ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
ধামমুখীয়া-১
চম্পক কুমাৰ নাথ-
বর্তমান সমাজ ব্যৱস্থাৰ স্থিতি অস্পষ্ট, ধূসৰ যেন ৰীতি-নীতি৷নতুন বনাম পুৰণি, ফেশ্বন বনাম পৰম্পৰা, বৰঞ্চ অলপ ওপৰলৈ গৈ অত্যাধুনিকতা (প্ৰযুক্তি বিদ্যাক অপ্ৰয়োগ কৰি বিজ্ঞানক বদনাম দি)বনাম মূলসুঁতি৷আকৌ এতিয়াৰ সমাজখনৰ প্ৰতিচ্ছবিৰ আভাস দিবলৈ বিষ্ণু-জ্যোতি নাইবা অম্বিকাগিৰি নতুবা ৰসৰাজ অথবা সুধাকন্ঠও নাই৷
ভৰিৰ তলুৱাৰ মাটি নাই, অথচ ‘বুর্জ খলিফা’ৰ কথা ভাৱে৷ তীব্ৰবেগে অকাঁই-পকাই বাইকখন চলাইছে৷ বাইকখন কি সেই অভদ্ৰ, অবিবেচক বাইকার্চজনৰ বাপেকে বনাইছিল নেকি যে এভাৰেষ্ট শৃংগ আৰোহণ কৰাৰ দৰে আত্মতুষ্টিত ভূগিছে? বাইকার্চজনৰ প্ৰতি প্ৰত্যাহ্বান-যা, খেতিপথাৰত হালমাৰ, মৰণা মাৰ, হাবিলৈ গৈ খৰি কাটি আন! আন নালাগে, অলপ স্থিৰ হৈ কচোন বাইকখন যদি নিয়ন্ত্ৰণ হেৰুৱাই কিবা অঘটন ঘটায় (দুর্ঘটনা বুলি কৈ সঁচা অর্থত হোৱা দুর্ঘটনাক কলংকিত কৰে বাবে এইবোৰক পূর্ৱ নির্ধাৰিত কাণ্ডজ্ঞানহীন দুষ্কার্য বুলিব পাৰি) তেন্তে কি কি আৰু কেনেধৰণৰ ক্ষয়-ক্ষতি হ’ব পাৰে? তাৰ আনুমানিক তালিকা তৈয়াৰ কৰিব পাৰিবি? কিন্তু, বাৰেপতি একেবোৰ অনাদঁৰণীয় ঘটনাৰে সাক্ষী হৈ আমি বোবা-কলাৰ ভাওঁ লৈ আছোঁ৷ আৰু আমি মিলিজুলি পৰিকল্পনা কৰিছোঁ, সপোন ৰচিছোঁ-উন্নয়নশীলতাৰ অৱসান ঘটাই উন্নত সমাজ গঢ়াৰ৷ বিশ্বৰ দৰবাৰত মূৰ দাঙি থিয় হোৱাৰ জোখাৰে আমি প্ৰকৃতার্থত সাজুনে?আমাৰ সমাজ ব্যৱস্থাত পূর্ৱতে বিদ্যমান ভাল দিশ সমূহৰ অপমৃত্যু হ’বলৈ ধৰিছে আৰু বিপৰীতে বর্ণশংকৰ নতুন নতুন বদভ্যাস বোৰে গা-কৰি উঠি সমাজখনক থানবান কৰাৰ উপক্ৰম হৈছে৷ বর্তমানৰ যিসমূহ সূচাংকক উন্নয়নৰ মাপকাঠি বুলি অভিহিত কৰি নতুন প্ৰজন্মই আন্তঃগাঠনি আৰম্ভ কৰিছে, সেই গৃহৰ চূড়ান্ত স্থিতি কি হ’ব কোনোবাই কল্পনা কৰিব পাৰিবনে?এয়া মাথোন এটা উদাহৰণহে৷ অসহিষ্ণুতাৰ তীব্ৰ আঘাটত সমাজ ব্যৱস্থাই কেনেদৰে ককবকাইছে, সেই বিভীষিকাৰ কথা আমি চিন্তা কৰাৰ সময় কেতিয়া আহিব? অমূলক বুলি ভবাসকললৈ মোৰ কাকূতি-“এই কথাকে ধামখুমীয়া বুলি ক’ব পাৰিনে বাৰু?’’-দয়া কৰি জনাব৷