ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
বানানৰ পদ্য
☞ প্ৰদীপ পাটগিৰি
বিৰাট ধল আহিব লুইতত
প্ৰচাৰ কৰিছে বজাই ঢোল,
জাল, পল সামৰি থ'গৈ
বিপদ আহিবলৈ কিমাননো পল?
বিচনীৰে লওঁ শীতল বা
মৌ বাহতো থাকে বিচনী,
বা বাইদেউৰ চুটি ৰূপ
কথাটো ল'বা বুজি-জানি ৷
ৰূপৰ অলংকাৰ পিন্ধোতে
দুগুণ চৰিল তাইৰ ৰূপ,
অহংকাৰ মানুহৰ নহয় গুণ
অহংকাৰী মানুহৰ পতন ধুৰূপ ৷
দীঘ আৰু বাণি জোখৰ নহ'লে
ভাল নালাগে পিন্ধি কাপোৰ,
ভাল পাওঁ হোমেন বৰগোহাঞিৰ বাণী
উৎকৃষ্ট সৃষ্টি তেখেতৰ কাপৰ ৷
--- ধনজিৎ খাটনিয়াৰ
কি দৰ্শনলৈ পাৰ কৰিছোঁ
পোহৰৰ পৰা এন্ধাৰ
এন্ধাৰৰ পৰা ধলপুৱা!
কাৰ বকোচাত উঠি বাৰু
উটি গৈ থাকিব
মোৰ মুখগহ্বৰত ফুটি নুঠা দুখ!
এনে কি মোহ! জীৱন জীয়াৰ
নে পি থাকো আমি
এপিয়লা তুটি নহা নিচা
তৰাবোৰ যেতিয়া চিঙি পৰি থাকে
যেতিয়া ছাই হৈ উৰি থাকে আকাশ
তেতিয়া মোৰ অক্ষিপটত জ্বলি থাকে
অন্য এটা নক্ষত্ৰৰ বাৰুদ
কুকুৰা মৰিলে
~~~ অংগীতা পাঠক,
মৰিলে আজি কুকুৰাটো
নাথাকিলে তাৰ প্ৰাণটো,
চিঞৰী চিঞৰী কৰিলে ত্যাগ
শেষ নিশ্বাস৷
এইটো জানো হোৱা নাই অপৰাধ?
কুকুৰাৰ সলনি যদি মাৰিলে হেঁতেন মানুহ?
তেতিয়া কি হ’ল হেঁতেন বাৰু!
দৌৰি আহি কলেহেঁতেন সমাজখনে-
ধৰ-ধৰ, মাৰ-মাৰ, মাত ঐ মাত পুলিচক মাত ভৰাই থ তাক জেলত৷
কিন্ত কুকুৰাৰ ক্ষেত্ৰত-
কুকুৰা বাৰু জীৱ নহয়নে?
তাইৰ জানো প্ৰাণ নাইনে?
নাই জানো সন্তান তাইৰ
পিছে কি হ’ব?
আমি ভাবো, মৰকদে সামান্য কুকুৰাহে ৷
লোকচান কি হ’ব বাৰু পৃথিৱীৰ, মৰিলে তাই?
হ’ব লাগে পেট পূজাহে মাথো-
কিন্ত নাভাৱে সমাজে-
কৰিবলৈ গৈ নিজৰ পেটপূজা
হ’ল প্ৰাণহানী নির্দশী জীৱৰ৷
ক’বলৈ গ’লে এইটো নহয়েই বিষয় ৷
কিন্ত ভাবিলে মনদি মহত্বপূর্ণ বিষয় ৷
থিয় হোৱা
--- আৰিফা আজিজা
থিয় হোৱা থিয় হোৱা
নৱ প্ৰজন্মৰ যুৱকসকল
অসত্যৰ প্ৰতি, অজ্ঞানৰ প্ৰতি
আৰু কুসংস্কাৰৰ প্ৰতি
জ্ঞানৰ পোহৰেৰে আলোকিত হোৱা
আৰু গোটেই বিশ্বত বিলোৱা
তোমাৰ জ্ঞানৰ জেউতি
নৱ প্ৰজন্মৰ যুৱকসকল
দেশৰ কামত আগৰণুৱা হোৱা
দেশ ৰক্ষার্থে জীৱন তুচ্ছ কৰি
মৰিবলৈ পণ লোৱা ৷
ওলাই আহা ৰণভূমিলৈ
দেশ মাতৃয়ে ৰৈ আছে তোমালৈ
থিয় হোৱা থিয় হোৱা
নৱ প্ৰজন্মৰ যুৱকসকল ৷