নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
এজাৰ ফুলৰ হাঁহি
~গুণজিৎ শইকীয়া~
ব'হাগী ব'হাগী মনেৰে
চুচুক্ চামাক্কৈ মদাৰে হাঁহোতে
পলাশ কপৌৰ লগে লগে
বসন্তৰ পৰশত এজাৰো ফুলিছে
বাসন্তীৰ কোলাত তুলিছে গুঞ্জন
বেঙুনীয়া হাঁহিৰে
বতাহত হালিজালি
কিবা কথা পাতে এজাৰে
চকু জুৰাই আনন্দিত কৰে
সকলোৰে
নিসৰ্গৰ অপৰূপ সৃষ্টি
আমি ধাৰ কৰোঁ তাৰ
এজাৰফুলীয়া হাঁহি,
হৰুৱাব পাৰে যি তপ্ত বিষাদ
শুৱাব পাৰে মৰতৰ বালিচৰ
বাটৰুৱাক থাকে চকু টিপিয়াই
জেঠৰ মাহতো
বতাহত থাকে কলমলাই,
এই এজাৰ ফুলতেই
কত শব্দৰ বীজ থাকে লুকাই
খোদিত হৈ কবিতাত
কৰে অমৰ সৃষ্টি !
****
হুমুনিয়াহ
~ ড° ইকবাল হোচেইন খান
হুমুনিয়াহ্ যদি কবিতা হয়
হৃদয় হয় ক্ষতবিক্ষত
তেতিয়া জীৱন হৈ পৰে সত্তাহীন
নিজৰ বুলিবলৈ একো নেথাকে
নীৰৱতা হৈ যায় কবিতাৰ শব্দ ।
কবিতাৰ শব্দ হৈ পৰে বাকহীন ।
ভয়
শংকা
নিৰাপত্তাহীনতাত ভুগে কবিতা ।
আৰু মই নামৰ সত্তাটো
শংকান্বিত হৈ উঠে
অস্তিত্বহীন অস্তিত্ব বিচাৰি
কোন মই
মই কোন
কেৱল প্ৰশ্ন , বাৰে বাৰে উদিত হয় প্ৰশ্ন
ভিতৰি ভিতৰি পুৰি পুৰি হয় দগ্ধ
আৰু তেতিয়াই কবিতাই কঢ়িয়াই ফুৰে হুমুনিয়াহ্
তথাপি গান গাওঁ মানুহ-ভেটি-জাতিৰ
এক বিশুদ্ধ সুৰেৰে
নিজনি জাতি-প্ৰেমেৰে
নাই কোনো সন্দেহ
দেশ-প্ৰেমৰ আৱেগ ।
****