ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
মানুহবোৰৰ বুকুত একোটাকৈ দ’ গাঁত
-কুমাৰ মীন দাস
এক শূণ্যতাৰ বুকুত (ভিতৰত)
জীৱনৰ হাঁহাকাৰ
ফুটপাথৰ অন্ধ গলিত
চট্ফটাই থাকে
গাভৰুৰ কেঁচা যৌৱন
এক নিমাওমাও পৰিৱেশত
ৰৈ থাকে
ফুলশয্যাৰ ৰাতিটো
আৱেগৰ বিচনাত শুই
কোনো শিল্পী বন্ধুৱে আওৰায়
আনক পাবৰ বাবে
নিজকে ফুচলোৱা নাযায়
এতিয়া মানুহবোৰৰ বুকুত
একোটাকৈ দ’ গাঁত
কঙাল কবি বন্ধুৱে লিখে
সময়বোৰ
ফুলৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱাৰ কথা
পানী-মেটেকা
~~~ নৱ ৰাজন
পানীৰ বুকুতে শিপাই
পানীৰ বুকুতে জীয়াই
পানীৰ ইতিহাসেৰে বুকু ৰসাল
জীৱনতকৈও ৰঙীন
জীৱনতকৈও জীপাল
জীৱনৰ দৰে ঠুনুকা নহয়
পানীৰ বুকুৰ পানী-মেটেকাৰ আকাশ
পানীৰ ভগা কলিজা সীয়াই
পানী-মেটেকাই লিখে
পানীৰ বুকুত জীয়া কবিতা
দুৰ্বোধ্য বুলি নপঢ়ি,মিছাতে মানুহে
পানী-মেটেকাক
দুদিনীয়া জীৱনৰ স'তে ৰিজায়
পানীৰ বেজীৰ সন্ধানত কত মনোমতী
পানীৰ ওঁঠত ওঁঠ থৈ বেলিৰ স'তে বুৰ যায়
পানীৰ তলৰ কাঁইট কোনেনো দেখে
সেইবুলি পানীৰ বুকু ফালি
কোনেনো পানী-সঙ্গীত নবজায়
পানী-মেটেকা যেতিয়া ফুলে
দোঁ খাই আকাশে চুমিব খোজে পানীৰ পিয়াহ
বতাহে তেতিয়াই
ছোঁ মাৰি থপিয়াই নিয়ে
পানী-মেটেকাৰ ওঁঠৰ গান
বিক্ষিপ্ত চিন্তা
✍নৱজিৎ দাস
বুকুখন টুকুৰা টুকুৰকৈ বিচ্ছিন্ন কৰাৰ দিনৰে পৰাই
আইৰ মাতটো কঁপিব লৈছিল, থোকা-থুকি হৈছিল
আচলৰ ধন বুলি গাঁঠিটো জোৰেৰে বান্ধিব খোজোতেই
পুত্ৰ-কণ্যাই বৃদ্ধাশ্ৰমৰ ঠিকনা বিচাৰি হাহাকাৰ কৰা দেখি
এজাক ছিন্ন মুল মানুহে কৰা অতহাস্যই আইৰ দুওঁঠ চেপি ধৰিছিল !
বেদনাত ভাৰাক্ৰান্ত আইৰ চকুহালৰ ভৰ সহিব নোৱাৰি
ব্ৰহ্মপুত্ৰ-বৰাকৰ বুকু ফাটি ওলাই অহা ৰক্ত কণিকাত
ৰংমণৰ ভেটিতো খহি যোৱাৰ বেদনাত
ৰাংঢালীয়ে চিৰাল ফাট মেলা বুকুখন বালিত গুজি
ভগ্ন সপোনবোৰ সাৱতিব খুজি কপাল ধাকুৰি কন্দাৰ সময়ত
এৰাল চিগা হালৰ গৰুহাল বিচাৰি কোনো গৰখীয়াই
এৰাবাৰীত কৰুণ বাহীৰ সুৰ ধৰোতে
গোহালিৰ এচকুত গাইজনী ছট্ফটাই আছিল!
কাগজৰ বাঘটোৱে জয়াল হৈ পৰা দুপৰীয়া
হালৰ গৰুহাল বধ কৰাৰ বাতৰি কাণে কাণ বাগৰি
শগুণৰ ৰাজসভা পাওতে আনন্দৰ ঢল
অতহাস্যৰ বৰষুণ হৈ নামিছিল শগুণৰ ৰাজসভাত
আৰু মছনদৰ অভিলিপ্সাত বিসম্বাদী হৈ পৰা
আন এটা শগুণৰ জাকে
গোহালিত ছট্ফটাই থকা গাইজনীক নজৰ দিছিল
ঠিক সেই সময়তে নিজৰ ঠোঁটেৰে চাল চিগিব নোৱাৰা
কলা বাবেই নিজকে বিপ্লৱী বুলি ভবা এজাক কাউৰীয়ে
শগুণৰ দুই জাতক ফুচুলাই পেট পূজা কৰাৰ ৰণকৌশল ৰচিছিল!
শূন্যত গদা ঘূৰাই ভীমৰ বচন আওৰাই নিজকে ভীম বুলি কোৱা
ভাৱৰীয়াৰ আও-ভাও বুজি নোপোৱা
এজাক নিমাখিত মানুহে যুধিষ্ঠিৰ, অৰ্জুন, নকুল সহদেৱক
বিচাৰি বিচাৰি হাবাথুৰি খাই থাকোতেই
ৰংগ মঞ্চ এৰি ভাৱৰীয়া ভীমে শগুণৰ ৰাজসভাত
নিজৰ অংশীদাৰিত্বৰ দাবি সম্বলিত প্ৰস্তাৱ আগবঢ়াই
নিজৰ দৰদাম কৰাত ব্যস্ত আছিল
নহলে বিসম্বাদী শগুণৰ অস্থায়ী গৃহৰ অতিথি হোৱাৰ অংগীকাৰ কৰিছিল
এনে সময়তে বলা এজাক অচিন ধুমুহাই
গীতাৰৰ তাৰবোৰ চিঙি লৈ গৈছিল
মুকবধিৰ হৈ ৰৈছিল আজন্ম শিল্পীগৰাকী
নৈ পাৰৰ নৈসৰ্গিক দৃশ্যত তুলিকা বোলাবলৈ
কেনভাচ লৈ বহা আনজন শিল্পীয়ে
ৰক্তৰে ৰঙা-ৰঙি হৈ উফন্দি উঠা নৈখন দেখি
ৰং-তুলিকাকো ভয় খোৱা হৈছিল!
আই সকলোবোৰ চাই আছিল
ছিন্ন-বিছিন্ন বুকুৰ বিষাদ- এন্ধাবোৰ সাৱতি
অথচ মুখ ফুটাই কথা কব পৰা নাছিল
পাৰিবনো কেনেকৈ! ছিন্নমুল মানুহৰ অতহাস্যই
ক্ৰমশঃ চেপি আনিছিল আইৰ গোলাপী দুওঁঠ !