ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
--- ড° দীপমণি দাস
লঠঙা গছত নেদেখি পাত
মন বিপাক
মনতে আঁকি ল'বা বন্ধু
দুটি পাত!
এটি পাত তোমাৰ নিজৰ
আনটো -আন দহৰ!
শান্তি পাবা!
শান্তিৰ বাট কোনোকালে
কোনোৱে কৰা নাই উদ্ঘাটন ।
শান্তি- মনৰ অনুবাদ
--- ড° দীপমণি দাস
পিলপিলিৰ সপোন নেনো হোৱাৰ!
মোৰ আৰু তোমাৰ সপোন
আমি হোৱাৰ!
প্ৰয়োজনত নীলাবোৰ খেদি খেদি
আকাশ পাম!
সময় যে 'মৌনতাৰ নীলা চাদৰ'
গানত কোৱাৰ দৰেই!
জীৱন
--- প্ৰাঞ্জল প্ৰতীম
জীৱনটো জীয়াই আছোঁ
তথাপিও সমবেদনা নাই
আশা আৰু ভৰষাৰ ।।
বাহিৰলৈ ওলাই আহো
তথাপিও কোনো ভৰষা নাই
ঘৰ পাম নে - নেপাম ??
জীয়াই আঁছো কেৱল জীয়ায়েই ৰাখিছোঁ ।।
পুৱা - গধূলি একেই চিন্তা
একেই সমবেদনা মনত
কি হ'ব আৰু কি কৰিব পাৰিম ??
নিৰ্বিকাৰ - মেঘাচ্ছন্ন আজি মুখখনি ও ??
হাঁহি নাথাকিলেওঁ
সমবেদনা জনাওঁ
সকলোকে হাঁহিৰ খোৰাকেৰে ।।
কাৰণ-
জীয়াই থকাৰ আন এটা নামেই হল - জীৱন ।।
পৃথিৱীৰ অসুখ
~~~ ভায়োলিনা ঠাকুৰীয়া
এইখন আমাৰ মৰমৰ পৃথিৱী,
কিমান যে তৰু-তৃণ,গছ-লতা,জীৱ-জন্তু,মনুষ্যৰে
ভৰপুৰ হৈ পৰা এই মনোমোহা পৃথিৱীখন ৷
কিন্ত আজি এইখন পৃথিৱীৰেই অসুখ
আজি যেন হঠাৎ পৃথিৱীখন স্তব্ধ হৈ পৰিল ৷
ক'ৰোণা মহামাৰীয়ে যেন পৃথিৱীখনক জ্বলাই মাৰিছে ৷
পৃথিৱীখনে যুঁজি আছে এই বেমাৰটোৰ লগত,
কিন্তু আজিলৈকে সফল হ'ব পৰানাই ৷
মোৰ বিশ্বাস, এদিন হ'লেও এদিন,
পৃথিৱীখনে সুস্থ হৈ উঠিব,
কেৱল মাত্ৰ কেইটামান অপেক্ষাৰ দিন ৷
ক'ৰোণা এদিন হ'লেও আশাৰ ৰেঙনি কিঢ়য়াই আনিব
তাৰে অপেক্ষাত ৷
শিকলি
--- শ্ৰী গৌৰৱ কাশ্যপ
দোষ মোৰ কি ?
ভুল কʼত মোৰ ?
নাজানো ...
নাজানো মই ...
মাত্ৰ আঠ-ন বছৰ বয়সতে
কোমলীয়া হাতত আঁৰি শ্ৰমিকৰ শিকলি,
মনৰ সপোনবোৰ ভাঙি,
হোটেল,ফেক্টৰি আদিতে আৱদ্ধ সোণলী শৈশৱ।
চকুৰ চকুলোৰো যেন নাই মুল্য;
কেতিয়াবা যদি যুথা বাচন ধুইছো
কেতিয়াবা আকৌ চিমেণ্ট ভৰা বেগ দাঙিছো ,
কেতিয়াবা যদি খালী পেটে দিন পাৰ হৈছে ,
আকৌ কেতিয়াবা প্ৰচণ্ড বৰষুণত তিথি-বুৰি আছো।
কোমোল মাত যেন হৈ পৰিছে কল্পনাৰত...
ককৰ্থনা, তীক্ষন বাক্য যেন লগৰী
ধণী, ক্ষমতাশালী সকলৰ দপদপনিত
জ্বাহ গʼল লʼৰালি।
শৈশৱৰ সোণালী সময়,
হৈ পৰিছে যন্ত্ৰনাদায়ক, দুখদায়ক...
নাজানো ভুল কি ?
নাজানো দোষ কʼত...?
ৰূপান্তৰ
~~~ অভিজিৎ তালুকদাৰ
মাটিৰ কবিতা লিখিবলৈ মই
মাটিৰে সজাঁব লাগিব মোৰ শৰীৰ
পানীৰ ঢৌৱে ঢৌৱে মোৰ তেজখিনি উটি যাব
হেঙুলীয়া বেলিয়ে মাটিত লাহ দিয়ে
বেঙুনীয়া চৰাইৰ কণীবোৰ
ঘন হৈ পৰা চকুৰ মণিৰ বেঙুনীয়াত একোৱে নেদেখি
মনৰ ভিতৰত থকা মাটিডৰাৰ বাহিৰে
এশ বছৰ আগৰ বাতৰি কাকতত
মোৰ নামটো দেখি আচৰিত হওঁ
কাৰণ মোৰ বুকুৰ ৰাস্তাৰে অহা-যোৱা কৰি
তেওঁলোক ভাগৰি পৰা নাই
মিছা এখন নদীৰ কল্পনা কৰি জাক জাক বগলীৰ হাড়ত
ঘাঁহ গজি উঠিছে
আৰু মই সচাঁ নদীৰ সোঁতো চিনিব পৰা নাই
বঙ্গোপসাগৰৰ উপকূলত মই
তৃষ্ণাতুৰ হৈ বহি পৰিছোঁ
মহাপাত্ৰদেৱৰ কবিতাৰ শাৰী এটা
চৰাইৰ দৰে উৰি গৈছে
মই দৌৰিছোঁ পূবলৈ মাটিৰ এখন পাহাৰলৈ
যত মই নিজকে পুতি থ'ম
আৰু মাটিয়ে মোৰ শৰীৰ গঢ়িব।