নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
সামাজিক মাধ্যম আৰু শিশু অপৰাধ প্ৰৱণতা
~পুলকিতা পাঠক~
সমাজৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে শিশুসকলৰ ওপৰত। শিশুৱেই আগন্তুক সমাজৰ নাগৰিক, নেতা, চিন্তাবিদ আৰু সংস্কৃতিৰ বাহক। কিন্তু আধুনিক সমাজত এক উদ্বেগজনক সমস্যা হৈছে শিশু অপৰাধ বা কিশোৰ অপৰাধ (Juvenile Delinquency)। হত্যা, চুৰি, মাদকাসক্তি, সাইবাৰ অপৰাধ, বিদ্যালয়ত হিংসা, যৌন অপৰাধ, গেং-সংস্কৃতি আদি ক্ষেত্ৰত শিশুসকল জড়িত হোৱাৰ সংখ্যা ধীৰে ধীৰে বৃদ্ধি পাইছে। এই সমস্যাই সমাজবিজ্ঞানী, শিক্ষাবিদ, মনোবিজ্ঞানী আৰু অভিভাৱকসকলক গভীৰভাৱে চিন্তিত কৰিছে।
শিশু অপৰাধ কেৱল আইন ভংগ কৰা আচৰণ নহয়; ই এক গভীৰ মনস্তাত্ত্বিক, পাৰিবাৰিক আৰু সামাজিক সংকটৰ প্ৰতিফলন। আমাৰ সমাজ ব্যৱস্থা আৰু দেশৰ আইন-কানুন পৰিপন্থী কাম-কাজ আৰু গতিবিধি তথা আচৰণকে আমি অপৰাধৰ শ্ৰেণীত ৰাখো। এজন শিশু জন্মগতভাৱে অপৰাধী নহয়। পৰিৱেশ, অভিজ্ঞতা, মানসিক চাপ, অবহেলা, সামাজিক বৈষম্য আৰু ব্যক্তিত্বৰ বিকাশৰ অসামঞ্জস্যই শিশুক অপৰাধৰ পথলৈ ঠেলি দিয়ে। সেয়ে শিশু অপৰাধক বুজিবলৈ মনোবৈজ্ঞানিক বিশ্লেষণ অত্যন্ত প্ৰয়োজনীয়। শিশু অপৰাধ বুলিলে সেই আচৰণক বুজায় যি আইন, নীতি বা সামাজিক মূল্যবোধৰ বিপৰীত আৰু যি অপ্ৰাপ্তবয়স্ক শিশু বা কিশোৰে সংঘটিত কৰে। সমাজ আৰু দেশভেদে বয়সৰ সীমা ভিন্ন হ’লেও সাধাৰণতে ১৮ বছৰৰ তলৰ অপৰাধীক কিশোৰ অপৰাধী বুলি গণ্য কৰা হয়।
শিশু অপৰাধ বিভিন্ন ধৰণৰ হ’ব পাৰে। প্ৰথম অৱস্থাত শিশুৰ মাজত কিছুমান প্ৰতিকূল আচৰণ পৰিলক্ষিত হয় আৰু পিচত তেনে আচৰণেই অপৰাধ প্ৰৱণতা গঢ়ি তোলাত সমল যোগায়। মনোবিজ্ঞানৰ দৃষ্টিত এই আচৰণসমূহ হৈছে শিশুৰ অন্তৰ্জগতৰ অস্থিৰতা, হতাশা, ভয়, বঞ্চনা অথবা স্বীকৃতি লাভৰ আকাংক্ষাৰ বহিঃপ্ৰকাশ। এইক্ষেত্ৰত শিশুৰ ঘৰুৱা তথা বিদ্যালয়ৰ পৰিৱেশ, সহপাঠী, বন্ধুকুল, সংস্পৰ্শলৈ অহা বয়োঊৰ্ধ ব্যক্তি, সামাজিক মাধ্যম আৰু ইণ্টাৰণেট প্ৰযুক্তিৰ সংস্পৰ্শ আদিয়ে শিশুৰ ব্যক্তিত্ব গঠন আৰু আচৰণ পৰিৱৰ্তনৰ অন্যতম কাৰক হৈ পৰে। যেতিয়াৰ পৰা ইণ্টাৰনেট সুলভ হ’ল, তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াৰ গুৰুত্ব বৃদ্ধি পালে। মানুহে দিনটোৰ অধিকাংশ সময় সামাজিক মাধ্যম খুচুৰি সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিলে। ছ’চিয়েল মিডিয়াই এনেকুৱা এখন ভাৰ্চুৱেল সমাজৰ সৃষ্টি কৰিলে, য’ত মানুহে ভাৰ্চুৱেলি লগহৈ থাকিবহে ভাল পায়। এনেকুৱা ভাৰ্চুৱেল সমাজৰ ধাৰণাই “প্ৰকৃত সমাজৰ” পৰা মানুহক দূৰৈত অৱস্থান কৰালে। পিতৃ-মাতৃয়ে শিশুটোক সময় দিয়াৰ পৰিৱৰ্তে স্মাৰ্ট ফোনটো হাতত তুলি দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল। ফলস্বৰূপে সম্পৰ্কৰ এনাজৰী পাত ঢিলা হৈ আহে আৰু শিশুৰ মানসিক কুশলতা আৰু আচৰণৰ দ্ৰুত পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। John Bowlby-ৰ Attachment Theory অনুসৰি শিশুৱে পিতৃ-মাতৃৰ সৈতে সুৰক্ষিত মানসিক সম্পৰ্ক গঢ়ি তুলিব নোৱাৰিলে তাৰ ভিতৰত নিৰাপত্তাহীনতা আৰু মানসিক শূন্যতা সৃষ্টি হয়। এই শূন্যতাই কেতিয়াবা অপৰাধমূলক আচৰণলৈ ৰূপান্তৰিত হয়।
অজিকালি শিশুসমূহে খেলা-ধুলা খেলাতকৈ মোবইলত সামাজিক মাধ্যম খুচুৰি বিভিন্ন কণ্টেন্ত চোৱাত বেছিকৈ গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত মাক-দেউতাক আৰু অভিভাৱক সকলেও শিশুটোক শান্ত ৰখাৰ খাতিৰত হাতত মোবাইল ফোনটো তুলি দিবলৈ কুণ্ঠাবোধ নকৰে। আহাৰ খোৱা, গা-ধোৱা, নিচুকোৱা আদি সকলো সময়ত মোবাইল ফোনটো শিশুটিৰ হাতত তুলি দিয়া হয়। আনকি মাক-দেউতাকেও শিশুটোৰ লগত থকা সময়খিনিত নিজেও সামাজিক মাধ্যম খুচুৰি থকা, ৰীল চাই থকা দেখা যায়। ইয়াৰ ফলত শিশুটি অতি কম বয়সৰ পৰাই মোবাইল ফোনৰ প্ৰতি আকৃষ্ট হয় আৰু লাহে-লাহে ই এক অভ্যাসত পৰিণত হয়। ফুলকুমলীয়া বয়সৰ পৰাই শিশুটিয়ে সামাজিক মাধ্যমত প্ৰচাৰিত কন্তেণ্ট সমূহ উপভোগ কৰিবলৈ ধৰে। ছ’চিয়েল মিডিয়াত— ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউট্যুৱ, ৰেডিট, টিকটক আদি— প্ৰচাৰিত কণ্টেন্ত সমূহ শিশুৰ বয়স সমানুপাতিক নহবও পাৰে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত অধিকাংশ কণ্টেন্তত উগ্ৰতা, উচ্চ-ধ্বনি, চিঞৰ-বাখৰ, শিহৰণকাৰী সংগীত আৰু দৃশ্যৰ পয়োভৰ ঘটে। নিচেই কম বয়সৰ পৰা শিশুটিয়ে এনেকুৱা কণ্টেন্ত চাই থকাৰ ফলত শিশুটিৰ দৈহিক আৰু মানসিক স্বাস্থ্যত বাৰুকৈ প্ৰভাৱ পেলায়।
ছ’চিয়েল মিডিয়া আসক্তিয়ে শিশুৰ আচৰণ আৰু চিন্তা প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলায়। এলবাৰ্ট বান্দুৰাৰ ছ’চিয়েল লাৰ্ণিং মতবাদত অনুসৰি মানুহে অনুকৰণৰ মাধ্যমেৰে আচৰণ শিকে। শিশুৱে যি দেখে, সেয়াই শিকিবলৈ চেষ্টা কৰে। সেয়ে যদি সমাজত হিংসা, অপৰাধ আৰু অসৎ আচৰণ অধিক দেখা যায়, তেন্তে শিশুৱেও সেই পথ অনুসৰণ কৰিব পাৰে। সামাজিক মাধ্যমৰ কণ্টেন্ত সমূহ হিংসা, বিদ্বেষ, ঘৃণা, যৌনতা, হত্যা, আৰু বিভিন্ন অপৰাধমূলক কথা-বতৰাৰে ভৰি থকা দেখা যায়। আনকি খবৰৰ ৰূপত যিদৰে মছলা-বাতৰি পৰিৱেশন কৰা হয়, সেইবোৰেও শিশুৰ মন-মগজুত, আৱেগ-অনুভূতিত, মানসিকতাত বিৰূপ প্ৰভাৱ পেলায়। অনলাইন গেম, সাইবাৰ বুলিং, অশ্লীল কনটেণ্ট আৰু হিংসাত্মক ভিডিঅ’ই শিশুৰ আচৰণ বিকৃত কৰিব পাৰে। অনেক শিশুৱে বাস্তৱ আৰু কল্পনাৰ পাৰ্থক্য বুজি নাপায়। ফলত তেওঁলোকে চলচ্চিত্ৰ বা গেমৰ চৰিত্ৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰে। সামাজিক মাধ্যমৰ সংস্পৰ্শই শিশুৰ বৌদ্ধিক বিকাশ, মনোযোগ আৰু স্মৃতি শক্তি হ্ৰাস কৰে যাৰ ফলত শিশু সকলে বিচাৰ বিবেচনা কৰিব নোৱাৰা হয়। সামাজিক মাধ্যমৰ সংস্পৰ্শই শিশু সকলক বহুখিনি কঠোৰ, হিংস্ৰ, অস্থিৰ, অনৈতিক কৰি তোলা দেখা যায়।
ছ’চিয়েল মিডিয়াৰ সংস্পৰ্শই শিশু সকলৰ মানসিক স্বাস্থ্যত (mental health) ব্যাঘাত জন্মায়। মানসিক চাপ, উদ্বিগ্নতা আৰু উদ্দীপকৰ ক্ৰিয়াৰ ফলত শিশু সকল অন্তৰ্মুখী ব্যক্তিত্বৰ ফালে ধাৱমান হোৱা দেখা যায়। বিশেষকৈ বাৰ বছৰৰ ঊৰ্ধ্বৰ কিশোৰ-কিশোৰী সকলে ছ’চিয়েল মিডিয়াৰ ধামখুমীয়াত পৰি অপৰাধ প্ৰৱণ কাৰ্যকলাপত লিপ্ত হোৱা দেখা যায়। ফটো মৰ্ফিং, নগ্ন ছবিৰ আদান-প্ৰদান, ধৰ্ষণ, সমনীয়াৰ মাজত যৌন উৎপীড়ণ, মাদক দ্ৰব্য সেৱন আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যত শিশু সকল লিপ্ত হোৱাৰ খবৰ পোৱা যায়। সামাজিক মাধ্যমত প্ৰচাৰিত নগ্নতা, দ্ব্যৰ্থক কথা, হিংসাত্মক খবৰ, দিপফেক ছবি আদিয়ে উঠি অহা শিশুৰ মনত এক নেতিবাচক প্ৰভাৱ পেলায়, যিয়ে শিশুটিক মানসিক আৰু নৈতিক ভাবে পংগু কৰি পেলায় আৰু শিশুটিক অপৰাধ প্ৰৱণতাৰ পিনে ঠেলি দিয়ে। শিশু অপৰাধে কেৱল ব্যক্তিক নহয়, সমগ্ৰ সমাজক ক্ষতিগ্ৰস্ত কৰে।
৺৺৺৺৺৺