ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
চাটুকাৰৰ চোলা
--- ড° হেমন্ত ডেকা
তেওঁ চোলা নিপিন্ধে
অথচ আপোনাক পিন্ধাই ভাল পায়
আপুনি পিন্ধে –
সেয়ে তেওঁ আপোনাৰ প্ৰশংসাত পঞ্চমুখ
ইটোৰ পাছত সিটো চোলা
আপোনাক পিন্ধায় যিজনে
নিজে নিপিন্ধে কোনো পোছাক
পোছাক মানেই প্ৰতীক
পোছাক মানেই পৰিচয়
আদৰ্শ অথবা ব্যক্তিত্বৰ সমাহাৰ
সেয়ে তেওঁ আপোনাক চোলা পিন্ধায়
আৰু সুযোগ বুজি আজুৰি ফালে
সঘনাই আপোনাৰ পোছাক সলায়
তেওঁৰ নাই কোনো সঠিক পোছাক
যিহেতু নিজে নাঙঠে থাকি ভাল পায়…
****
এটি ধুলিকণা মই
~~ বিজুলী বৈশ্য
পোহৰ আৰু আন্ধাৰ
ৰ'দ আৰু বৰষুণ
সুখ আৰু দুখ .....
ইটো আনটোৰ বিপৰীত,
অথচ - পৰিপূৰক।
এটাৰ অবিহনে আনটো অৰ্থহীন, অস্তিত্বহীন।
এইবোৰৰ সমাহাৰেই হয়তো জীৱন।
দুঃসময়ৰ যাতনাত পিষ্ট নহ’লে
সুখৰ আনন্দ অনুভৱহীন,
আন্ধাৰ অবিহনে পোহৰ বিশেষত্বহীন।
কেদক্লিষ্ট বৰ্ষা নাথাকিলে শৰৎ সৌন্দৰ্য বিহীন....
সুদিন সদায় সুদিন হৈ নাথাকে
সুশ্ৰী শৰীৰ এদিন মলিন হয়।
আহিনৰ শ্যামলী পথাৰ চ'তৰ
প্ৰচন্দ ৰ'দত ফাট মেলে,
সৰ্বশক্তিমান সূৰুযকো-
পানীৰ কণ-কণ কনিকাই ঢাকি ৰাখে।
জোৱাৰত বিশাল সাগৰ উত্তাল হয়,
পূৰ্ণিমাৰ চন্দ্ৰও অমাৱশ্যাত হেৰায়....
ঘূৰ্ণীয়মান এই সংসাৰ চক্ৰত -
আমাৰ অস্তিত্ব নিমিত্তহে মাত্ৰ,
আমি যেন একোটি ধুলিৰ কনিকা।
তথাপিও তৃপ্তিত মন ভৰি থাকে -
ব্ৰহ্মাণ্ডৰ এটি বিন্দুত ওলমি আছো আমি
অদৃশ্য এটি ধুলিকনা হৈ......
আহক আমি সকলোৱে বোবা হওঁ
--- ওমপ্ৰকাশ দাস
আহক আমি সকলোৱে
বোবা হৈ চলোঁ
নিজ নিজ মুখবিলাক
জপাই ৰাখোঁ
কোনোৱে কাকো মাত-বোল
নকৰিম
এজনে আনজনৰ কাষেৰে
গোঁ-গোঁৱাই, সুৰসুৰাই
বা যিকোনো ধৰণে
পাৰ হৈ যাম
এনেয়েওতো
মানুহবোৰ বৰ লক্ষ্যণীয়ভাৱে
মাত-বোলৰ প্ৰতি অনাগ্ৰহী
হৈ পৰিছে
খবৰ-খাতি লোৱাৰ ৰাগ
মচি পেলাইছে
গতিকে মুখৰ মাতত
একেবাৰে গজালেই মাৰি দিওঁ
আকৌ
সিজনাই মাতিলে
ময়ো মাতিম
এনে ‘মোড’ লোৱাটো আৰম্ভ হয়
কি সাংঘাটিক চেপা ছবি বিৰাজিব!
তাতকৈ আগেয়ে বোবা হৈ লওঁ
কথা-বতৰা হেৰোৱাৰ
আৰু অনেক
অধইচ ফল ওলাইছে
কিবা কথা এটা ক’লে
আনকি ভাল কথাৰো
শুনোতাই বেয়া, আওপকীয়া অর্থ বিচাৰি লোৱা হৈছে
আজিকালি কাৰোবাক
মাত দিয়া মানে
নিজৰ হীনতা প্ৰকাশ কৰা
আমাৰ আঙুলি হাত-চকু
আদিক সদায় সচেতন ৰাখিম
যাতে সিহঁতে ইংগিত দিয়া কামত
পার্গত হয়
কাৰণ, কিবা হ’লেও বুজাব
লগাত পৰে
যেনে মোক বাট এৰি দিয়া
মোৰ ভোক লাগিছে
কিন্ত আমি কোনো এজনৰ
মৃত্যুত
নিশ্চয় RIP লিখিম
নতুবা ওম শান্তি লিখিম
শিষ্টভাৱে সমৱেত হৈ
আত্মাৰ সদগতি
প্ৰার্থনা কৰিম
মুঠতে আমাৰ মুখ কেইখন
জপাই ৰাখিম ৷
মোৰ মৰমৰ মা
-বিদিশা দাস
" মা "
কিমান যে ধুনীয়া এই শব্দটো
নহয় জানো ?
এই শব্দটোৰ মাজতেই যেন
তেওঁৰ অন্তহীন মৰম ,
তেওঁৰ বহুতো কষ্ট ,
তেওঁৰ বহুতো ত্যাগ ,
জড়িত হৈ আছে ।
মা মানেই পৃথিৱী
মা মানেই শিক্ষক
মা মানেই ভগৱান
মা মানেই বন্ধু
মা মানেই নিঃস্বাৰ্থ ভালপোৱা
মা মানেই আমাৰ জীয়াই থকাৰ প্ৰেৰণা ।
এই ধুনীয়া পৃথিৱীখন
তোমাৰ কাৰণেইটো দেখা পালোঁ "মা"
মা বুলি ক'লেই
এটি হাঁহি বিৰিঙাই মুখত,
মা বুলি ক'লেই
এটি সাহস জাগি উঠে মনত ,
মা বুলি ক'লেই
সকলো ভয় নাইকিয়া হৈ যায় মনৰ ।
সঁচাকৈয়ে তোমাৰ মৰম-স্নেহবোৰ
পৃথিৱীৰ কোনো মানুহৰে লগত
তুলনা কৰিব নোৱাৰি ।
বাহিৰৰ পৰা উভতি আহিলে
কেৱল এটাই শব্দ চিঞৰি মাতো আমি -
"ও, মা............."
আৰু মায়ে এটি মিচিকিয়া হাঁহি মাৰি কয়
"কি হ'ল ? ইমান জোৰকৈ মাতিছা যে মই চোন ইয়াতেই আছোঁ " ।
আজিও টোপনি মাৰো
তোমাৰ কোলাত তোমাক সাৱটি ধৰি ,
আজিও তোমাৰ হাতত ধৰি
খোজ কাঢ়ো ভিৰত ,
আৰু জানানে আমাৰ সকলোৰে মৰমৰ এটি নিচুকণী গীত
" আমাৰে মইনাই শুবয়ে,বাৰিতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকী সৰি যাব, মইনাই বুটলি খাব "
আৰু এনেকৈ গীতটো সৰুৰে পৰা শুনি
ডাঙৰ হলো........
কবিতাৰ শব্দৰেও প্ৰকাশ কৰিব নোৱাৰিম
কিমান যে হিয়াৰ আপোন তুমি
"তুমিয়েই শ্ৰেষ্ঠ
তুমিয়েই মোৰ মৰমৰ মা " ৷