰতিভাশালী দবাৰুৰে ভৰি পৰিছে। অসম চৰকাৰে দবাক স্কুল সমূহত বাধ্যতামূলক কৰা উচিত । ভাল খেলুৱৈ সৃষ্টি হোৱাত এই পদক্ষেপে নিশ্চয় সহায় কৰিব। সমাজৰ বাবেও ইতিবাচক প্ৰভাৱ পেলাব।
দবা খেলৰ সামাজিক প্ৰভাৱ আছে। আগতেও কৈছো, দবা খেলুৱৈ ধীৰ স্থিৰ, সংযমী হয়। যদি দবা এক সংস্কৃতি হিচাপে গঢ়ি উঠে, তেন্তে নিশ্চয়কৈ সমাজৰ কিছুমান নেতিবাচক দিশ নিৰ্মূল হব। লগতে বিশ্বমানৰ দবা খেলুৱৈ সৃষ্টি কৰিবলৈ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ প্ৰয়োজন। দবাৰ পাৱাৰ হাউছ ৰূপে স্বীকৃত অন্ধ্ৰ,তামিলনাডু আদি ৰাজ্যত প্ৰতি বছৰে দহখন মান ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা সমূহত দেশৰ আগশাৰীৰ খেলুৱৈৱে অংশ লয়। লগতে গ্ৰেণ্ড মাষ্টাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় বহুকেইখন উচ্চমানৰ প্ৰশিক্ষণ । বিদেশৰ গ্ৰেণ্ড মাষ্টাৰো আহে। উচ্চ ৰেংকিঙৰ খেলুৱৈৰ সৈতে খেলিলে নিজৰ খেলৰ উত্তৰণ ঘটা স্বাভাৱিক ।
অসমত দবাৰ এক সুস্থ পৰিবেশ গঢ়ি নুঠা নহয়। প্ৰতিযোগিতা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । এয়া শুভ লক্ষণ । পিছে এয়াই যথেষ্ট নহয়। আৰু অধিক প্ৰতিযোগিতা নিয়মীয়াকৈ অনুষ্ঠিত হোৱা প্ৰয়োজন। লগতে নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উচিত। বৰ্তমান অসমত ফিডে ৰেটিং লাভ কৰা দবাৰুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।। কিন্তু এইপৰ্যন্ত এজনো ইণ্টাৰনেচনেল মাষ্টাৰ নাই। এনে পৰিপ্ৰেক্ষিতত দবাৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছে।
****