ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
ভিন্নস্বাদ
--- প্ৰদীপ কুমাৰ দাস
লেহিডঙৰা ডাকৰ গাঁও
সাতশ সাতোটা পুখুৰীৰ নাও
লেহিৰ তিৰীয়ে পঞ্চৰাগ বুজে
ভইদাৰ ডমৰাই বিনা শিঙে যুঁজে৷
সেই গাঁৱত উপজিল ডাক৷
উপজিয়া ডাকে বোলে বাক৷৷
ডাকে কৈ যোৱা বচনসমূহক ডাকৰ বচন বোলা হয়৷ ডাকৰ বচন অতীজৰে পৰা অসমীয়া সমাজত প্ৰচলন হৈ অহা জনপ্ৰিয় প্ৰবচন বা নীতি কথা৷ ডাকক লৈ বিভিন্ন জনপ্ৰবাদ আছে৷ অসমত ডাক চতুর্থ-ষষ্ঠ, শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ধৰা হয়৷ বৰপেটাৰ লেহিডঙৰা নামৰ ঠাইত মহাজ্ঞানী দূৰদর্শী ডাকৰ বচন জন্ম হৈছিল৷ প্ৰবাদ আছে ডাকে হেনো উপজিয়েই কথা কৈছিল৷ লেহিডঙৰা গাঁৱখন বৰপেটাৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰৰ দক্ষিণ প্ৰান্তৰ মন্দিয়া মৌজাৰ অন্তর্গত৷ সেই ঠাইত ১৫৯৩-৯৪ চন মানত মথুৰা দাস বুঢ়া আতাই এখন সত্ৰ স্থাপন কৰিছিল৷ বর্তমান লেহিডঙৰা নামৰ সেই ঐতিহাসিক গাঁওখন ব্ৰহ্মপুত্ৰত জাহ গৈছে৷ পণ্ডিতৰ মতে ডাকৰ পিতৃ বৰাহ-মিহিৰ আৰু মাতৃ কুমাৰ কলীয়া নাৰী৷ বৰাহ মিহিৰ উজ্জয়িনী ৰাজ্যৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ প্ৰসিদ্ধ জ্যোর্তিবিদ আছিল৷