নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
নৈমিষাৰণ্য আৰু নামঘৰ –
~ কানন দাস ~
মহাজ্ঞানী ভক্তপ্ৰাণ মুনি সকলে ব্ৰহ্মাদেৱক পৰম ভক্তিৰে প্ৰাৰ্থনা কৰি সুধিছিল পুণ্যদেশ কোনখন— কোন স্থানত বাস কৰিলে দুষ্ট কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে- তেতিয়া ব্ৰহ্মাদেৱে এটি অনুপম চক্ৰলৈ দেখুৱাই কৈছিল— হে মুণিগন, এই চক্ৰ সুলাভ, দিব্যৰূপী আৰু সত্যগামী অনুপম চক্ৰ৷ এই অনুপম চক্ৰৰ পমখেদি গৈ যি ঠাইত ৰ’ব সেয়াই হ’ব পুণ্যস্থান৷ এই চক্ৰই হ’ল ধৰ্মচক্ৰ আৰু যি ঠাইত অন্তৰ্হিত হ’ব সেই দেশৰ সেই স্থান উত্তম হ’ব৷ সেই স্থানত কোনো প্ৰকাৰে কলি প্ৰৱেশ কৰিব নোৱাৰিব৷ পৰম ধাৰ্মিক মুনি সকলে অতিভক্তিভাৱে ব্ৰহ্মাদেৱক সেৱা জনাই সেই স্থানলৈ যাত্ৰা আৰম্ভ কৰিলে৷ অলপ গৈ প্ৰাৰ্থনা কৰি গৈ থকা মুনিসৱক সেই ধৰ্মচক্ৰ অনুপম দেখা দিলে আৰু ব্ৰহ্মাদেৱে কোৱাৰ দৰেই মুনি সবে পিছে পিছে গৈ থাকিল আৰু এটা সময়ত গঙ্গা তীৰৰ ওচৰৰ এখন বিশাল অৰণ্যৰ মাজত প্ৰৱেশি অনুপম চক্ৰ অন্তৰ্হিত হৈছিল৷ পৰম ভক্তিভাৱে মুনিসৱে ব্ৰহ্মাদেৱক সুৱৰি সেই মহান পৱিত্ৰ ঠাইখনক ‘‘নৈমিষাৰণ্য’’ নামে নামকৰণ কৰে৷
নৈমিষাৰণ্যই ভক্তপ্ৰাণ মুনিসৱক অনুভৱ কৰাইছিল পৱিত্ৰতা আৰু সত্যৰ৷ তেওঁসৱে তাত ধৰ্মালোচনা, যাগ-যজ্ঞৰ মাজেৰে ঈশ্বৰ তত্ত্ব মন্থন কৰিবলৈ শান্তিৰ সুবিশাল উচিৎ পৰিসৰ অনুভৱ কৰিছিল৷
মহামুনি ব্যাসদেৱৰ শিষ্য মহাজ্ঞানী লোমহৰ্ষণে পুত্ৰ সূত উগ্ৰশ্ৰৱাক কৈছিল যে তুমি নৈমিষাৰণ্যলৈ গৈ ধৰ্মপ্ৰাণ মুনিসৱক ধৰ্মতত্ত্বৰ বিষয়ে ব্যাখ্যা কৰিবা, তেওঁসৱে যেতিয়া ধৰ্মতত্ত্বৰ বিষয়ে সুধিব তেতিয়া তুমি মোৰ ওচৰত চমুকৈ যি শুনিছা সেইবোৰ বিস্তৰ ভাৱে ব্যাখ্যা কৰি শুনাবা আৰু তেওঁসৱক শুশ্ৰূষা কৰিবা৷ পিতৃ বাক্য পালি উগ্ৰশ্ৰবা সূতে সেই স্থান পালে৷ বহুকাল যজ্ঞ কৰি থকা মুনিসৱে তেওঁক পাদ্য-অধ্যাদিৰে পুজি আদৰি আসনত বহুৱাইছিল আৰু নৈমিষৰণ্যলৈ অহাৰ উদ্দেশ্য জানিব বিছৰাত কৈছিল যে পিতৃ ব্যাসদেৱৰ শিষ্য মহাজ্ঞানী আৰু বুদ্ধিমান লোমহৰ্ষ্যনে মোাক আপোনাসৱক শুশ্ৰূষা কৰিব পঠাইছে আৰু কিবা প্ৰশ্ন থাকিলে সদুত্তৰ দিব দিছে৷ সেয়েহে ভক্তপ্ৰাণ মুনিসৱ মই পিতৃবাক্য পালনৰ হেতু ইয়ালৈ আহিছোঁ৷ এই কথা শুনি গুৰু শৌনক যি সৰ্বশাস্ত্ৰ বিষাৰদ মেধাৱী মহাজ্ঞানীয়ে কৈছিল যে নৈমিষাৰণ্যত আঠাইছ হাজাৰ [২৮০০০] বেদজ্ঞ ব্ৰহ্মবাদী মুনিয়ে তোমাৰ আগমনৰ বিষয়ে জানি পৰম আগ্ৰহী হৈ পৰিছে৷
হে পৰমজ্ঞানী সূত তুমি ইতিহাস পুৰাণত পণ্ডিত ব্যাসদেৱ বিৰচিত পদ্মপুৰাণ বৰ্ণনা কৰা– পদ্ম কেনেকৈ জন্ম হৈছে, ব্ৰহ্মাই কেনেকৈ জন্মলাভ কৰিছে ইত্যাদি তেওঁৰ সৃষ্টিৰ সকলো বিস্তৰ ভাবে বৰ্ণনা কৰা৷
এই কথা শুনি সূত মুনিয়ে পদ্ম পুৰাণৰ সমস্ত ব্যাখ্যা কৰি শৌনক আদি প্ৰমুখ পৰম জ্ঞানী মুনিসৱক শুনাইছিল– যেনে পুৰাণৰ অৱতাৰ প্ৰসংগ, সৃষ্টি সাধাৰণ ক্ৰম– সৃষ্টি খণ্ডৰ বিস্তৰ বিৱৰণ, দক্ষ যজ্ঞ, দেৱতা-দানৱৰ জন্ম, সূৰ্যৰ বংশ বৰ্ণনা পৃথ্বুৰ জন্ম বৰ্ণনা, শ্ৰাদ্ধাদিত পিতৃমাহাত্ম্য বৰ্ণনা, চন্দ্ৰ আৰু যদুবংশৰ বৰ্ণনা, অৱতাৰ চৰিত, ৰুদ্ৰৰ ব্ৰহ্ম হত্যাৰ মোচন, সপ্তৰ্ষি সংবাদ - ধৰ্ম নীতি, গণপতি কীৰ্তন বৰ্ণনা কৰি শুনাইছিল৷ সেয়েহে নৈমিষাৰণ্য এনে এখন পৱিত্ৰ ৰহস্যময় স্থান য’ত তন-মন উজাৰি ভগৱানৰ চৰণ কমলত নিজকে সপি কলিৰ কলিমলৰ পৰা আতৰত থাকি মুক্তিৰ পৱিত্ৰ সৰোৱৰত স্নান কৰি মুক্তিধামত যাব পাৰি৷
শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ সবাতকৈ মহান অৱদান হ’ল নামঘৰ বা কীৰ্ত্তন ঘৰ৷ গঙ্গা তীৰৰ পৱিত্ৰ স্থান নৈমিষাৰণ্য যেন ‘‘নামঘৰত’’ অনুভৱ কৰা যায়– য’ত হৰিৰ ১৪ প্ৰসঙ্গ হয়৷ নাম-কীৰ্ত্তন কৰা হয়৷ মহাভাগৱত শাস্ত্ৰ পাঠ কৰা হয়৷ কীৰ্ত্তন আৰু নামঘোষাৰ মন্থন কৰা হয়৷ নামঘৰ অসমীয়া জাতিৰ কৃষ্টিকেন্দ্ৰৰ বিন্দু৷ মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে–
পুণ্য অৰণ্যৰ মাজে মাধৱৰ তামসিংহ
প্ৰকাশ কৰয় আতি বড়ে
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তীচয়
পলাই আতিক্ৰাসত লৱৰে ৷৷ [নামঘোষা] ৷৷ ২৫৷৷
নামঘৰ পৃথিৱীত বিৰল য’ত নেকি–
একান্ত ভকত সৱে নিগুৰ্ণ কৃষ্ণৰ গুণ
গাৱে সদা বষিয়া যথাত
বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত
[নামঘোষা]৷৷ ৪৷৷
সেয়েহে নামঘৰ এক সবাতোকৈ পৱিত্ৰ স্থান৷ নৈমিষাৰণ্যত যেনেকে কলি প্ৰৱেশ কৰিব নোৱাৰিলে তেনেকে নাম মহিমাৰ বলত নাম ঘৰত কলি কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে৷ পঢ়ুৱৈ সমাজক প্ৰাৰ্থনা কৰিছোঁ ঘোষাৰ নামেৰে কিৱা ভুল কৰিছোঁ যদি ক্ষমা প্ৰাৰ্থনাৰে–
মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ
ক্ষমিয়োকে হৰি লয়ো দাস কৰি
পশিলো হেৰা শৰণ৷
[নামঘোষা]৷৷ ১৮৩৷৷
****