নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
লোক-কৃষ্টি: পৰম্পৰা আৰু বিৱৰ্তন
~ তৰু ডেকা~
আদিম যুগত যেতিয়া মানুহৰ মনত বিভিন্ন কাৰকৰ পৰা পৰিত্ৰাণৰ অৰ্থে দলবদ্ধ হোৱাৰ প্ৰৱণতা আৰু প্ৰয়োজনীয়তাই দেখা দিছিল তেতিয়াৰ পৰাই সমাজৰ ধাৰণাৰ সৃষ্টি হৈছিল। সম্ভৱতঃ প্ৰাগৈতিহাসিক যুগৰ পৰাই মানুহৰ মনত সমাজ বা দলবদ্ধ জীৱনৰ ধাৰণাৰ উদ্ভৱ হৈছিল। ইয়াৰ অন্তৰালত আছিল অকলশৰীয়া জীৱনৰ দুৰ্বলতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তা। প্ৰাচীন কালৰ বনৰীয়া পৰিবেশত জনসংখ্যা বৃদ্ধিৰ অধিক প্ৰয়োজন হৈ পৰিছিল। সেই বাবেই আহাৰ -বিহাৰ, খাদ্য, ৰীতি-নীতি, কৃষিমুখী চিন্তা সকলোতে উৰ্বৰা বিশ্বাস প্ৰকট হৈ আছিল। তিৰোতাৰ ঋতু ৰক্ষা কৰা ধৰ্মৰ লগতে অধিক ফলন আৰু সৃষ্টি ক্ষমতা থকা গছ- আঁহত, বট, জৰী আদিৰ তলত ধৰ্মীয় বা সামাজিক অনুষ্ঠানৰ আয়োজন কৰিছিল। উৰ্বৰা বিশ্বাসত গছ পূজাৰ প্ৰচলন ঠায়ে ঠায়ে আজিও প্ৰচলিত হৈ আছে। অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ নৃত্য -গীত আৰু প্ৰাচীন ৰূপ-ৰীতিতো উৰ্বৰা শক্তিৰ বিশ্বাস জড়িত হৈ আছে। মানৱ সভ্যতাৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ইয়াৰ গুৰিতে কেইবাটাও কাৰণ আছিল। যেনে-
প্ৰাকৃতিক প্ৰয়োজন: ক্ষুধা নিবাৰণ আৰু ৰক্ষণাবেক্ষণ অৰ্থাৎ খাদ্য সংগ্ৰাহকে হিংস্ৰ জন্তুৰ পৰা ৰক্ষা পাবলৈ দলবদ্ধ হোৱাৰ প্ৰয়োজন।
উৎপাদন সম্পৰ্ক: জীয়াই থকাৰ উদ্দেশ্য লৈয়ে ইজনে সিজনৰ লগত নিৰ্ভৰশীল হোৱাৰ ফলতে মানুহৰ মাজত সম্পৰ্কৰ সৃষ্টি হৈছিল।
পৰিয়াল গঠন: কালক্ৰমত বৰ্ধিত সংখ্যাই সৃষ্টি কৰা পৰিয়ালৰ ধাৰণাৰ পৰাই সমাজ গোষ্ঠী আৰু সমাজ ব্যৱস্থাৰ জন্ম হয়।
পৃথিৱীত সৰ্বপ্ৰথম আফ্ৰিকা মহাদেশতে সামাজিক জীৱনৰ অঙ্কুৰণ ঘটিছিল বুলি ইতিহাসত পোৱা যায়। প্ৰায় ১৫০- ২ নিযুত বছৰ পূৰ্বে আফ্ৰিকাত হোমো হাবিলিছ বা হোমো ইৰেক্টাছৰ দৰে আদিম মানুহৰ মাজত খাদ্য সংগ্ৰহ, চিকাৰ আৰু আত্মৰক্ষাৰ বাবে দলবদ্ধ হৈ থকাৰ প্ৰৱণতাৰ উদ্ৰেক ঘটে বুলি জনা যায়: সেইয়াই আছিল মানুহৰ প্ৰাৰম্ভিক সামাজিক জীৱন। পিছলৈ নীলনদ, মেছোপটেমিয়াৰ নদী উপত্যকা সমূহত কৃষিৰ আৱিষ্কাৰ হোৱাৰ পিছত স্থায়ী সমাজ গঢ়ি উঠিছিল। কিন্তু প্ৰণিধানযোগ্য যে এৰিষ্ট'টলৰ মতে মানুহ প্ৰকৃতিগতভাবেই সামাজিক জীৱ।
ভাৰতবৰ্ষত খৃঃপূঃ আঢ়ৈ হাজাৰ বছৰৰ আগতেই মানুহে সমাজ পাতি বসবাস কৰিছিল বুলি জনা যায়। অৱশ্যে প্ৰত্নপ্ৰস্তৰ যুগৰ পৰাই মানুহে দল বান্ধি সমাজ পাতি বসবাস কৰাৰ বহুতো প্ৰমাণ পোৱা গৈছে।
যিয়েই নহওক, সমাজ এখন মানুহৰ দ্বাৰা সৃষ্টি হ'লেই নহ'ব। সেই সমাজখন বৰ্তি থাকিবলৈ হ'লে তাত বসবাস কৰা মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক, আচাৰ-ব্যৱহাৰৰ এক পদ্ধতিগত আচৰণৰো অতীৱ প্ৰয়োজনীয়তা আছে। এখন আদৰ্শ সমাজ, সমাজৰ বাবেই বৰ্তাই ৰাখিবৰ বাবে চিন্তন-মন্থন অতিকে জৰুৰী। সমাজত বসবাস কৰা মানুহৰ বা লোকৰ যি সংস্কৃতি সেয়েই লোক সংস্কৃতি। মানুহৰ মন প্ৰগতিশীল আৰু সংস্কৃতিও গতিশীল। ইয়াৰ পৰিবৰ্তন আৰু পৰিবৰ্ধন অৱশ্যাম্ভৱী বুলিও অবৈজ্ঞানিক সৌন্দৰ্য বিহীন সংস্কৃতিক আদৰি ল'বলৈ কুণ্ঠাবোধ হয়। একোটা জনসমষ্টিৰ বা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি -সংস্কৃতিক আঁতৰাই থৈ আন সংস্কৃতিক আকোঁৱালি লোৱাত নিজৰ সাংস্কৃতিক চিনাকি বিজতৰীয়া হৈ পৰে; বিজতৰীয়া সংস্কৃতিৰ প্ৰভাৱত একোটা জাতিৰ শিপা দূৰ্বল হৈ পৰে আৰু শেষত ই নিৰ্মূল হোৱাও দেখা যায়। জাতি-গোষ্ঠীগত সংস্কাৰ-সংস্কৃতিয়েহে একোখন বৃহত্তম সমাজত নিজা ঐতিহ্য সংস্থাপিত কৰি বিশ্বত পৰিচিত হৈ থাকিব পাৰি। সাধাৰণতে লোকজীৱনৰ লগত সংযোজিত হৈ থকা গীত-পদ, নৃত্য, ধৰ্ম আৰু ধৰ্মীয় ৰীতি-নীতি, খাদ্য-অখাদ্য, ঘৰুৱা আচাৰ-ব্যৱহাৰ, প্ৰবচন, লোক-কথা আদিকে লোক সংস্কৃতি বুলি কোৱা হয়। লোকজীৱনৰ ভেঁটিত গঢ় লোৱা বাবেই লোক সংস্কৃতি সুদৃঢ়। যুগ যুগ ধৰি ইয়াৰ লগত গ্ৰাম্য জীৱনৰ উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। কিন্তু ধৰ্মীয় অনুশাসনে লোক সংস্কৃতিমূলক অনুষ্ঠানৰ ৰীতি-নীতিক সংকোচন কৰে। ষোড়শ শতিকাত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ আন্দোলনৰ পৰিপ্ৰেক্ষিতত বৈষ্ণৱ ধৰ্মত দীক্ষিত লোকে পূজা-পতাল বা বলি বিধানৰ অনুষ্ঠানবোৰ এৰি পেলায়।
সেই দৰে বেজ-কবিৰাজৰ চিকিৎসা পদ্ধতিৰ লগত জড়িত যি বোৰ লোকাচাৰ অনুসৰণ কৰিছিল সেইবোৰৰ বহুলাংশে ত্যাগ কৰিছিল। সেইদৰে জন্ম, মৃত্যু, বিবাহ, খেতি-বাতিৰ ক্ষেত্ৰতো পৰম্পৰাগত ৰীতি-নীতি, লোকাচাৰ, খাৱন-বোৱন বিয়াৰ দৰা-কইনাৰ সাজ-সজ্জা অথবা সামাজিক অনুষ্ঠানৰ পিন্ধন -উৰণ আদিৰো পৰিবৰ্তন ঘটিছে।
লোক সংস্কৃতিৰ মৌলিকতা হানি হোৱাত বিশেষকৈ- ১/ শিক্ষা, ২/ধৰ্ম, ৩/ ৰাজনৈতিক শক্তি, ৪/ নাগৰিকীকৰণ, ৫/ উদ্যোগীকৰণ আৰু ৬/সমন্বয়ে ক্ৰিয়া কৰে। এই উপাদানবোৰেই উত্তৰ-পূব ভাৰতৰ লোকসংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। প্ৰাক্ ব্ৰিটিছ যুগত আহোম শাসন ব্যৱস্থাত লোক সংস্কৃতিৰ গভীৰ প্ৰভাৱ আছিল যদিও অসমৰ স্বাধীনোত্তৰ কালত পৰ্বত-ভৈয়ামৰ মাজত সম্প্ৰীতি, তাৰ পিছত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম বৃটিছৰ তলতীয়া হোৱা আৰু খ্ৰীষ্টান ধৰ্মৰ আগমণ আদিয়ে লোক সংস্কৃতিত পৰিবৰ্তন আনে। কিন্তু উল্লেখযোগ্য যে আহোম শাসন-ব্যৱস্থাত লোক সংস্কৃতিৰ প্ৰভাৱ ইমানেই গভীৰ আছিল যে তেতিয়া লোকসংস্কৃতিমূলক শিক্ষাৰেই জীৱন ধাৰণৰ গতি নিৰূপণ কৰা হৈছিল বুলি জনা যায়।
বৰ্তমানত পশ্চিমীয়া শিক্ষাই ভাৰতীয় জনজীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। লোক সংস্কৃতিৰ ওপৰত শিক্ষাৰ প্ৰভাৱ দেখা পোৱা যায়; ই তেনেই স্বাভাৱিক। গ্ৰাম্য ৰক্ষণশীলতা আৰু সংস্কাৰধৰ্মীতাই লোক সংস্কৃতিক জীয়াই ৰাখিছিল। শিক্ষা আৰু ধৰ্মীয় প্ৰভাৱত মানুহ সংস্কাৰমুক্ত হয়। শিক্ষাৰ প্ৰসাৰৰ লগে লগে গাঁৱৰ এচাম লোক নগৰলৈ ওলাই আহি আধুনিক জীৱনধাৰণৰ পদ্ধতিৰ দ্বাৰা নিজে আকৰ্ষিত হয় আৰু গাঁৱত গৈ আনৰ মাজত বিতৰণ কৰে। যুগ যুগ ধৰি সঞ্চিত গ্ৰাম্য জীৱনৰ অভিজ্ঞতা জীৱনৰ বাবে অপৰিহাৰ্য নহয় বুলি এৰাই চলিবলৈ ধৰে। উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি যে ঊনৈশ শতিকাত কলিকতাত শিক্ষাগ্ৰহণ কৰি অসমলৈ উভতি অহা কেইবাজনো ব্যক্তিয়ে অসমৰ জাতীয় উৎসৱ বিহুৰ সৈতে ওতপ্ৰোতভাৱে সংপৃক্ত হৈ থকা কিছুমান লোকাচাৰ অশ্লীল, অমাৰ্জিত বুলি সমালোচনা কৰা বুলি জনা যায়, যাৰ ফলত বিহুৱে মেলানি মাগিব লগীয়া অৱস্থাত পৰিছিল।
স্বাধীনতা লাভৰ পিছতহে বিহুয়ে হেৰোৱা সন্মান ঘূৰাই পাবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমানত বিহুৰ জনপ্ৰিয়তা বাঢ়িছে যদিও যুৱ সমাজৰ বহুতে বিহুৰ লগত জড়িত লোককৃষ্টি লোকাচাৰ সম্বন্ধে অজ্ঞ হৈ আছে। মহিলা সকলৰ মাজতো একে অৱস্থা বিদ্যমান। নিজ হাতে বোৱা বিহুৱানখন নিজৰ প্ৰিয়জনক দিয়াৰ যি মাদকতা সেই মাদকতা যেন আজি ম্লান পৰিছে। পুৰণি তাঁতশালবোৰ এৰা-পৰলীয়া হৈছে। এতিয়া কমসংখ্যক মানুহৰ মাজতহে তাঁতবোৱা আৰু তাঁতৰ কাপোৰৰ জনপ্ৰিয়তাৰ জৰিয়তে লোকাচাৰ জীয়াই আছে। কৃষিমুখী মানুহৰ মন যন্ত্ৰমুখী হৈছে। কৃষিমুখী প্ৰকৃতিনিৰ্ভৰ লোকসকল নগৰমুখী হোৱাৰ ফলত সংস্কৃতিৰ সুঁতিৰো সলনি হৈ থাকে। গাঁৱৰ গোষ্ঠীগত বা জনজাতীয় সম্প্ৰদায়ৰ পৰম্পৰাগত ৰক্ষণশীলতা নগৰীয়া জীৱনত প্ৰযোজ্য নহয়। নগৰীয়া জীৱনৰ লগত খাপ খাবলৈ গাঁৱৰ ৰীতি-নীতি এৰা ধৰা কৰিবলগীয়াত পৰে। ফলত, পৰম্পৰাগত সংস্কৃতিত পৰিবৰ্তন আহে। এনেকি, এই পৰিবৰ্তনে লোকসাহিত্যৰ ভঁৰাল স্পৰ্শ কৰাৰ ফলত পৰৱৰ্তী কালত লোকসাহিত্যৰ বহু অন্যায় হোৱা পৰিলক্ষিত হৈছে। অসমৰ সকলো জাতি -জনগোষ্ঠীৰ মাজত থকা লোকপ্ৰবাদ, লোকগীত, সাঁথৰ, সাধুকথা, যোজনা-পটন্তৰ, ঐনিতম, বিহুনাম, মালিতা, বিয়ানাম, নিচুকনি গীতকে ধৰি বিভিন্ন গীত-পদ লোক সংস্কৃতিৰ অমূল্য সম্পদ। আগতে এই সম্পদবোৰেই একোটা জাতিৰ প্ৰাণ আছিল; এইবোৰৰ চৰ্বিত-চৰ্বণে জাতিৰ আঁত ধৰি আগুৱাই যাবলৈ উদ্গনি যোগাইছিল। বৰ্তমানত লোক সংস্কৃতিৰ অমূল্য সম্পদবোৰ যিয়ে চৰ্চা কৰে তেনে মানুহৰ আছুতীয়া সম্পত্তি হৈ পৰিছে। আগতে মানুহৰ চোতালত, উৎসৱ-পাৰ্বন, ৰাজহুৱা অনুষ্ঠানত কোৱা-গোৱাৰ যিবোৰ দস্তুৰ আছিল, বৰ্তমানৰ অত্যাধুনিকতাৰ আগ্ৰাসী ভূমিকাত সেইবোৰ বিলুপ্তিৰ পথত।
আগৰ গ্ৰাম্য সমাজ ব্যৱস্থাত একোখন গাঁৱত কৰম-ধৰমত সহযোগিতাৰ মনোভাৱেৰে সকলোৱে সকলোৰে বাবে যেনেকৈ শ্ৰমদান অথবা সেৱা আগবঢ়াইছিল সেইয়াও লুপ্তপ্ৰায়। সামাজিক প্ৰমূল্য, মানৱীয়তা, সহায়-সহযোগিতা আদিৰ দৰে শব্দবোৰ যেন অভিধানতে আৱদ্ধ হৈ আছে। উদাহৰণ স্বৰূপে আজিৰ প্ৰজন্মক “গৰখীয়া আৰু বাঘ" ৰ দৰে লোক-কথাৰে সামাজিক দায়বদ্ধতা অথবা নীতি শিক্ষা দিয়াটো দূৰূহ হৈ পৰিছে। আজিৰ সময়ৰ আহ্বানত সকলো অতি বাস্তৱবাদী হৈ পৰিছে। সকলো বিজ্ঞান-অবিজ্ঞান, আস্তিক-নাস্তিকৰ দৌৰত সংস্কৃতি আৰু পৰম্পৰা বহুত পিছ পৰি থাকিল।
বিশ্বায়নে সকলোতে প্ৰভাৱ বিস্তাৰ কৰিছে। মানৱ জাতিৰ উচ্চাকাংক্ষাই আকাশ চুইছে। উন্মুক্ত শিক্ষা ব্যৱস্থাই নৱ প্ৰজন্মৰ উচ্চ অভিলাষক বিভিন্ন শিক্ষা-প্ৰযুক্তিৰ সৈতে জড়িত হ'বলৈ উদ্বুদ্ধ কৰিছে। সেয়ে সামৰ্থ অনুযায়ী অসম তথা ভাৰতবৰ্ষৰো বিভিন্ন জনে বিশ্বৰ বিভিন্ন প্ৰান্তত শিক্ষা আৰু পেছাৰ খাতিৰত নিগাজীকৈ নহ'লেও দীঘলীয়া সময়ৰ বাবে বসবাস কৰা দেখা যায়।
“দেশ চাই বেশ"— হ'লেও প্ৰবাসী সকলে নিজৰ মাটিৰ সৈতে সংপৃক্ত হৈ থকা উচিত। অৱশ্যে বিভিন্ন মাধ্যমৰ পৰা অসমৰ প্ৰবাসীসকলৰ জাতিপ্ৰীতিৰ কথা জনা যায়। বিশেষকৈ আপোন দেশৰ মাটিৰ সুবাসেৰে উজ্জীৱিত হৈ থকা উৎসৱ-পাৰ্বনবোৰৰ স্বকীয়তা ৰক্ষা কৰি তেওঁলোকে অনুষ্টুপীয়াকৈ হ'লেও উদযাপন কৰা খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা দেখা যায়। কিন্তু স্বদেশত থাকি লোক পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰ স্বকীয়তাক নেওচি কিছু বিজতৰীয়া ৰীতি স্থাপন কৰি যিবোৰ উৎসৱ-পাৰ্বন উদযাপন কৰে সেইবোৰে আমাৰ ঐতিহ্য আৰু মৰ্যাদাক উপহাস কৰা নাইনে!
আমাৰ শিপাৰ সন্ধান কৰিবলৈ হ'লে লোকজীৱনৰ লগত জড়িত প্ৰতিটো স্তৰৰে উপপাদ্যবোৰৰ বহুলভাৱে অধ্যয়ন, প্ৰসাৰণ, সংৰক্ষণ অতি প্ৰয়োজনীয়। সামাজিকভাৱে নহ'লেও ঘৰুৱাভাৱে দায়িত্ব পালন কৰিবলৈ আমি উৎসাহিত হ'ব লাগে। অন্ততঃ নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট তিথি, উৎসৱ-পাৰ্বন, বিয়া-সবাহ আদি শুদ্ধ আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপিত হয় তাৰ বাবে প্ৰতি গৰাকী সচেতন হোৱা উচিত। আমাৰ চিৰাচৰিত কৃষিৰ উৰ্বৰা-বিশ্বাস, খাদ্য-খাদ্যাভ্যাস, সাজ-পোছাক, ৰীতি-নীতি, পূজা-প্ৰসংগ, কাপোৰ-কানি, প্ৰসাধন আদিক গুৰুত্বহীন কৰি লোক সংস্কৃতিক অসন্মান কৰাতো পৰিতাপৰ কথা। অন্ধবিশ্বাস, কুসংস্কাৰ বিনাশী আমাৰ অমূল্য লোক সংস্কৃতিক জীয়াই ৰাখিবলৈ এক সাংস্কৃতিক আন্দোলন গঢ়ি তোলা হওক। যি পৰম্পৰাগত কৃষ্টি-লোকসংস্কতিয়ে একোটা জাতিৰ মানদণ্ডক বিশ্বত স্থাপিত কৰিব পাৰে তেনে লোক সংস্কৃতিৰ সংবৰ্ধনৰ বাবে আমি দায়বদ্ধ।
****