নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
বৰষুণ
~ ৰুবুল হুছেইন
বৰষুণ আহে নীৰৱে,
মনৰ দুখবোৰ ধুই লৈ যায়,
আকাশে যেন ক’ব নোৱাৰা কথা
টিপ্টিপকৈ নামি আহে মোৰ ওচৰত।
প্ৰতি টোপালত তোমাৰ স্মৃতি,
প্ৰতি সুৰত এক অজানা বেদনা,
জানানে এই বৰষুণৰ মাজতেই
মই তোমাক বেছিকৈ অনুভৱ কৰোঁ।
জোনাক নাই, তৰা নাই,
মাত্ৰ ধোঁৱাটে আকাশ আৰু সোঁৱৰণি,
মোৰ বুকুৰ গভীৰ নিস্তব্ধতাত
বৰষুণে বাজে তোমাৰেই নাম।
তুমি নাই, তথাপি আছাঁ
এই সৰু সৰু বৰষুণৰ টোপালত,
যিয়ে মোক নীৰৱকৈ সোধে
“এতিয়া মোক মনত পেলোৱা নে?”
****
নিৰৱতাৰ সুঁৰ
~ ৰুবুল হুছেইন
নিৰৱতাৰ আঁৰত
লুকাই থাকে এটা সুৰ—
সেই সুৰটো তোমাৰ মাত।
চাৰিওফালে নাথাকে শব্দ,
নাথাকে কোনো কোলাহল,
তথাপি মোৰ হৃদয়ত বাজি থাকে
তোমাৰেই কোমল স্বৰ।
জোনাকী নিশাৰ পোহৰত
যেনেকৈ সপোন জাগি উঠে,
তেনেকৈ তোমাৰ মাতে
মোৰ অন্তৰত স্নিগ্ধতা সিঁচি দিয়ে।
মই চকু মুদি শুনোঁ—
নিশব্দত তোমাকেই পাওঁ,
কাৰণ নিৰৱতাৰ মাজতো
তুমি কেতিয়াও নোহোৱা দূৰ…।
****
অৱক্ষয়ৰ ছপাশালত বিয়লিৰ মেলা
~ ৰিতুপৰ্ণ শৰ্মা
সাম্যৰ ধাৰাত বিলিন হোৱা ৰঙচুৱা স্বপ্নবোৰ
কাত্যয়নীৰ অন্বেষ বিচৰনৰ সাম্যস্থল
প্ৰত্যাশিত বেদনাৰ মৰ্মস্পৰ্শী অনুভূতিবোৰ
কচুপাতৰ ছাতিৰ আবৃত সূতাপথ
বিস্ময়ৰ চকৰী ইঙ্গলী সংবেদন
ডৰিয়লী সোঁতত শব্দৰ ধেনুবৰণীয়া ছাঁ
ৰিক্ততাৰ ঘন কলা উকমুকনিবোৰ
এখোজ এখোজকৈ বৈভবৰ উপস্থাপন
উৎকৰ্ন হৈ আঁচলৰ বতাহজাক
স্থবিৰতাৰ বিপৰীতে ধাৱমান
আৱেগৰ মুঠিত অৰুন-চৰণ
প্ৰতুল আৱেগৰ সিৰা-উপসিৰা
শুভ্ৰ দলিচাৰ ৰূপালী চুৰ্ণীখন আসন্ন
নিৰৱধি গতিৰ বাঁহীটি আজি পিঞ্জৰাবদ্ধ
বিলীন হোৱা কঁহুৱাৰ সুহুৰিবোৰ
নিয়ৰ সনা দুপৰত উপহাস
হৃদয়ৰ সঞ্জীৱিত বিননিৰ আঙুলিবোৰ
এখন্তেক ৰৈ গৈছে অজুহাতৰ তুলাচনীত
হতাশাৰ মুহূৰ্তবোৰ সৌধ গঢ়াৰ ডকমকাত
নিজান তথা জয়াল হৃদয়ৰ নৈখনত
অভিযোগৰ প্ৰত্যুত্তৰ আদৰ্শৰ নম্যধাৰী
আলিঙ্গনৰ বিধুত বোৱাই নিয়া
সৌন্দৰ্য্য সাধকৰ পথ-দৰ্শন।।
****