নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
চাধা খোৱা বাটৰুৱাজন
~ কল্পনা কোঁৱৰ
একে সময়তে একেটা জাগাতে
সদাই মোৰ চকু যাই
ডিভাইডাৰৰ ওপৰত ,
একেযোৰ বস্ত্ৰ
মলিয়ন..
এজন চাধাখোৱা মানুহ
অচিনাকি বাটৰুৱা,
সদাই একেই ভংগিমা
কান্ধ হাউলি
বাঁওফালে শৰীৰৰটোত ভেঁজা দি
সুদূৰ দিগন্তলৈ দৃষ্টি
ভ্ৰূকুটি কোঁচ খোৱা
যেন, বিশেষজ্ঞ..
সকলো জানে
এলাহে একো কৰিব নিদিয়ে
মুখৰ মালিহাৰে চলা তেওঁৰ অভিব্যক্তি..
কথাৰে জগত জিনা
তেওঁ এজন বাটৰুৱা
চকু ৰঙা,হয়তো কটাইছে বিনিদ্ৰ ৰজনী
ব্যস্ত..
গভীৰ গৱেষণাত,
সোঁ হাতৰ বুঢ়া আঙুলিৰে ঘঁহি..
বাঁওহাতৰ তলুৱাত ধূসৰ পৃথিৱী
তৰ্জনী আৰু বুঢ়া আঙুলিৰে টিপা মাৰি
সুমুৱাই দিয়ে নিজে নেদেখা
মুখগহ্বৰৰ উপত্যকাত !
***
কৃষ্ণচূড়া
~ প্রাঞ্জনা দাস
হ'ব পাৰোঁ মই পদপথৰ আৱাসী
মোৰো আছে এটি চিনাকি
উত্তপ্ত ৰক্তকণিকাৰ চোলা পিন্ধি
দিনৰ দিনটো থাকো উজ্বলি।
তথাপি কোনেও দৃষ্টি নিক্ষেপ নকৰে মোলৈ,
জীয়াই থকাৰ আছে অযুত হেঁপাহ !
চাৰিও দিশৰ কোলাহলৰ মাজত চম্ভালিছোঁ নিজক
ভাষাৰে বুজাব নোৱাৰা সৌন্দৰ্য বুকুতে সাবটি
কেতিয়াবা ভাবোঁ,
সপোনতে বিচাৰি পাম কিজানি মোৰ নিজৰ পৰিচয়টি।
দিনটো যিমানেই আগবাঢ়ে,
প্ৰখৰ ৰ'দ আৰু অসহনীয় উত্তাপে,
মোক বাৰুকৈয়ে জোকাৰি যায়।
আকৌ বেলিটো ডুবিবলৈ লওঁতে
অনিশ্চয়তাত মনটো উঠে কঁপি,
কাৰোবাৰ বাবে আপোন বৰষুণ জাকে
তিয়াই যায় মোৰ
সমস্ত দেহাটি!
কাৰণ মই পদপথৰ আৱাসী,
নাই মোৰ প্ৰয়োজন
নাজানে কোনেও মোৰ প্ৰকৃত পৰিচয়টি।
****
সম্প্রীতি সমাজ
~ সাহিদা খাতুন
সর্বশক্তিমান সৃষ্টিকৰ্তাৰ সুন্দৰ সৃষ্টি
সপ্তর্ষিমণ্ডল সপ্তলোক,
সৌৰমণ্ডল সমুদায় সংসাৰ
সমন্বিতে স্বর্গলোক।
সৃষ্টিকর্তায় সদিচ্ছায় সংসাৰ সংস্থাপিত
সৃজিত সুখশান্তিৰ সাম্প্রতিক সমাজ,
সতি-সন্ততি স-পৰিয়াল সমিলমিল
সু-সম্পর্কই সংসাৰ সমাজ।
সু-পৰিচালিত সহায় সহযোগিতা সহানুভূতিয়ে
সৃষ্টি সন্তোষিত সমাজ,
সাংসাৰিক সুখ-শান্তি সাংসাৰিক সুস্থিৰতা
সৃষ্টিশীল সম্প্রীতি সমাজ।
সমগ্ৰ সংসাৰত সুচিন্তিত সমস্যা সমাধানে
সৌষ্ঠবপূর্ণ সংগঠিত সমাজ,
সুবিশাল সংসাৰত সৰ্বদেশ সর্বধর্ম সর্বজাতি
সমন্বিতে সংস্থাপিত সম্মিলিত সমাজ।
সমগ্ৰ সংসাৰৰ সুখশান্তি সমৃদ্ধিয়ে
সৃষ্টিশীল সম্প্রীতি সমাজ।
সম্মিলিত সহায় সহযোগিতা সমাজ সংগঠনে
সার্বজনীন সাম্প্রতিক সমাজ,
সৰ্ব জাতিক সৰ্ব ধার্মিক সমন্বিতে সংগঠিত
সাতামপুৰুষীয়া সম্প্রীতি সমাজ।
সহৃদয়তা সুশাসন সু-পৰিচালনাই
সুখশান্তিৰ সৰ্বোত্তম সমাজ,
সংসাৰৰ সমুদায় সমাজ সমুদায় সভা সদৰ
সচেষ্ট সমন্বয়ে সম্প্রীতি সমাজ।
সকলো জাতি সকলো ধৰ্মৰ সাৰ্বজনিক সমাজেই
সর্বাঙ্গসুন্দৰ সম্প্রীতি সমাজ,
সহৃদয়তা সস্নেহ সম্মিলিত সহযোগিতাই
সংশোধিত সমাজ সর্বোত্তম সমাজ।
সামাজিক সচেতনতা সু-শৃংখল সুনীতি সহমর্মিতা
সমাজেই সম্প্রীতি সমাজ।
সুবিধাবাদী সংস্কাৰহীনৰ স্বাৰ্থপৰতাই
সম্প্রতি সমাজ সঙ্কটময়,
সাতশত্রু সলিসিয়ানৰ সাম্প্রদায়িকতাই
সাম্প্রতিক সমাজ সঙ্কটময়;
সন্ত্রাসবাদীৰ সহিংসতায় সাম্প্রতিক
সমাজৰ সুখশান্তি সঙ্কটময়।
সাধাৰণতে সাম্প্রদায়িক সমাজ
সুখ-শান্তিহীন সংশয়ী সমাজ
সস্নেহৰ সমাচাৰেৰে সাম্প্রদায়িক সমাজ
সংশোধনেৰে সৃজিত সম্প্রীতি সমাজ;
সংস্কাৰকৰ সবিনয় সচেষ্ট সংস্কাৰে
সযত্নে সৃষ্টি সম্প্রীতি সমাজ।
****