ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
মুক্তি
~~~ নিবেদিতা চৌধুৰী
:"নাম বোলো।"
:"নামচে ক্যা মতলব ৰোল নাম্বাৰ লিখো। "
:"মুখ নে কেঁচি এইখন? "
ৰবিয়ে লাহেকৈ অভিক ক'লে।
:"কেঁচি। "
কলেজত নতুনকৈ এডমিচন লোৱা মীনাক্ষীয়ে টপৰাই ক'লে।
:"অ অসমীয়া বুজি পোৱা তাৰমানে?" ষ্টুডেণ্টচ ইউনিউনৰ কালচাৰেল চেক্রেটেৰি অভিজিত আগৰৱালাই শুধিলে
:"কিয় ,দিল্লীলৈ পঢ়িবলৈ আহিলো বুলি নিজৰ ভাষাটোও পাহৰি যাম নেকি?
পিছে আপোনালোককো দেখোন হিন্দী ভাষী যেন লাগিছে, কিন্তু ধুনীয়াকৈ অসমীয়া কয়। "
:"কিয় হিন্দী ভাষী যেন লাগিলে কি হ'ল অসমীয়া কব নাপায় নেকি? "
অভিৰ কথা শুনি মীনাক্ষীয়ে খিল খিলাই হাঁহি দিলে।
সেই যে হাঁহিৰে চিনাকি হ'ল মীনাক্ষী, অভিজিত আৰু ৰবিজিতৰ , এই চিনাকিয়ে প্রথমে কটকটীয়া বন্ধুত্বলৈ ৰূপান্তৰিত হ'ল। তাৰ পিছত সেই বন্ধুত্ব ই কেতিয়ানো মীনাক্ষী আৰু অভিজিতৰ হৃদয়ত প্রেমৰ ফুলপাহ হৈ ফুলিল যৌৱনৰ উত্তাল তৰংগত ভাহি উটি থকা যুৱক যুৱতী হালে গমেই নাপালে। কলেজীয়া শিক্ষা সাং কৰি সকলো ঘৰা ঘৰি গ'ল। গুৱাহাটীত ট্রেইনৰ পৰা নামিবলৈ মীনাক্ষী সাজু হ'ল
:"ঐ মীনা নালাগে দিয়া নামিব, মই দেখোন তোমাক এৰি থাকিবই নোৱাৰিম, একেলগে আমাৰ ঘৰলৈকে ব'লা।তাতেই থাকিবা মোৰ লগত। পিছত বিয়া পাতি লম,সকলোৰে অনুমতিত।"
:"ৰবিজিত যোৱাচোন মোৰ লাগেজখিনি আগবঢ়াই লৈ যোৱা মই গৈ আছো”।
মীনাক্ষীয়ে ৰবিজিতক ক'লে। তাই অভিজিতৰ নিচেই ওচৰলৈ আহিল আৰু ক'লে:"একেবাৰে কইনা সাজিহে যাম তোমাৰ লগত তোমাৰ ঘৰলৈ, আহিবানে মোৰ ঘৰলৈ মোক নিবলৈ? "
তাই উত্তৰলৈ বাট নাচাই গপ গপাই নামি গ'ল। অভিজিতে চিঞৰি ক'লে,:"আহিম মই, বাট চাবা মোলৈ। "
আৰু মীনাক্ষীয়ে সেই এষাৰ কথাতে বাট চাই থাকিল এসপ্তাহ, এমাহ, এবছৰ ,দুবছৰ।অভিজিত যি গ'ল আৰু ঘুৰি নাহিল। আনকি তাইৰ ফোনো ৰিচিভ নকৰা হ'ল। অভিজিতৰ ঘৰৰ পৰা তাইক কৈ দিয়া হ'ল ভাল দৰা চাই বিয়া সোমাবলৈ। কিন্তু তাই কথাষাৰ অভিজিতৰ মুখেৰেহে শুনিব বিচাৰিলে। সি ফোন কৰিছিল কেইদিনমান পিছত আৰু কৈছিল যে সি ইউ . এচ যাব M. B. A. কৰিবলৈ গতিকে আৰু কেইবছৰমানলৈ কোনো বান্ধোনত নোসোমায়। সিও তাইক ৰৈ থাকিবলৈ মানা কৰিলে। কথাখিনি কৈয়ে ফোনটো কাটি দিলে।মীনাক্ষীয়ে খোৱা লোৱা বাদ দিলে। তাইৰ যেন জীৱনটো স্থবিৰ হৈ পৰিল। কাৰো বুজনিয়ে কাম নিদিলে৷
তাই ৰৈ থাকিল অভিজিতলৈ জানোচা তাৰ মন সলনি হয়। কিন্তু যেতিয়া মীনাক্ষীৰ ককায়েকে ক'লে যে তাই বিয়াত নোসোমালে সিও বিয়া নকৰায়, ককায়েকৰ বাকদক্তা আৰু মীনাক্ষীৰ বান্ধবী অনুসূয়াৰ মুখৰ ফালে চাই তাই বিয়াৰ কাৰণে সন্মতি দিলে। নীলাঞ্জনৰ লগত বিয়া হৈ তাই গুছি আহিল মুম্বাইলৈ।তেতিয়ালৈ কোনো খবৰ নাই অভিজিতৰ আনকি বিয়াৰ আগলৈ চেষ্টা চলাইছিল মিনাক্ষীয়ে অভিজিতক কণ্টেক্ট কৰিবলৈ, কিন্তু একো খবৰেই উলিয়াব নোৱাৰিলে তাৰ।
মুম্বাইত নীলাঞ্জন আৰু তাৰ কেইটামান অসমীয়া বন্ধু লগ হৈ পতা ক্লাৱটোত আজি গেট টুগেদাৰ আছে। মীনাক্ষীকো লগ ধৰি আছে সি। খুব প্রাণোচ্ছল ল'ৰা নীলাঞ্জন । মীনাক্ষীকো মৰমেৰে আৱৰি ৰাখে। কিন্তু মিনাক্ষী যেন তাৰ অকল পত্নীহে হৈ থাকিল। হৃদয়ৰ নিভৃত কোণত যেন নীলাঞ্জনক বহুৱাব পৰা নাই কাৰণ সেই ঠাইখিনি যে এতিয়াও বেলেগ এজনে অধিকাৰ কৰি বহি আছে।
নীলাঞ্জনৰ কথা ৰাখিয়ে তাইও ক্লাৱলৈ যাব ওলাল।
:"জান আজি অলপ ড্রিংকচ কৰিম নে? তুমি বেয়া পোৱা যদি নকৰো।"
:"ও. কে কৰিবা বাৰু কিন্তু কমকৈ আৰু মোৰ ওচৰে পাজৰে থাকিবা কিন্তু। "
-মীনাক্ষীয়ে নীলাঞ্জনক ক'লে।
ক্লাৱ গৈ পাই নীলাঞ্জন ব্যস্ত হৈ পৰিল তাৰ বন্ধুবোৰৰ লগত। মীনাক্ষীয়ে জুছৰ গ্লাছ এটা লৈ এটা কোনত বহি ল'লে। তেনেতে নীলাঞ্জনে কোনোবা এজনক হাতত ধৰি তাইৰ ওচৰলৈ লৈ আহিছে, এন্ধাৰৰ কাৰণে তাই ভালকৈ দেখাও পোৱা নাই ।
:"মীনাক্ষী এওঁৰ লগত চিনাকি হোৱা মি:অভিজিত আগৰৱালা। হিন্দী ভাষী হ'লেও অসমতে ডাঙৰ দীঘল হোৱা। ইউ. এছ. এ ত আছিল বহুদিন, এতিয়া ঘূৰি আহি ইয়াতেই ব্যৱসায় কৰে আৰু বৰ্তমান আমাৰ ক্লাৱৰ মেম্বাৰ। তোমালোকে কথা পাতাচোন।"
মীনাক্ষীৰ যেন ভৰিৰ তলৰ মাটি ক্ষহি পৰিছে। তাই থিৰেৰে থাকিব পৰা নাই আৰু ধুপুচকৈ চকী খনত বহি পৰিল।
:"আজি মই বহুত সুখী তোমাক এনেকৈ দেখি মীনা। নীলাঞ্জন খুবেই ভাল ল'ৰা। তোমাক বহুত সুখত ৰাখিব। আৰুনো মোক কি লাগিছে মীনা। এতিয়া মই শান্তিত যাব পাৰিম। "
মীনাক্ষীয়ে মুখেৰে এটাও টু শব্দ নকলে। কিন্তু ভাবি থাকিল ক'তনো যোৱা কথা কৈছে অভিয়ে।
:' য'ত যায় গৈ থাকক তাইৰ কি ভাবিব লগীয়া আছে। ' মীনাক্ষীয়ে ভাবিলে।
তাই নীলাঞ্জনক মূৰটো বেয়া লগা বুলি কোৱাত
দুয়োটাই সোনকালে পাৰ্টিৰ পৰা গুছি আহিল।
প্ৰায় এমাহমান এনেকৈয়ে গ'ল। মাজতে নীলাঞ্জনে ক্লাৱলৈ লগ ধৰে যদিও তাই নাযায়, অভিজিত লগ পোৱাৰ ভয়তে। তাই আৰু এবাৰ নিজকে প্ৰতাৰণাৰ বলি হবলৈ এৰি দিব নুখুজিলে।
এদিন দুপৰীয়া ৰবিজিতৰ ফোন আহিল আৰু সি আৰজেন্টলি মীনাক্ষীক স্থানীয় নাৰ্ছিংহোম এখনত মাতি পঠালে। নীলাঞ্জন অফিচলৈ গৈছে, বহুত ভাবি চিন্তি তাক নোকোৱাকৈ তাই ওলাই গ'ল।নাৰ্ছিংহোমত গৈ পাই দেখে যে অভিজিতক এগাল মান যন্ত্ৰ পাতি লগাই বেডত শুৱাই থৈছে। তাইৰ বুকুখন চিৰিংকৈ গ'ল।
:"ৰবি কি হৈছে অভিৰ নোকোৱা কিয়? "
:"তাৰ হাতত সময় বহুত কম মীনা হয়তো তোক এবাৰ স্বচক্ষে চাবলৈয়ে ৰৈ আছিল।"
:"ভালকৈ নকৱ কিয় কি হৈছে অভিৰ?"
:"তোক কথা দিয়া মতেই তহঁতৰ ঘৰলৈ সি মাক দেউতাকক লৈ যোৱা কথা আছিল। তাৰ কেইদিনমান ধৰি জ্বৰ উঠি আছিল, ঔষধ খাই আছিল যদিও ভাল পোৱা নাছিল। তই চিন্তা কৰিবি বুলি কোৱা নাছিল। পিছত টেষ্ট কৰোতে ব্লাড কেন্সাৰ হোৱা বুলি ডক্তৰে ডিক্লেয়েৰ দিয়ে। সেয়েহে সি আঁতৰি আহিল তোৰ ওচৰৰ পৰা। তোক সঁচা কথা কলে তই তাক কেতিয়াও এৰি নাযাবি বুলি জানি সি ইউ. এছ. এ গুছি গ'ল।"
মীনাক্ষী মুৰ ঘূৰাই পৰি গ'ল কথাবোৰ শুনি। ৰবিজিতে তাইক চকুৱে মুখে পানী চটিয়াই দি অভিজিতৰ ওচৰলৈ লৈ গ'ল ।দুয়োটাই হেঁপাহ পলুৱাই কান্দিলে। কাৰো মুখত মাত বোল নাই।
তাৰপিছত অভিজিতে লাহে লাহে ক'লে, :"তোমাৰ এটি স্পৰ্শৰ বাবেই ৰৈ আছিলো জান। এতিয়া শান্তিত মৰিব পাৰিম।মোক হৃদয়ত কঢ়িয়াই লৈ নুফুৰিবা এতিয়া আৰু , নহ'লে মই শান্তি নাপাম। নীলাঞ্জনক বহুওৱা তাত নিগাজিকৈ। মোক যাবলৈ দিয়া মীনা, মোক মুক্তি দিয়া,তোমাক কাবৌ কৰিছো।"
মীনাক্ষীয়ে কান্দি কান্দি কথা দিলে নীলাঞ্জনক হৃদয়ত বহুৱাব বুলি। সেইষাৰ কথা শুনিয়ে অভিজিতে চকু মুদিলে।
সেইদিনাৰ পৰাই এজনী নতুন মীনাক্ষীৰ জন্ম হ'ল আৰু সম্পূৰ্ণ তাইজনীক নীলাঞ্জনক সপি দি সুখৰে সংসাৰ চলাব ধৰিলে। আৰু অভিজিত এটা ভাল লগা স্মৃতি হৈ সদায় তাইৰ অন্তৰত থাকি গ'ল।
*****
শিশু কৃষ্ণৰ ৰূপত খ্যতিতৃষ্ণা দাস