ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
চিনে আলোচনা
হাউলীত ‘ভোগ’
~~~ ৰাণা খাটনিয়াৰ
ৰজা চণ্ডীবৰুৱাৰ ৰাজহাউলীত ‘ভোগ’৷ সদাশয় পাঠকবৃন্দৰ বাবে কথাটো সহজ কৰিবলৈ ক’ব লাগিব যে, এই ভোগ মুখৰ তৃপ্তি কিম্বা উদৰৰ শান্তিৰ ভোগ নহয় ৷ এই ভোগ হৈছে সংস্কৃতি-প্ৰেমীৰ মন-মগজুক সন্তষ্ট কৰাৰহে প্ৰয়াস ৷ কাৰণ ইয়াত ক’বলৈ চেষ্টা কৰা হৈছে চম্পক কুমাৰ নাথৰ ছুটি ছবি ‘ভোগ’ৰ কথা ৷ যদিও হাউলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন দিশত চহকী, কিন্ত যোৱা প্ৰায় এটা দশক নাট্য-সংস্কৃতিৰ ক্ষেত্ৰত কিছু মৌন থকা পৰিলক্ষিত হৈছিল ৷ কিন্ত কিছু শিল্পী মনৰ এচাম যুৱকে নাটক চৰ্চা আৰু উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যত নিয়োজিত হোৱা পৰিলক্ষিত হৈছে, যাৰ গুৰি ব’ঠা ধৰিছে উদীয়মান নাট্যকাৰ-অভিনেতা চম্পক কুমাৰ নাথে ৷ এইক্ষেত্ৰত তেওঁলোক ভবাতকৈ অধিক সফল হোৱা বুলিও বিভিন্ন সময়ত বিভিন্ন লোকে চৰ্চা কৰাও দেখা গৈছে৷ কিন্ত দুখৰ বিষয়, এই যাত্ৰাই অধিক গতি ল’বলৈহে লৈছিল, সেইময়ত সমগ্ৰ বিশ্বক জোকাৰিব ধৰিলে কৰোণা মহামাৰীয়ে৷ এই পৰিপ্ৰেক্ষিতত চম্পক কুমাৰ নাথৰ সৈতে আমাৰ হোৱা এক বাৰ্তালাপত তেওঁ জনায় যে, পৰিস্থিতিৰ সৈতে খোজ মিলাই সৃষ্টি কৰ্ম অব্যাহত ৰাখিব আৰু (তেওঁৰ ভাষাতেই) দুঃসাহস কৰি পৰিকল্পনা কৰিছিল এখন ছুটি ছবি যাৰ নাম ‘ভোগ’৷ কথামতেই কাম আৰু ০৬-০৯-২০২০ ইং তাৰিখে আনুষ্ঠানিকতাৰ মাজেৰে মুক্তি লাভ কৰিলে ‘ভোগ’ ৷
এতিয়া আহিছো মূল বিষয় অৰ্থাৎ ছবিখনৰ কথালৈ ৷ প্ৰথমতেই ক’ব লাগিব ২৮.৫৪ মিনিট দৈৰ্ঘৰ এই ছুটি ছবিখনৰ লগত জড়িত প্ৰায় প্ৰতিজন কলা-কুশলীয়ে ছবিৰ ক্ষেত্ৰত নতুন৷ কিন্ত আচৰিত কথা, সেই কথা ছবিখন উপভোগ কৰিলে হয়তো বিশ্বাস কৰিবলৈ টান হ’ব ৷
নাটক লিখা বা পৰিচালনা কৰাৰ ক্ষেত্ৰত যদিও ছবিৰ পৰিচালকৰ যথেষ্ট অভিজ্ঞতা আছে কিন্ত তেওঁৰ মতে কেমেৰাৰ কাম, তেওঁৰ বাবে এয়াই প্ৰথম (যদিওবা তেওঁৰ কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অভিজ্ঞতা আছে)৷ কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সমগ্ৰ দেশত জাৰি কৰা ল’কডাউন’ৰ বাবে সমাজৰ মধ্য-নিম্নবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱনত যি নৰক যন্ত্ৰণাই গা কৰিছে তাক মূল বিষয় হিচাপে লৈ ছবিখনৰ কাহিনী আগবাঢ়িছে ৷ কাহিনীত বিঘিনি নপৰাকৈ তাৰ সমান্তৰালভাৱে, সেই শ্ৰেণীৰ প্ৰতি ‘সমাজৰ’ দায়বদ্ধতাৰ দিশটো ফুটাই তোলা হৈছে আৰু এইখিনিতেই পৰিচালকৰ সফলতা মানিব লগীয়া৷অভিনয়ৰ দিশটোত প্ৰতিজন শিল্পীয়েই সফল৷ মূখ্য ভূমিকাত কপিল চৌধুৰীৰ অভিনয় শলাগিবলগীয়া ৷ শিশু শিল্পী অংকিতাৰ অভিনয় বা প্ৰকাশভঙ্গীৰে দর্শকৰ মন ভৰাই তুলিছে ৷ আন আন চৰিত্ৰসমূহৰ সহযোগী অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ক, এবাৰলৈও উমান নাপাব যে, প্ৰায়কেইগৰাকীয়েই কেমেৰাৰ সন্মুখত নতুন ৷
কেমেৰাৰ, চিনেমেট’গ্ৰাফী, সম্পাদনাক বিশাল দাস আৰু প্ৰবালদ্বীপ দাসৰ দ্বাৰা নিপুন ভাবে কৰা হৈছে। কথাছবিখনৰ আন এটা বৃহৎ যোগাত্মক দিশ হ্ল ছবিখনত ব্যৱহাৰ কৰা আৱহ সংগীত। আৱহ সংগীতে ছবিখনৰ কাহিনী আগবঢ়াই নিয়াত আৰু চৰিত্ৰসমূহৰ আৱেগক ফুটাই তোলাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, মুঠৰ ওপৰত সম্পূৰ্ণ ছবিখন চিনেমাৰ ভাষাত এটা “Success Package”.
শেষত, আসোৱাহ বা “Silly Mistake” (Silly Mistake, বুলি এইকাৰণেই কোৱা হৈছে কাৰণ সমগ্ৰ টিমটোৰ এয়া প্ৰথম প্ৰচেষ্টা) এয়াই যে, প্ৰথম এটা দৃশ্যত মূখ্য ভূমিকা ‘অনল’ক সচেতন বাটৰুৱা এগৰাকীয়ে, চৰকাৰী নিয়ম অনুসৰি ‘Mask’ পৰিধান কৰিব কোৱা দেখা গৈছে ৷ কিন্ত কথাখিনি বা ‘Dialogue’ টো কোৱাৰ সময়ত বাটৰুৱাগৰাকীৰ মুখত ‘Mask’ থকাটো জৰুৰী আছিল ৷ ছবি আৰু নাটকৰ মূল পাৰ্থক্য এইখিনিতেই যে ছবিত ‘Dialogue’ ত কৈ Expression হৈ অধিক কথা ক’ব লাগে ৷ যিটো ছবিখনৰ তিনি চাৰিটামান চিনত গুৰুত্ব দিয়া নহ্’ল ৷ তিনি, দুই এটা Shot ত কেমেৰা অপ্ৰয়োজনীয়ভাৱে লৰচৰ হোৱা দেখা গৈছে।
এয়া মাত্ৰ আৰম্ভণীহে, চম্পক কুমাৰ নাথ আৰু তেওঁৰ দলৰ তৰফৰ পৰা অনাগত দিনত, অধিক সৃষ্টিমূলক কাম হ’ব ৷ ভাল-ভাল নাটক-ছবি ৰাইজে উপহাৰ পাব সেয়া বিশ্বাস।
****