নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
শেষ নিশাৰ নীৰৱতা
~ জুৰি গোস্বামী শৰ্মা
আকাশৰ বুকুত জোন গলি গলি শেষ হয়
নিস্তব্ধতাৰ আলাপত মত্ত নৈশ বিহগ
ঘূৰি যায় নিজৰ বাহলৈ,
বহুদিন হৈ গ'ল সূৰ্যোদয় নেদেখা
আনকি সূৰ্যাস্তও দেখা নাই বহুদিন
কিহৰ যন্ত্ৰণা কঢ়িয়াই বুকু শিল হয় !
বুজাটো কঠিন ।
ওখ ওখ ঘৰবোৰৰ ফাকেৰে
জোনাক সৰকি আহে
মেলাও পাতে ওখ ঘৰৰ ওপৰত ।
বুকুত যেতিয়া বাহ বান্ধে
বনৰীয়া সপোন এটাই
ঘন গহীন অৰণ্যৰ ছৱি এখন
কঢ়িয়াই ফুৰে অজানিতে,
জোনাকতো চাটিফুটি মন
আকাশ হেৰাই
পুৱা আৰু গধূলিৰ প্ৰাৰ্থনাত ভাহি আহে
এটি কৰুণ সুৰ,
যন্ত্ৰবৎ জীৱন এটাও হঠাৎ থমকি ৰয় কেতিয়াবা
উভতি চাব খোজে সময়
চুই চাব খোজে জীৱন ।
****
গধূলি কোলাত
~ নিৰুপমা ডেকা
১/
আকাশ
দুহাত মেলিও
চুব পৰা নাই তোমাক।
পাই হেৰুৱাৰ বেদনাই
কৰিছে নিৰাশ ।
২/
ঈশ্বৰ
তুমিয়ে আদি, অন্ত
তোমাৰ নখ দৰ্পণত ঘূৰে ভূ-মণ্ডল।
দুখৰ দিনত লোৱা আঁচল পাতি
সুখৰ দিনত চোৱা প্ৰাণভৰি ।
৩/
সময়
জীৱনক ভাল পাবলৈ শিকা
হেৰা বাটৰুৱা, মৰিচিকাৰ পম খেদি
নিজক পাহৰি নেযাবা ।
সময় স্থবিৰ নহয়, অতীতক যোৱাহে পাহৰি।
****
নাহৰ ফুলাৰ বতৰ
~ পবিত্ৰ বৰগোহাঁই (ডিমৌ)
নাহৰৰ সুগন্ধিত আমোলমোল
আমাৰ পদূলিত নাহৰৰ ফুলৰ মেলা;
ভোমাৰা, পখিলা, মৌমাখিৰ
ৰুণ্-জুন্, ৰুণ্-জুন্ গুণগুণ
জুবিনৰ হিয়াৰ আমঠু নাহৰ
হৃদয় উজাৰি দিয়া আৱেগ
ভালপোৱাৰ একমাত্ৰ ভৰসা
যেন জুবিনৰ প্ৰতীক নাহৰ ।
সেই নাহৰে ফুলিছে
নাহৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
সুকোমল লয়লাসে স্পন্দিত
জুবিনৰ গীতৰ সুললিত কণ্ঠ
বসন্তৰ উৎসৱত নাহৰৰ পয়োভৰ
প্ৰিয়জনৰ উধনীয়া খোপাত
নাহৰে হিয়া জুৰায়
প্ৰকৃতিৰ অকৃত্ৰিম স্নেহধন্য
হে নাহৰ তুমি যেন অকল
জুবিনৰ বাবে নহয় নাহৰ ।
****