নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
উন্মেষ
~ যুতিস্মিতা কলিতা
উজ্জ্বল উষাৰ উল্লাসত উন্মুক্ত
উদ্যানত উৰে উদাসীন উৎসৱ।
উত্তাল উত্তৰৰ উশাহত উঠে
উদ্ভাসিত উৎসৰ উৎকণ্ঠা উভতি।
উন্মাদ উচুপনি উজাগৰে উৰুৱাই
উৎসাহেৰে উলাহত উন্মোচন উল্লেখযোগ্য।
উৎসৰ উৎস উল্কাৰ উজানত
উজ্জীৱিত উৰ্মিৰ উল্লম্ফন উপলব্ধি।
উদাৰ উদ্যমত উজ্জ্বল উজুটি
উচ্ছ্বাসেৰে উৰুঙা উৰ্বৰ উপত্যকা।
উন্মনা উঠনত উৎপলৰ উপমা
উজ্বলি উঠে উজ্জ্বল উৰণীয়া উচ্ছ্বাস।
উৰ্বশীৰ উপমাৰে উজ্জ্বল উৎসুকতা
উৎকৰ্ষৰ উদ্দেশ্যেৰে উজাগৰ উপনীত।
উপাস্য উপহাৰেৰে উমলি উজাই
উপলদ্ধিৰ উমেৰে উজ্জ্বীৱন উপস্থিত।
****
বিশ্ব পৰিৱেশ দিৱস
~ প্ৰনীতা দাস
জীৱশ্ৰেষ্ঠ মানৱে আজি
বৃক্ষ পুলি ৰোপণৰ সমাৰোহ পাতি
প্ৰতিপালন সংৰক্ষণৰ প্ৰয়াস নকৰি
ধৰিত্ৰী আইৰ সেউজীয়া চাদৰখন
আজুৰি আনি মাতিছে সংশয়।
দানৱৰূপী মানৱৰ অত্যাচাৰত বিধ্বস্ত
আজি প্ৰাকৃতিক পৰিৱেশ।
উন্নয়নৰ নামত উৎসৰ্গিত
গছ ধ্বংসৰ অশ্বমেধ যজ্ঞ।
ধৰিত্ৰী মাতৃৰ সন্তান গছবোৰ কাটি
অৰণ্যৰ বক্ষ বিদীৰ্ণ কৰি
চলিছে অবাধ লুণ্ঠন।
এজোপা কাটিলে দহজোপা
ৰোপণ কৰিব লাগে,
ৰোপণ কৰি তাৰ
প্ৰতিপালন কৰিব লাগে,
বৃক্ষ ৰোপণ বনানীকৰণে
ধৰণী সেউজ কৰে।
গছ থাকিলেহে
জীয়াই থাকিব প্ৰাণী
নহলে যে অক্সিজেনৰ অভাৱত
জীয়াতু ভুগিব লাগিব সমস্ত পৃথিৱী।
বৃক্ষ ৰোপণ আৰু প্ৰতিপালনৰ
প্ৰতিজ্ঞা কৰোঁ আহা আমি।
তেতিয়াহে পৃথিৱীত থাকিব
মানৱ জাতি সদায় উজলি।
****