ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
গল্পগুচ্ছ
এটা নতুন আৰম্ভণি
কৃষ্ণা পাঠক
তীব্ৰবেগী গাড়ীখন হঠাৎ কিয় ৰৈ গ’ল তাই অনুমান কৰিব নোৱাৰিলে। মাথোঁ গাড়ীখন ব্ৰেক মৰা ধাতব শব্দত চিল-মিলকৈ অহা তাইৰ টোপনি ভাগি গৈছিল; আৰু হঠাতে কি হ্’ল তাক অনুধাবন কৰিবলৈ চেষ্টা কৰিছিল। বিষন্ন তাইৰ মনত হেজাৰ ধুমুহাৰ হাহাকাৰ। বিশ্বাস আৰু বিশ্বাস ভংগৰ যি নিষ্ঠুৰ খেলা তাইৰ জীৱনত ঘটিছে সেয়া আন কোনোবাৰ জীৱনত ঘটিছে তাইৰ মনে নকয়।
শেৱালীয়ে ভিতৰি ভিতৰি স্বাভাবিক সত্ত্বা হেৰুৱাই পেলালে। নাৰীয়ে সকলো সহ্য কৰিব পাৰে, কেৱল নোৱাৰে প্ৰেমৰ প্ৰতিদ্বন্দ্বী প্ৰেমিকাক। নিমিষতে হেৰাই গৈছিল শেৱালীৰ জীৱনৰ পৰা প্ৰশান্তৰ প্ৰতি থকা সমস্ত বিশ্বাসবোৰ; লাহে লাহে শেৱালীয়ে মানসিক প্ৰস্তুতি হেৰুৱাই পেলালে; তাই আজিকালি প্ৰয়োজনতোকৈ বেছি গহীন হৈ পৰিছে। বন্ধু-বান্ধবীৰ লগত আগতে যেনেদৰে স্ফুৰ্তি- তামচা কৰিছিল আজিকালি নকৰে। শেৱালীৰ একেবাৰে অন্তৰংগ বান্ধবী ৰীমাই উপলব্ধি কৰিছে শেৱালীয়ে মানসিকভাবে বন্ধু-বান্ধবীবোৰৰ পৰা ক্ৰমান্বয়ে আঁতৰি থাকিবলৈ বিচাৰিছে।
প্ৰতিটো মুহূৰ্তকে তাইৰ উদাস মনোভাৱে যেন আৱৰি ৰাখিছে, তাকে দেখি তাইৰ লগৰীয়াহঁত আচৰিত হ্’ল। কমদিনৰ ভিতৰতে শেৱালী যথেষ্ট সলনি হৈছে। শেৱালীৰ একেবাৰে অন্তৰংগ বান্ধবী ৰীমাই এইক্ষেত্ৰত যথেষ্ট বুজালে তাইক।
--- চা’ শেৱালী, এই কথাটোলৈ মোৰ বোধেৰে তই ইমান চিৰিয়াচ হোৱাৰ কোনো প্ৰয়োজন নাই বুলিয়েই মই ভাবো। তোৰ প্ৰতি প্ৰশান্তৰ আন্তৰিকতা যদি থাকিলহেঁতেন তেতিয়া অন্তত প্ৰশান্তই এবাৰ ভাবি চালেহেঁতেন তোৰ হৃদয়ৰ কথা। গতিকে প্ৰশান্তৰ কথা ভাবি তই গোটেই মানুহজনী এটা যন্ত্ৰৰ দৰে হৈ পৰিছ কিয়! বাদ দিয়া এইবোৰ কথা। এইবোৰ ভাবি-চিন্তি একো লাভ নাই। তই চেঞ্জ হৈ ল, গতানুগতিকতাৰ পৰা আঁতৰি কিছু সময়ৰ কাৰণে। তাৰ পিছত ৰিফ্ৰেছড হৈ পুনৰ তই আগবাঢ় তোৰ লাইফ জাৰ্নিত।
ৰীমাৰ কথাবোৰ শেৱালীয়ে মৌনতাৰে শুনি গ’ল …… ক্ৰমাগতভাবে পাহৰি যাবলৈ চেষ্টা কৰিছিল শেৱালীয়ে প্ৰশান্তক।
সময় জনো ৰৈ থাকিব?
নেথাকে
গৈ আছে এক নিৰবচ্ছিন্ন
গতিত
কামনাই উটাই লৈ গ’ল
সপোনৰ বালিঘৰ
হতাশাই আবৰি পেলালে
হৃদয় ….
লাহে লাহে শেৱালীয়ে পাহৰি পেলাইছিল তাইৰ অতীত, এৰি অহা দিনবোৰৰ বেদনা গধুৰ স্মৃতি। অৱশেষত প্ৰশান্তই অনুতপ্ত হৈ শেৱালীক বহুত বুজাবলৈ চেষ্টা কৰিছিল। নহয় শেৱালী, তুমি মোক ভুলকৈ মূল্যায়ন কৰিছা। তুমি শুনা কথাবোৰত অকণো সত্যতা নাই। যেতিয়া প্ৰশান্তক শেৱালীয়ে বিচাৰিছিল, তেতিয়া তাইক তাৰ হৃদয়ৰ পৰা জোৰ জবৰদস্তি ওলাই আহিবলৈ বাধ্য কৰালে। প্ৰতিটো মুহূৰ্ত শেৱালীয়ে চকুপানী টুকি পাৰ কৰিছিল, তাই নিজেই নাজানে তাইৰ জীৱনত যে কিমান ডাঙৰ ধুমুহাৰ সম্মুখীন হ’বলগীয়া হ’ব। এতিয়া তাই আৰু প্ৰয়োজনবোধ নকৰে এইবোৰৰ মাজত সোমাবলৈ। অনিচ্ছা সত্বেও হোৱা ভুলৰ ক্ষমা থাকে, কিন্তু ইচ্ছাকৃত ভুলৰ ক্ষমা তাইৰ ওচৰত নাই। লাগিলে তাই নিজেই শেষহৈ যাব, তাই মনটোক দৃঢ় কৰি তুলিছিল। হেজাৰ ধুমুহাৰ মাজতো তাই এই সিদ্ধান্তৰ পৰা কেতিয়াও বিচলিত নহয়। সহজ সৰল শেৱালী যে আজি ‘দুৰ্বোধ্য’ কবিতা হৈ পৰিছে এই কথাটো প্ৰশান্তই বাৰুকৈ উপলব্ধি কৰিছে।
নতুনকৈ এখনি স্কুলত জইন কৰা শেৱালীয়ে কৰ্তব্যক অৱহেলা কৰিব নোৱাৰিলে। সাময়িক বিচ্ছেদে সৃষ্টি কৰা হৃদয়ৰ হাহাকাৰখিনি কোনোৰকম চম্ভালি শেৱালীয়ে আৰম্ভ কৰিছিল চাকৰি জীৱন। দিনটো ব্যস্ততাৰ মাজেৰে পাৰহৈ যায়, গধুলিৰ সেই নিৰ্জন সময়খিনিয়ে বৰকৈ আমনি কৰে তাইক। সেয়ে তাই আধিক সময় এন্ধাৰ কোঠালিৰ মাজত নিজকে সোমাই ৰাখিবলৈ ভাল পাইছিল। তাই সংগী হিচাপে বাচি লৈছিল কলম কাগজক; লিখিছিল কবিতা ।
কবিতা সৃষ্টিৰ বাবে প্ৰয়োজন এটা মানসিক আঘাতৰ। যাৰ বাবে তাই তুলি লৈছিল হাতত কলম। আৰু নিঃসংকোচে কবিতাৰ মাজেৰে উদঙাই দিছিল হৃদয়ৰ সমস্ত দুখ। তথাপিও তাই কেতিয়াবা বৰ হতাশ হৈ পৰে। বিশাল সাগৰৰ বুকুত ধুমুহাত পৰি হেৰাই যোৱা টুলুঙা নাওৰ দৰে তাইৰ কল্পনাবোৰে যেন এদিন জীৱনৰ পৰা হেৰাই যাব সপোনতো ভবা নাছিল।
সময় অতিবাহিত হোৱাৰ লগে লগে শেৱালীৰ জীৱনত নামি আহিল এক ভাবিব নোৱাৰা পৰিবৰ্তন। তাইৰ এন্ধাৰে আৱৰা জীৱন আকাশত সূৰ্যৰ দৰে আবিৰ্ভাৱ হ’ল – সেই যে মুখত শিশুৰ দৰে নিস্পাপ হাঁহি, সৰল চকুত নীলা সাগৰ সদৃশ সহজতে মন আকৰ্ষণ কৰিব পৰা অবিনাশ। কিছুদিন আগতে অবিনাশৰ স’তে শেৱালীৰ চিনাকি হৈছিল এনেকুৱা এটা দিনত…
কাতিৰ কুৱলীয়ে ভৰি থকা এটা কোমল পুৱা। সিহঁতৰ যাত্ৰা গুৱাহাটী আভিমুখে; লগত শেৱালীৰ বন্ধু গৌতম আৰু বিপুল। সিহঁতৰে আন এজন বন্ধু অবিনাশ। প্ৰথন চিনাকিতে শেৱালীৰ অবিনাশক খুব ভাল লাগিছিল। মানুহে কল্পনা কৰি ভাল পায়; আৰু কল্পনাত মনে বিচৰা সকলো সহজে পোৱা যায়। কিন্তু বাস্তৱ বেলেগ। মানুহৰ আকাংক্ষিত বস্তু বাস্তৱত পাবলৈ বহু কষ্ট কৰিবলগীয়া হয়। কিন্তু সেই কল্পনা কৰা মনে যেতিয়া বাস্তৱত ধৰা দিয়ে তেতিয়া আকাশত উৰি ফুৰিবলৈ মন যায়। শেৱালীৰো নিশ্চয় তেনেকুৱা হৈছিল। অবিনাশৰ দুচকুত বিচাৰি পাইছিল সমস্ত মৰম, ভালপোৱা, আন্তৰিকতা। তেতিয়াৰে পৰা তাইৰ অনুভৱ হ’ল অবিনাশৰ মিঠা সান্নিধ্যৰ অবিহনে শেৱালী জীয়াই থকাটো অসম্ভৱ।
আজিকালি তাইৰ কি হৈছে নিজেই ক’ব নোৱাৰে। খাওতে বহোতে শুৱতে কেৱল অবিনাশৰ কথা ভাবতেই সময়বোৰ অতিক্ৰম হৈ যায়। আগতেতো তাইৰ এনে হোৱা নাছিল। প্ৰেম যে কি এক মধুৰ শাস্তি; হৃদয়ে যাৰ সান্নিধ্য বিচাৰে তেওঁ যে সদায় নিলগত থাকে। তথাপিও ভাবিলেই ভাল লাগে। অবিনাশ যেতিয়াৰ পৰা শেৱালীৰ জীৱনলৈ আহিল তেতিয়াৰ পৰা শেৱালীয়ে আকৌ নতুনকৈ জীয়াই থকাৰ তাগিদা অনুভৱ কৰিবলৈ ধৰিলে, একমাত্ৰ অবিনাশক ভালপোৱাৰ স্বাৰ্থত। একে অৱস্থা অবিনাশৰো হৈছিল। সেইদিনা গোটেই ৰাতি উজাগৰে থাকি সি উপলব্ধি কৰিছিল, কেনেবাকৈ যদি মই শেৱালীৰ চকুত ধৰা পৰি গৈছো, তেতিয়া শেৱালীয়ে মোক কি বুলি ভাবিব ! এনেকুৱা এক দ্বিধাবোধে তাৰ মনটো আছন্ন কৰি তুলিছিল।
কিন্তু এটা সময়ত সকলো কথা পানীৰ দৰে সহজ হৈ পৰিছিল। লাহে লাহে শেৱালীৰ হৃদয়ৰ সমস্ত কথা গম পাই অবিনাশৰ খুব বেয়া লাগিছিল। সি শেৱালীৰ হৃদয়ৰ তীব্ৰ বেদনা অনুভৱ কৰিছিল। “বেচেৰী শেৱালীয়ে মোক একো নজনাকৈ কিমান বেছি কল্পনা কৰিছে”। সেই কথা ভাবি অবিনাশৰ অন্তৰ বৰফৰ দৰে গলি গৈছিল। সি শেৱালীৰ কোমল অন্তৰত দ্বিতীয় বাৰৰ বাবে আঘাত দিয়াৰ ইচ্ছা নকৰিলে।
শেৱালীৰ চকুত এদিন সি ধৰা পৰি গৈছিল। অবিনাশে শেৱালীৰ দুচকুত চকু থৈ মৰম সনা চাৱনিৰে চাই ক’লে— “তোমাক ভালপোৱাটো মোৰ জীৱনৰ অন্যতম সৌভাগ্য বুলিয়েই মই গণ্য কৰো ”। অবিনাশৰ পৰা এনেকুৱা গভিৰ কথা শুনি শেৱালীৰ মনটো আনন্দৰে ভৰি পৰিছিল। তাৰ পিছত কিছু সময় মৌন হৈ ৰ’ল— যেন সময় স্তব্ধ হৈ গৈছিল। অথচ তাতেই লুকাই আছে প্ৰেমৰ সমস্ত অনুভৱ, প্ৰতিশ্ৰুতি আৰু অনুকম্পা।
“সময় তোমাৰ ওখোৰা হাতোৰাৰ স্পৰ্ষত
বীণত বিননিৰ সুৰ ”।
অবিনাশ আৰু তাইৰ সম্পৰ্কটো শেৱালীহঁতৰ ঘৰখনে সহজভাবে লোৱাৰ পিছত ব্যগ্ৰতাৰে শেৱালীয়ে অবিনাশৰ পৰা অহা চিঠি এখনলৈ অপেক্ষা কৰি আছিল। শেৱালীয়ে ঘৰৰ কৰিডৰত বহি অবিনাশৰ কথা ভাবি আছিল। এনেতে চিনাকি পিয়নজনে শেৱালীৰ হাতত তাইৰ নামত অহা চিঠি এখন দি গ’ল। চিঠিখন পাই উল্লাসিত হৈ উঠিছিল শেৱালী। চিঠিখন খুলি পঢ়িবলৈ লৈছিল শেৱালীয়ে; নিচেই কম বাক্য থকা এখনি চুটি পত্ৰঃ
শেৱালী,
হৃদয়ৰ সঁচা মৰমবোৰ ল’বা। আজি তোমাক এনে এটা চাৰপ্ৰাইজ দিম, যিটো চাৰপ্ৰাইজ তোমাৰ জীৱনত এক ভাবিব নোৱাৰা আনন্দৰ বতৰা কঢ়িয়াই আনিব। শুনা শেৱালী, তোমাৰ লগত মোৰ সম্পৰ্কটোৰ বিষয়ে ঘৰত অৱগত কৰাৰ পিছত মায়ে এতিয়া অতি আগ্ৰহেৰে বাট চাই আছে তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিবলৈ। আজিলৈ এৰিলোঁ।
ইতি
তোমাৰ অবিনাশ
চিঠিখন পঢ়ি কিমানযে বেছি উল্লাসিত হৈছিল শেৱালী, আনন্দতে দুচকুৰে চকুপানী বৈ আহিছিল। ইমান উল্লাসিত হোৱা তাইৰ আগেয়ে মনত নপৰে। পৃথিবীৰ সমস্ত পোহৰ যেন তাইৰ চকুৰ আগত ভাহি উঠিছিল।
****