নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
চিলাৰ কথাৰে
~ জিতেন চৌধুৰী~
হিৰণ্যই টিউচন পঢ়ি ঘৰলৈ উভতি অহা সময়ত দেখা পালে তাৰ লগৰ সমনীয়া কেইজনমান ল’ৰাই পাতল বাঁহৰ কাঠী আৰু ৰঙা-নীলা তুলা পাতেৰে চিলা বনাই আকাশৰ ওপৰত উৰুৱাইছে। মৰা জানটোৰ ওচৰত থকা দহাটী লাইব্রেৰীৰ আগচোতালৰ পৰা নানা ৰঙৰ চিলা উৰুৱাইছে শুৱনি আকাশৰ বুকুত। এইলৈ ল’ৰাবোৰৰ মাজত যেন এখন তয়াময়া ৰণ লাগিছে। সুন্দৰ ফৰকাল বতৰ। জেঠ মাহৰ খৰত দহিছে মানুহ। পথাৰ, নৈ-বিলত পানী নাই। স্কুল, কলেজ বন্ধ। গৰমকালীন বন্ধ চলিছে একসপ্তাহ আগৰ পৰা। গতিকে খেল-ধেমালি কৰা, ফুৰিবলৈ যোৱা, আৰু পঢ়াৰ বাবে যথেষ্ট সময় হিৰণ্যৰ হাতত আছে। সেয়ে বোধকৰোঁ আজৰি সময় পাই ল’ৰাবোৰে নানা ৰং-ধেমালিৰ মাজেৰে চিলা উৰুৱাইছে। সময়পাৰ কৰিছে। হিৰণ্যই নিলগৰ পৰা সকলো ৰেহৰূপ চাই আছে। তেনেকুৱা দৃশ্য সি আগতেও দেখিছে। চিলা উৰিথকা দৃশ্য অতি মনোৰম। চিলাবোৰ যিমানেই আকাশৰ ওপৰলৈ উৰি যায়- সিমানেই খেলখন আকর্ষণীয় হৈ উঠে। নানা বৰণৰ কাগজৰ চিলা আছে। তাৰ ভিতৰত দীখন নেজ থকা চিলাবোৰ চাবলৈ ভাল।
কিছুমান চিলা শগুন জাতীয় চৰাইৰ দৰে পাখি থকা। ডাঙৰ আকৃতিৰ চিলা বোৰ ফানুচ্ৰ দৰে। বাঁহৰ মিহিকাঠীৰে কাগজ লগাই তৈয়াৰ কৰা হয়। এইবোৰ তলৰ পৰা সৰু ৰচাৰে উৰুৱা দেখা যায়। আকৃতি ঢাৰি এখনৰ দৰেই হয়। সৰু চিলাৰ লগত বন্ধা সূতাত এঠাৰে কাঁচৰ প্ৰলেপ সনা থাকে। আকাশৰ ওপৰত এটাৰ লগত আন এটাৰ ঘহনি বা খুন্দা-খুন্দি লাগিলে সূতা চিঙি যায় ফলত বতাহে কোবাইনি বহু দূৰত পেলায়। উদ্ধাৰ কৰি আনিব নোৱাৰি। গছৰ ডাল, বিদ্যুতৰ তাঁৰৰ ওপৰত লাগি থাকিলে নমাই আনিবলৈ চেষ্টা দিয়া দেখা যায় যদিও সম্ভৱহৈ নুঠে।
চেমনীয় সকলে সূতা চিগা চিলাটো কোন দিশে বতাহে উৰুবাই লৈ যায় লক্ষ্য কৰি থাকে আৰু অনুসৰণ কৰি জঁপিয়াই জঁপিয়াই লৰমাৰে, হাঁহাঁকাৰ লগায়। চিলাটো ওপৰৰ পৰা নমাই আনিব নোৱাৰি বিফল হোৱা বাবে পথৰ শিলগুটি মাৰি ক্ষোভত চিলা তচনচ কৰি পেলায়। সেইটো চিলাহৈ নাথাকে, ফাঁলি যায় আৰু অৱশিষ্ট জকাটো ওলমি থাকে। ইয়াক কেন্দ্র কৰি যাতে কোনো ধৰণৰ বিবাদ, হাইকাজিয়াৰ সৃষ্টি নহয় তাৰ বাবে বয়সিয়াল ব্যক্তি সকলে আগভাগ লোৱা দেখা যায়। আকাশৰ বুকুত চিলা উৰুৱা খেল এটা আনন্দ উৎসাহৰ খেল বুলি ভাবি হিৰণ্যৰ ভাল লাগি গ’ল।
****