নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
গল্পকাৰ সৌৰভ চলিহাঃ এক চমু অৱলোকন
~ মৃন্ময় ডেকা~
অসমীয়া চুটি গল্প সাহিত্যৰ আধুনিক ধাৰাত সৌৰভ চলিহা এক ব্যতিক্ৰমী আৰু গভীৰ মননশীল সাহিত্যিক। তেওঁৰ গল্পসমূহ অসমীয়া সাহিত্যত এক নতুন দৃষ্টিভংগী, নতুন ভাষা আৰু নতুন দাৰ্শনিক চেতনা কঢ়িয়াই আনিছে। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত অসমীয়া সমাজ-জীৱনৰ জটিল বাস্তৱতা, আধুনিক মানুহৰ মানসিক সংকট, নিঃসঙ্গতা, বিজ্ঞানমনস্কতা, অস্তিত্ববাদী বেদনা আৰু মূল্যবোধৰ সংকটক তেওঁ গল্পৰ মাজেৰে অসাধাৰণ শিল্পদক্ষতাৰে প্ৰকাশ কৰিছে। সৌৰভ চলিহাৰ গল্পৰ বিষয়বস্তুসমূহৰ মাজত এক গভীৰ দাৰ্শনিক অনুসন্ধান বিদ্যমান। তেওঁৰ গল্প কেৱল ঘটনাভিত্তিক নহয়; বৰং ই মানুহৰ অস্তিত্ব, চেতনা, সময়, নিঃসঙ্গতা আৰু জীৱনৰ অৰ্থহীনতাৰ গভীৰ অনুসন্ধান। আধুনিক জীৱনৰ মানসিক শূন্যতা আৰু যান্ত্ৰিকতাৰ বিৰুদ্ধে তেওঁৰ গল্পসমূহ এক নীৰৱ কিন্তু গভীৰ প্ৰতিবাদ।
সৌৰভ চলিহাৰ গল্পৰ অন্যতম মুখ্য বিষয় হৈছে আধুনিক মানুহৰ অস্তিত্ব সংকট। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পাশ্চাত্য সাহিত্যত যিদৰে অস্তিত্ববাদী দৰ্শনৰ উত্থান হৈছিল, তেনেদৰে অসমীয়া সাহিত্যতো আধুনিকতাৰ অভিঘাতে মানুহৰ মানসিক নিঃসঙ্গতা আৰু আত্মবিচ্ছিন্নতাৰ অভিজ্ঞতা বৃদ্ধি পায়। সৌৰভ চলিহাৰ গল্পত এই অনুভৱ স্পষ্ট। তেওঁৰ বহু গল্পত চৰিত্ৰসমূহ সমাজৰ মাজত থাকিও মানসিকভাৱে একাকী। তেওঁলোকে নিজৰ অস্তিত্বৰ অৰ্থ বিচাৰি ফুৰে, কিন্তু কোনো নিশ্চিত উত্তৰ নাপায়। জীৱন যেন এক অন্তহীন শূন্যতা। মানুহৰ অস্তিত্বৰ চেতনা আৰু কাল-চেতনাৰ দোদুল্যমানতা আৰু চেতন-অৱচেতনৰ দ্বান্দ্বিক উপস্থাপনেই চলিহাৰ গল্পৰ প্ৰাণবিন্দু। এই অনুভৱ আলবেৰ কামু অথবা জাঁ-পল ছাৰ্ত্ৰৰ অস্তিত্ববাদী চিন্তাৰ সৈতে সাদৃশ্যপূর্ণ। এই ক্ষেত্ৰত “বীণা কুটিৰ” শীৰ্ষক গল্পটোৰ নাম নলৈ নোৱাৰি।
“বীণা কুটিৰ” গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ সমাজৰ পৰা এক প্ৰকাৰ দূৰৈত অৱস্থান কৰিছে। তেওঁৰ জীৱনত বাহ্যিক সফলতা বা সামাজিক সম্পৰ্কতকৈ অন্তৰ্মুখী চিন্তা আৰু আত্ম-অনুসন্ধান অধিক গুৰুত্বপূৰ্ণ। তেওঁ নিজৰ অস্তিত্ব, জীৱনৰ উদ্দেশ্য আৰু বাস্তৱতাৰ সন্মুখীন হৈ যি এক গভীৰ মানসিক সংকটৰ মুখামুখি হৈছে তাৰ পৰা existential crisis ৰ উমান সহজে পাৱ পাৰি। তদুপৰি “বীণা কুটিৰ”ত পৰিৱেশ আৰু বৰ্ণনাশৈলীয়েও অস্তিত্ববাদী ভাবধাৰাক শক্তিশালী কৰিছে। নীৰৱ, বিষণ্ণ আৰু চিন্তামগ্ন পৰিৱেশে চৰিত্ৰৰ অন্তৰ্জগতৰ অস্থিৰতাক প্ৰতিফলিত কৰে। লেখকে সংলাপতকৈ চৰিত্ৰৰ অন্তৰ্মুখী অনুভূতি আৰু মনস্তাত্ত্বিক বিশ্লেষণত অধিক গুৰুত্ব দিছে। ফলত পাঠকে চৰিত্ৰৰ মানসিক যন্ত্ৰণা আৰু অস্তিত্ব সংকট গভীৰভাৱে অনুভৱ কৰিব পাৰে।
একেদৰে তেওঁৰ “বাসন্তিকা” গল্পটোত নগৰীয়া জীৱন যুঁজৰ পৰিক্ৰমা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অনামিকা হ’ল নগৰ কেন্দ্রিক আধুনিক মধ্যবিত্ত জীৱনৰ নামহীন, পৰিচয়হীন, জীৱিকাদগ্ধ অজস্ৰ মানুহৰ এগৰাকী প্রতিনিধি। এই চৰিত্ৰৰ প্ৰতি মুখ্য চৰিত্ৰৰ সঁহাৰিৰ মাজেদিহে মুখ্য চৰিত্ৰৰ ভিতৰখন দেখা যায়। গল্পটোত অতি অনাড়ম্বৰ ভাৱে উপস্থাপিত হৈছে অনামিকা নামৰ এই দ্বিতীয় চৰিত্ৰটো। আৰু তাইৰ ক্ষয়প্রাপ্ত জীৱনৰ ইংগিত আহিছে ইতঃস্ততঃভাৱে, মুখ্য চৰিত্ৰটোৰ উদাসীন সঁহাৰিৰ অনুপাতে।
তেওঁৰ আন এটা উল্লেখযোগ্য গল্প হ’ল ‘অশান্ত ইলেক্ট্ৰন’। ই এটা গভীৰ প্ৰতীকধৰ্মী গল্প। যেনেকৈ ইলেকট্ৰন সদায় গতিশীল আৰু অস্থিৰ, তেনেদৰে গল্পৰ চৰিত্ৰৰ মনো সদায় সংশয়, উদ্বেগ আৰু মানসিক টানাপোড়েনেৰে জৰ্জৰিত। এই অস্থিৰতা আধুনিক মানুহৰ অস্তিত্ব সংকটৰ প্ৰতীক। গল্পটোত নিঃসঙ্গতাৰ অনুভূতিও স্পষ্ট। চৰিত্ৰটোৱে মানুহৰ মাজত থাকিও নিজকে একাকী অনুভৱ কৰে। সমাজৰ প্ৰচলিত মূল্যবোধ বা নিয়মে তাক মানসিক শান্তি দিব নোৱাৰে। ফলত সি নিজৰ অন্তৰজগতলৈ উভতি যায় আৰু জীৱনৰ অৰ্থ বিচাৰি আত্মবিশ্লেষণ কৰে। এই আত্মসন্ধান অস্তিত্ববাদী সাহিত্যৰ অন্যতম বৈশিষ্ট্য। সামাজিক আৰু ৰাজনৈতিক অস্থিৰ দোদুল্যমানতা, স্বাধীনতাৰ পৰৱৰ্তী মধ্যবিত্ত জীৱনচর্যাক ইলেক্ট্রনৰ চিত্ৰকল্পেৰে সুন্দৰ ৰূপত প্রকাশ কৰিছে। ইয়াৰ উপৰি, গল্পটোৱে ব্যক্তিস্বাধীনতা আৰু তাৰ লগত জড়িত দায়িত্বৰ কথাও প্ৰকাশ কৰে। মানুহ স্বাধীন যদিও সেই স্বাধীনতাৰ ফলত সিদ্ধান্ত লোৱাৰ বোজা আৰু অনিশ্চয়তাও বহন কৰিব লাগে। চৰিত্ৰটোৰ মনত জন্ম লোৱা সংশয়, ভয় আৰু সিদ্ধান্তহীনতা এই অস্তিত্ববাদী বাস্তৱতাক স্পষ্ট কৰে।
সামগ্ৰিকভাৱে ক’ব পাৰি যে সৌৰভ চলিহা-ৰ গল্পসমূহ অসমীয়া সাহিত্যত আধুনিক দাৰ্শনিক চেতনা আৰু অস্তিত্ববাদী অনুভৱৰ এক অনন্য প্ৰকাশ। তেওঁৰ গল্পত আধুনিক মানুহৰ নিঃসঙ্গতা, সময়চেতনা, বিজ্ঞানমনস্কতা, নগৰীয়া জীৱনৰ সংকট, মৃত্যুচেতনা আৰু মূল্যবোধৰ অৱক্ষয় গভীৰ শিল্পবোধৰ সৈতে প্ৰকাশ পাইছে। তেওঁ অসমীয়া গল্প সাহিত্যক কেৱল বিষয়বস্তুৰ ক্ষেত্ৰতেই নহয়, ভাষা আৰু আঙ্গিকৰ ক্ষেত্ৰতো নতুন দিশ প্ৰদান কৰিছে। নীৰৱতা, ইঙ্গিতধৰ্মী ভাষা, প্ৰতীকধৰ্মী উপস্থাপনা আৰু মনস্তাত্ত্বিক গভীৰতাই তেওঁৰ গল্পসমূহক স্বকীয় মৰ্যাদা দিছে। সৌৰভ চলিহাৰ সাহিত্য পাঠকক কেৱল গল্পৰ আনন্দ নিদিয়ে; ই মানুহৰ অস্তিত্ব, সময় আৰু জীৱনৰ অৰ্থৰ বিষয়ে গভীৰ চিন্তা কৰিবলৈ বাধ্য কৰে। সেই কাৰণেই তেওঁৰ গল্পসমূহ অসমীয়া আধুনিক সাহিত্যৰ এক অমূল্য সম্পদ হিচাপে চিৰস্মৰণীয় হৈ থাকিব।
******