নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
শেষ সম্বল
~ নিৰুপমা ডেকা~
জীৱনটো এখন চলন্ত যাত্ৰীবাহী ৰেলগাড়ীৰ দৰে। সময় গতিশীল। এনে নহয় যে সময়ক শিকলিৰে বান্ধি ৰাখিব পাৰি। অহাজন আহিছে, যোৱাজন গৈছে। তথাপি তাৰ মাজতে কোনোজনে শিপা খামুচি সময় পাৰ কৰিছে। সেইকণে হয়তো মনৰ সান্ত্বনা। জীৱন ধাৰণৰ দৃষ্টিভঙ্গী ভিন্ন ব্যক্তি বিশেষে। সেয়া স্বাভাৱিক।
জগত বৰুৱাৰ এৰি অহা দিনবোৰলৈ উভতি চাই আমনি লাগিছে। কতজনক পালে কতজনক হেৰুৱালে ক্ষন্তেকীয়া জীৱনত। কোনোজন আদবাটতে গ'ল! কথাবোৰ ভাৱি মনটো স্থবিৰ হৈ পৰে। কেতিয়াবা ভাৱনাত আউল লাগে। বৈবাহিক জীৱনৰ ষাঠি বছৰৰ কোনো স্মৃতিত চকু জলজলীয়া হয়! সেইকণ সময়তে ৰৈ যায়। ক'ত হেৰুৱালে মধুৰ ক্ষণ ! পত্নীৰ অলপ কথাতে মান-অভিমান ! কেতিয়াবা বুজাই-বঢ়াইয়ো তত নেপাইছিল আৰু এতিয়া বৰ্তমানটোৰ কথা ভাবিলে বুকুখন মোচৰ খায়। দিন যায় ৰাতি নুপুৱায় যেন লাগে। এটা সময়ত প্ৰেম বতাহত সৰিছিল। মন কমোৱা তুলাৰ দৰে উৰিছিল। এতিয়া ছাল শোটোৰা পৰিল। শৰীৰটোৱে বিদ্ৰূপ কৰিবলৈ ল'লে! শৰীৰ আৰু মনৰ মাজত টনা-আজোৰা। মনে কয়, ‘বুঢ়া নহওঁ মই আৰু শৰীৰে কয় তোৰ অতপালি দিনক দিনে চৰিল!' কি যে বিড়ম্বনা মনৰ ভিতৰত ! জগত বৰুৱাই শোৱনি কোঠাৰ আৰামী চকীখনত হেলান দি পৰি অকলে বেবেৰিবাংকৈ বলকি আছে। তেনে সময়তে মানুহজনী কোঠালৈ সোমাই আহিল আৰু মুখলৈ চাই ক'বলৈ ল'লে- “ব'লক ভাত কিটা সময়ত খাই ল'ব। ঢেৰ কাম পৰি আছে।" বৰুৱাৰ তেনেবোৰ কথাতেই চিন্তাৰ আউল লাগে। ঘৰত বোৱাৰীজনী আছে। সকলো কাম চম্ভালি থাকে। তথাপি মানুহজনীৰ ঢেৰ কাম ! অলপ সময় ওচৰত বহিবলৈ আজৰি নহয়। অথচ সেই একেজনী মানুহেই এটা সময়ত ছাঁটোৰ দৰে লাগি ফুৰিছিল। শেষ বয়সত শোৱা শেতেলীও নিলগাই ল'লে। ৰাতি বৰুৱা সঘনে প্ৰশ্ৰাৱ কৰিবলৈ উঠে বাবে। সেইকণ আমনিও সহিব নোৱাৰা হ'ল। এনেবোৰ কথাটো অসহ্য লাগে। পিছে কাকো একো ক'ব নোৱাৰে। মানুহজনীক কিবা একাষাৰ ক'লেও জকজকাই উঠে। মানুহৰ বয়স হ'লে হেনো মৰম বাঢ়ে। কিন্তু বৰুৱাই দেখিলে তেওঁৰ ক্ষেত্ৰত সকলো ওলোটা হ'ল। মানুহজনীৰ নাতিয়েক দুটাৰ আল মাৰি শেষ নহয়। সিহঁত দুটাও সাত ঘাটৰ সৈয়া কণী। ককাকৰ লগ নলয়। ককাকে কেতিয়াবা পঢ়ুৱাবলৈ ওচৰলৈ মাতিলেও গাৰ ছাঁত নলয়। ডাঙৰটো যহন-তহন আৰু সৰুটোক মাতিলেই নানা অজুহাত দেখুৱায়। সেয়ে ঘৰখনত মানুহ থকাৰ পিছতো বৰুৱাই কোনোবা এটা ক্ষণত অকলশৰীয়া অনুভৱ কৰে।
আজি ৰবিবাৰ। পুতেকৰ অফিচ বন্ধ। সেয়ে বিছনাত অলপ দেৰিলৈ পৰি আছিল। বিছনাত পৰি থাকি কাষতে থকা দেউতাকৰ শোৱনি কোঠাৰ পৰা দেউতাকৰ মাত শুনিবলৈ ল'লে- “বেলি দুপৰ হ'ল। বিছনাখন এৰিবৰ নহয়। এই মানুহবোৰৰো জানো কি হ'ল? কোনো দেখা সাক্ষাত নাই ! মানুহবোৰ বাৰু কি লৈ ব্যস্ত হ'ল !"
দেউতাকৰ গোৱাল গালি শুনি পুতেক বিছনাখনৰ পৰা উঠি আহিল। কোঠালৈ সোমাই গৈ দেখে ম'বাইল ফোনটো পিটিকি অকলে ভোৰভোৰাই আছে। কিনো ক'ব ভাবি নেপালে। দাঁত মাজি চাহকাপ খাই ল'লে। পিছত দেউতাকৰ কাষত আহি বহি ল'লে আৰু ক'বলৈ ল'লে- “দেউতা কাক গালি পাৰি আছিল ! "
ঃ কাকো গালি পৰা নাই। আজি দেখোঁ মোৰ ঘৰলৈ এজনো আলহী অহা নাই। মানুহবোৰ বাৰু কি লৈ ব্যস্ত হ'ল?
ঃ তাৰমানে দেউতা ?
ঃ শুনা, কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত অকলশৰীয়া অনুভৱ কৰিম বুলি ম'বাইল ফোনটো আনি দিলা আৰু হোৱাই-নোহোৱাই কিবা অলপ লিখি বন্ধুবৰ্গলৈ আগবঢ়াবলৈ ল'লো। এনেকৈ অকলশৰীয়া ভাৱে মনলৈ অহাৰ সুৰুঙা নেপালে। হৃদপিণ্ডৰ চিনটো দেখিলে কিমান ভাল লাগে বুজি নেপাবা।
ঃ অ' দেউতা, কথাৰ গুৰি ক’ৰবাত তেতিয়াহ'লে। সকলোৰে পঢ়াৰ প্ৰতি আগ্ৰহো নেথাকে ভাটি বয়সত। শৰীৰৰ পৰিবৰ্তনৰ লগে লগে মনৰো পৰিৱৰ্তন হয়। সকলো আপোনাৰ দৰে চফল মনৰ নহয়। শইকীয়া বৰদেউতাৰ গাটো অলপ বেয়া। আজিৰ পৰা আপোনাৰ খাটাত মোৰ নামটোও অন্তৰ্ভুক্ত কৰিব। আপোনাৰ অনুভৱক চুই চাবলৈ চেষ্টা কৰিম। আপোনাৰ অভিজ্ঞতাক জুকিয়াই চাবলৈকে সুচল হ'ব। সময়ত সন্তানো বন্ধুৰ দৰে।
পুতেকৰ কথা শুনি বৰুৱা আশ্বস্ত হ'ল। মনটো প্ৰশান্তিৰে ভৰি পৰিল। ইফালে মাকৰ বাপেক-পুতেকৰ নিবিড় আলোচনা দৃষ্টিগোচৰ হৈছিল কিন্তু কথাৰ আঁত ধৰিব পৰা নাছিল। কথাৰ আঁত ধৰিব নোৱাৰি এদিন মাত লগালে, বিয়নী মেলখন শেষ নহয় নেকি ? বেলি মূৰৰ ওপৰত উঠিল। গাত পানী এতিয়াও পৰা নাই। বোৱাৰীয়ে ভাত ৰান্ধি খাবলৈ দিবলৈ ৰৈ আছে। তাইকো জিৰণি লাগে।
মাকৰ কথা শুনি পুতেকৰ হাঁহি উঠিল ‘বিয়নী মেল' ! মাকৰ মুখলৈ চাই ক'বলৈ ল'লে, “ৰ'বা ৰ'বা, চিন্তা নকৰিবা, এক মিনিটতে গা ধোৱা ঘৰৰ পৰা গা তিয়াই ওলাই আহিম।"
বৰুৱাই মনে মনে ভাবিলে নাৰী সঁচাকৈয়ে ৰহস্যময়ী ! কিন্তু জীৱনৰ শেষ বয়সৰ অৱস্থাৰ কথা ভাৱি যি আশংকাত ভুগিছিল তাৰ পৰা ৰেহাই পালে আৰু মৰ্মে মৰ্মে উপলব্ধি কৰিলে জীৱনৰ আঁৰত থাকে জীৱন।
****