নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
https://www.oisanuemagazine.in/
উজান উলুৱাৰ শ্ৰীশ্ৰী ভোগেশ্বৰ মহাপ্ৰভু
~ ড° জিতুমণি চৌধুৰী
পাটাছাৰকুছিত বি.এড. অধ্যয়ন কৰি থকা সময়ত (২০১৬ চন) সহ-প্ৰশিক্ষাৰ্থী সকলৰ পৰা ভোগী গোসাঁইৰ থানখনৰ গৰিমাৰ কথা শুনিবলৈ পাইছিলো। মহাপ্ৰভু ভোগেশ্বৰৰ মাহাত্ম্যৰ কথা ইকাণে-সিকাণে শুনিবলৈ পাই প্ৰভুক সেৱা কৰা ইচ্ছা মনত জাগি উঠিছিল। বিভিন্ন কাৰণত নিত্যানন্দলৈও গৈছিলোঁ, যদিও প্ৰভুৰ আশিস লোৱাৰ সৌভাগ্য হোৱা নাছিল। মনৰ ইচ্ছা মনতে সামৰি থ’ব লগা হৈছিল। কিন্তু ভোগেশ্বৰ মহাপ্ৰভুৰ ইচ্ছাত দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল আৰু প্ৰভুক দৰ্শন কৰাৰ ইচ্ছা পূৰ্ণ হ’ল। যোৱা ১৫ এপ্ৰিল, ২০২৫ চনত বজালীৰ উজান উলুৱা গাঁৱত অৱস্থিত এই বিখ্যাত ভোগী গোসাঁইৰ থান দৰ্শন কৰি মহাপ্ৰভুৰ আশিস পাবলৈ সক্ষম হ'লোঁ।
বজালী জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত উজান উলুৱা গাওঁ। পাটাছাৰকুছি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে যোৱা পথেৰে ১১ কিঃমিঃ অতিক্ৰম কৰিলেই ঐতিহ্যমণ্ডিত উজান উলুৱা গাওঁখন পাব পাৰি। এই গাওঁখন এসময়ত এখন উলুৱনি আছিল। গাওঁখনৰ পূৱ দিশেৰে বৈ আছে কালদিয়া নৈখন। অতীতত এই নৈখনেই আছিল আহ-যাহ কৰাৰ, বেহা-বেপাৰ কৰাৰ একমাত্ৰ পথ। বেহা-বেপাৰেই হওঁক বা আন কোনো কাৰণতে হওঁক, ৩০০ বছৰ পূৰ্বে এই গাওঁখনলৈ বহৰিৰ পৰা আহি মাত্ৰ আঠঘৰ পৰিয়াল বাস কৰিবলৈ লৈছিল। আনুমানিক ৩২০ বছৰ পূৰ্বে গয়াপাণি শৰ্মা নামৰ এজন দৈৱজ্ঞ বিপ্ৰ সপৰিয়ালে সুদূৰ দৰং জিলাৰ পৰা আহি ইয়াত বাস কৰিব লৈছিল। বৰ্তমান উলুৱা গাঁৱত ১৪২ ঘৰ পৰিয়াল বাস কৰি থকাৰ তথ্য পোৱা যায়।
শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰ দৈৱপ্ৰকাশ ঘটাৰ এটা প্ৰবাদ আছে। বিপ্ৰ গয়াপাণি শৰ্মাৰ কপিলী নামে এটা গাইগৰু আছিল। সময়ত কপিলীৰ এটা পোৱালি জগিল। কিন্তু গয়াপাণিক আচৰিত কৰি কপিলীয়ে দামুৰীটোক গাখীৰ খাবলৈ দিয়া নাছিল। ঘটনাটোৱে তেওঁক আচৰিত তথা চিন্তিত কৰি তুলিছিল। এদিন তেওঁ কপিলীক এৰি দিলে আৰু কপিলীয়ে ক'ত গাখীৰ দিয়ে সেইটো চাওঁ বুলি পাচে পাচে গ'ল। কপিলীয়ে কালিন্দী (কালদিয়া) নদীৰ পাৰত থকা বিৰিণা বন এচুপাৰ ওপৰত থিয়হৈ দুগ্ধ বৃষ্টি কৰিবলৈ ধৰিলে আৰু তাৰ পাছতহে দামুৰীটোক গাখীৰ খুৱাইছিল। তাকে দেখি বিপ্ৰ হতচকিত হৈ পৰিল। বিৰিণা চুপাৰ তলত কিবা মুকুতা আছে বুলি ভাবি বিপ্ৰই মাটি খান্দিবলৈ ধৰিলে আৰু মাটিৰ তলত এটা মূৰ্তি দেখা পালে। কিন্তু যিমানেই মূৰ্তিটো খান্দি উলিয়াবলৈ যত্ন কৰিছিল, সিমানেই ই মাটিৰ তললৈ সোমাই গৈছিল। তাকে দেখি বিপ্ৰই ভয় খাইছিল আৰু ভগৱান কিবা লীলা বুলি মানিলৈ ঘৰলৈ ঢাপলি মেলিছিল। পাছত বিপ্ৰই সপোনত এজন দীঘল চুলি আৰু দীঘল বাহুৰে সুশোভিত ভূষণবিহীন সুন্দৰ পুৰুষক দেখা পালে। সেই পুৰুষজনে সপোনতে বিপ্ৰক কৈছিল—“ময়েই ভোগেশ্বৰ, মোক সেৱা কৰিলেই সকলো মানুহ সুখী হ'ব। স্বজাতি বিজাতি বুলি একো নাই, নৰ-নাৰী, বুঢ়া-ডেকা, শিশু সকলোৱে মোক সেৱা জনাব পাৰিব।” তেওঁ কৈছিল – “মোৰ এই বাণী তুমি মনত ৰাখিবা আৰু প্ৰচাৰ কৰিবা”। ৰাতিপুৱা বিপ্ৰই গোটেই ঘটনাটো গাৱঁত প্ৰচাৰ কৰিছিল আৰু সকলোৱে মিলি বিৰিণা বনৰ ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিছিল। এনেদৰেই ৩০০ বছৰ পূৰ্বে শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভুৰ থান তথা মন্দিৰ অস্তিত্বলৈ আহিছিল। ৩০০ বছৰ আগতে আৱিৰ্ভাৱ হোৱা শ্রীশ্রী ভোগেশ্বৰ মহাপ্ৰভু তেতিয়া বাঁহৰ ঘৰ আৰু খেৰৰ চালিৰে স্থাপন কৰা হৈছিল। ভোগেশ্বৰ মহাপ্ৰভুৱে নিজকে শ্ৰীহৰি বিষ্ণুৰ অৱতাৰ বুলি উল্লেখ কৰিছিল আৰু ভোগ বাঞ্চা কৰি আৱিৰ্ভাৱ হোৱা বুলি বিপ্ৰৰ আগত ব্যক্ত কৰা বুলি বিভিন্ন উৎসৰ পৰা জানিব পৰা যায়। সেয়ে এই থানখনত ভোগ দিয়া পৰম্পৰা জন্মলগ্নৰে পৰা প্ৰচলিত হৈ আছে, আৰু এনে কাৰণতেই ভোগেশ্বৰ মহাপ্ৰভুৰ থানখনক ভোগী গোসাঁই থান বুলিও প্ৰসিদ্ধ হৈছে। বাঁহ-খেৰ নিৰ্মিত মন্দিৰটো কালদিয়াৰ বুকুলৈ যোৱাত কাঠ আৰু টিনপাতেৰে এটা মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছিল। ১৯৮৪ খ্ৰীঃৰ ১৮ জানুৱাৰী তাৰিখে সম্পূৰ্ণ ধর্মীয় প্রথামতে গঞা ৰাইজে বৰ্তমানৰ এই মন্দিৰটোত প্রভুক স্থলাভিষিক্ত কৰে।
শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভুৰ থানখনৰ মূল মন্দিৰটোত অৰ্থাৎ গৰ্ভগৃহত পৰম প্ৰভু শ্ৰী হৰি বিষ্ণু বিৰাজমান। ইয়াৰ উপাসনা গৃহটো বৈষ্ণৱ নামঘৰৰ আৰ্হিত নিৰ্মিত। উপাসনা গৃহৰ মুখ্য প্ৰৱেশ দুৱাৰৰ ওপৰত পৰম প্ৰভু জগতৰ নাথ পৰমেশ্বৰ চতুৰ্ভূজ নাৰায়ণৰ এখনি লীলা চিত্ৰ অংকন কৰা আছে। উপাসনা গৃহত নৈত্য নৈমিত্তিক নাম-প্ৰসংগ কৰা হয় আৰু পুণ্য তিথিত ভোগ প্ৰসাদ অৰ্পণ কৰা হয়। মহাপ্ৰভুৰ ভোগ মূলত গাখীৰ, কল, চেনি, মৌ, ঘিউ, চাউলৰ গুড়িৰে বনোৱা হয়। এই ভোগ প্ৰসাদ সেৱনে ভকতবৃন্দৰ মনত পৰম তৃপ্তি আৰু পৰম শান্তি প্ৰদান কৰে। শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভুক অৰ্পিত ভোগ সেৱনে ভকতৰ দায়-দোষ, বেমাৰ-আজাৰ নাশ কৰে বুলি জন-বিশ্বাস আছে।
থানখনৰ উপাসনা গৃহটোৰ ভিতৰত আৰু চাৰিওফালৰ বাৰাণ্ডাত থকা লোৰ গ্ৰীলত ভক্তসৱে মনোবাঞ্ছা সিদ্ধিৰ নিমিত্তে ৰুমাল আৰু গামোচা বন্ধা পৰিলক্ষিত হয়। উপাসনা গৃহত ভকতসৱে ঢাৰি, কঠ, পাটী পাৰি বহি ভগৱানৰ নাম প্ৰসংগ কৰে। উপাসনা গৃহৰ মুখ্য প্ৰৱেশ দুৱাৰৰ দুয়োকাষে পকীৰে নিৰ্মিত দুটি গজ-মূৰ দেখিবলৈ পোৱা যায়। ই শক্তি, সাহস আৰু পবিত্ৰতাৰ প্ৰতীক। মুখ্য প্ৰৱেশ দুৱাৰৰ বাওকাষে আছে ধূপ-চাকি প্ৰজ্বালন কৰা ঠাই। ভক্তসৱে শ্ৰদ্বা-ভক্তিৰে ইয়াত চাকি ধূপ জ্বলাই নিজৰ মনোবাঞ্ছা পূৰণৰ নিমিত্তে প্ৰাৰ্থনা কৰে।
শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰ উপাসনা গৃহত পুৰুষ-মহিলা উভয়ে প্ৰৱেশ কৰিব পাৰে যদিও ঋতুমতী মহিলা তথা মৃতকৰ বা অশৌচৰ লেঠা থাকিলে উপাসনা গৃহত প্ৰৱেশ কৰাত বাধা আছে। মহাপ্ৰভুৰ মন্দিৰৰ ভিতৰত অকল পুৰুষেহে প্ৰৱেশ কৰি সেৱা ল’ব পাৰে। শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰ কৃপাত কঠিন ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰা, সন্তানহীনে সন্তান লাভকৰা তথা যুৱতীসকলে মনেবিচৰা স্বামী লাভকৰা, নিবনুৱাই চাকৰি পোৱা আদি ভালে সংখ্যক চমৎকৃত কৃপাৰ উদাহৰণ পোৱা যায়। তদুপৰি মহাপ্ৰভুৰ আশীৰ্বাদত প্ৰসৱ সম্ভৱা নাৰীয়ে নিৰ্বিঘ্নে সন্তান প্ৰসৱ কৰাৰ কথাও জানিব পৰা যায়।
মুখ্য মন্দিৰটোৰ বাঁওপিনে অৰ্থাৎ উত্তৰ দিশে এখন ধুনীয়া উপবন আছে। এই উপবনখন নানা বিধ গছ-বিৰিখেৰে, ফল-ফুলেৰে ভৰা। কণমানি ল’ৰা-ছোৱালীৰ পৰা বুঢ়া-বুঢ়ী সকলোৱে এই উপবনখনত পাৰিথোৱা দীঘলীয়া বেঞ্চত বহি মন জুৰায়। উপবনখনৰ শান্ত গহীন পৰিৱেশে ঈশ্বৰ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কটো বুজি পোৱাত সহায় কৰে। পাৰ্থিৱ দুখ-ভাগৰ যেন এই উপবনখনে নিমিষতে নাইকিয়া কৰি দিয়ে। শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰৰ মন্দিৰ তথা উপবন খনৰ ঠিক পিছপিনেৰে বৈ গৈ আছে কালদিয়া নৈ খনি। নৈখনৰ উচ্ছল জলৰাশি, মৃদু বতাহ, ধূপকাঠী আৰু গন্ধৰাজৰ গোন্ধই গোটেই পৰিৱেশটো একেবাৰে নৈসৰ্গিক, মনোমোহা কৰি তুলিছে; প্ৰতি ক্ষণতে মহাপ্ৰভুৰ মহিমাৰ কথা সোঁৱৰাই দিয়ে। মন্দিৰটোৰ দক্ষিণ দিশত থকা আলিটোৰ সিপাৰে আছে এখনি চেগুণ গছৰ কাঠনি। কাঠনিখনো দেখিবলৈ বৰ শুৱনি। বৰ্তমান মন্দিৰৰ নামত ৬২ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে।
জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক মহাপ্ৰভুৰ আশিস ল’বলৈ ইয়ালৈ অহা পৰিলক্ষিত হয়। অসমীয়া থলুৱা জাতি- জনগোষ্ঠী- জনজাতিৰ লোকসকল ইয়ালৈ অহাৰ উপৰিও মুছলমান সকলেও মনোকামনা পূৰণৰ নিমিত্তে এই মন্দিৰলৈ আহি মহাপ্ৰভুৰ আশিস লোৱা বুলি শুনা যায়। প্ৰতি বছৰে মাঘ মাহত ইয়াত মাঘৰ সভা অনুষ্ঠিত হয়। এই সভা পুহ মাহৰ শেষৰ দিনটোত আৰম্ভহৈ সাধাৰণতে চাৰি মাঘলৈ চলে। এই সভালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতগণৰ সোঁত বয়। মন্দিৰটোৰ সৰল নীতি-নিয়মে সকলো লোককে আকৃষ্ট কৰি ধৰ্মীয় চেতনা উদ্ৰেক কৰাৰ লগতে মানুহৰ মনত অধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত কৰাত সহায় কৰিছে। এক কথাত শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰ মন্দিৰটো হৈ পৰিছে একতা, ভাতৃত্ববোধ, মানৱতা, প্ৰেম, ভক্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক। শ্ৰীশ্ৰীভোগেশ্বৰ মহাপ্ৰভুৰ মন্দিৰটোৱে এখন সুস্থ সমাজ আৰু সামাজিক বান্ধোন গঢ়ি তোলাত এক বৃহৎ ভূমিকা পালন কৰি আহিছে।
*****