নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
হে সময়...
~ ৰঞ্জিত কুমাৰ কলিতা~
অতীত, বৰ্ত্তমান আৰু ভৱিষ্যৎ -- এই তিনি কাল-চক্ৰৰ মাজত আৱদ্ধ সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ চৰাচৰ জগতৰ জীৱন পৰিক্ৰমা। মানুহ তাৰ ব্যতিৰেক নহয়। জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ সৃষ্টি, স্থিতি আৰু লয়ৰ প্ৰকৃতি নিৰ্দ্ধাৰিত হয় সময়ৰ আপেক্ষিক পৰিৱৰ্ত্তনৰ ৰেহৰূপত। মানুহ সময়ৰ নিয়ন্ত্রণাধীন; সময়ক আৱদ্ধ কৰি ৰাখিবলৈ অপাৰগ মানুহ। মানুহ মাত্ৰেই সময়ৰ ওচৰত নিঃকিন; বশ্যতা স্বীকাৰ নকৰি উপায় নাই।
তথাপি মানুহে পাহৰি যায় নিজৰ অতীত, নস্যাৎ বা বিকৃত কৰিব খোজে প্ৰকৃত ইতিহাস নিজৰ স্বাৰ্থৰ অনুকূলে; বৰ্ত্তমানৰ অৱস্থিতিৰ চাকনৈয়াত বুজিবলৈ চেষ্টা নকৰে ৰহস্যময় ভৱিষ্যতত কি বা কেনে হ'বগৈ পাৰে নিজৰ অস্তিত্ব।
কাচিৎহে কাৰোবাৰ দিন সমানে যায়, সময় অনুকূলে। অতীতত ভেজা দি গঢ় লয় বৰ্ত্তমান, বৰ্ত্তমানে মুকলি কৰে ভৱিষ্যতৰ দুৱাৰ। ভৱিষ্যতৰ জীৱন যাত্রা পথ মসৃণ হ'বনে কণ্টকময়, সেয়া সময়েহে ক'ব। সময়ৰ সৈতে তাল মিলাই খোজ দিব নোৱাৰিলে বিচ্যুতি ঘটিব পাৰে আমাৰ জীৱন দৰ্শন। নতুনৰ সাজত নিজকে খাপ খুৱাই ল'বলৈ নমনীয় নহ'লে সম্মুখীন হ'ব লাগিব আদৰ্শগত সংঘাতৰ— প্ৰথমতে আমাৰ ভৱিষ্যত প্ৰতিভুৰ সৈতে, পিছত নিজৰ মৰ্যাদা আৰু সত্তাৰ সৈতে। পৰম্পৰাগত অতীতৰ সময়ানুগত আৱেগ আৰু পৰিৱৰ্তনকামী ভৱিষ্যতৰ যুক্তিৰ ৰণত কেতিয়াবা আত্মসমর্পণ কৰিবলগীয়া হয়। এয়াও সময়ৰে খেল। য'ত আমি মাথোঁ নিমিত্ত খেলনা ।
গতিকে আমি এৰি অহা সময়ৰ তিক্ততাখিনি একাষৰীয়া কৰি থৈ মধুৰতাখিনি ৰোমন্থন কৰি যেনেদৰে আহ্লাদিত আৰু প্ৰণোদিত হওঁ, তেনেদৰে বৰ্ত্তমানৰ সৰলেই হওক বা ৰূঢ়, বাস্তৱতাখিনিও সহজেই মানি ল'ব লাগিব, একেদৰে অতীত আৰু বৰ্ত্তমানৰ অভিজ্ঞতাসমূহৰ ভিত্তিত ভৱিষ্যতৰ কল্পনা আৰু সৃষ্টিৰ সৌধ নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হ'ব লাগিব। এই সকলোবোৰৰ ফলশ্রুতি এৰি দিব লাগিব সময়ৰ হাতত। সময়ে আমাক য'লৈকৈ ইচ্ছা লৈ যাব, আমাৰ ইচ্ছা অনুসৰি নহয়। সেয়েহে চিৰ পৰিৱৰ্ত্তনকামী গতিশীল সময়ক আমি কেতিয়াও ক'ব নোৱাৰোঁ— ‘হে সময়, অকণ ৰোৱা!'
****