ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
গল্পগুচ্ছ
“সংকল্প”
~~~ শ্ৰী নীলাঞ্জনা ভৰদ্বাজ
মই অর্থাৎ মুনমী, ঘৰৰ একমাত্ৰ ছোৱালী, মা-দেউতাৰ লগতে মোৰ জেঠাই, খুড়াহঁতৰ অতিকৈ মৰমৰ ৷ ককাদেউতা ঢুকাইছে, আইতাও সকলো নাতি-নাতিনীৰ ভিতৰত মোকেই যেন অধিক ভাল পায় এনেকুৱা অনুভৱ হয়, মামাহঁতৰ ঘৰতো একেই পৰিৱেশ, মোৰ এই ভালপোৱাৰ অন্তৰালত হয়তো মোৰ শান্ত স্বভাৱ, লগতে হয়তো কাৰো কথা অৱজ্ঞা নকৰাৰ ফলশ্ৰুতি ৷
যদিও মই পঞ্চম শ্ৰেণীত পঢ়ো তথাপিও মোৰ কিছু কিছু অনুভৱে মোৰ মা-দেউতাকো আচৰিত কৰে৷ সৰুৰে পৰা মই সকলো কথাই অধ্যয়ন কৰাৰ চেষ্টা কৰোঁ৷ মা-দেউতা আৰু আইতাহঁতৰ জীৱনত লাভ কৰা অভিজ্ঞতাৰ কথা মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো আৰু কিছু-কিছু জানিছোও৷ এই দহবছৰ বয়সতে মই হয়তো জীৱন সম্বন্ধে কিঞ্চিত হ’লেও এক ধাৰণাৰ সৃষ্টি কৰিছো ৷
সৰুৰে পৰা মই ঘৰৰ লগতে তিনিজনী বান্ধৱীৰ সান্নিধ্যত ডাঙৰ-দীঘল হৈছিলো৷ জীৱনত মই দুখৰ লগত কেতিয়াও চিনাকী হোৱা নাছিলো৷ কিন্ত এই বছৰ লক ডাউনে মোক দুখৰ লগত চিনাকী কৰাই দিলে, মোৰ মনত ইয়াৰ প্ৰভাৱ চিৰদিন থাকি যাব৷
এদিন মই তিনি বান্ধৱীৰ লগত একেলগে আমাৰ গাঁৱৰ সিটো মূৰত থকা আন এগৰাকী বান্ধৱীৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ৷ তাৰ আগতে মা-দেউতাহঁতৰ অনুমতি লৈছিলো৷ তাত গৈ দেখিলো যে তাই অর্থাৎ ৰুমাই আমাৰ স্কুলত হোৱাটচএপত দিয়া পাঠ্যক্ৰমৰ একো আভাস পোৱা নাই, যিহেতু তেওঁলোকৰ ঘৰত মোবাইল নাই৷ দেউতাকে এখন গেলামাল দোকানত কর্মচাৰী হিচাপে আছিল, লক ডাউনৰ বাবে তেওঁ কামটো হেৰুৱাব লগা হৈছিল, খোৱা-বোৱাৰ অভাৱৰ লগতে বেমাৰী মাকৰ চিকিৎসাও কৰিব পৰা নাছিল৷ ৰুমাই আমাক কান্দি-কান্দি সমস্ত বিৱৰি কৈছিল৷ তেতিয়া আমি তিনিজনী বান্ধৱীয়ে মা-দেউতাক কৈ তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিলো৷
ঘৰত অহাৰ পিছৰ পৰা মোৰ কেৱল তাইৰ কৰুণ মুখখনীয়েই চকুত ভাহি থকা হ’ল৷ অৱশেষত মই ভাবিলো, পঢ়িম, ডাঙৰ মানুহ হ’ম আৰু ভৱিষ্যতে ৰুমাৰ দৰে অভাৱ গ্ৰস্ত লোক সকলৰ বাবে কিবা এটা হ’লেও কৰিম৷ আমি তিনিজনী বান্ধৱীৰ লগতে আমাৰ সকলো বন্ধু-বান্ধৱীকো আমাৰ সংকল্পৰ যুজখনত চামিল কৰিম৷ হে ভগৱান, কৰযোৰে প্ৰার্থনা কৰিছো তোমাক আমাৰ সপোনেবোৰ যাতে পূৰণ হয় ৷
*****