ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
মুখ্য সম্পাদকৰ কলম...
‘সাহিত্য’ ধাৰণাটো সামৰিব নোৱাৰা এটা ব্যাপক সোঁত, যাৰ আলোচনা প্ৰাচ্য- পাশ্চাত্যৰ বুদ্ধিজীৱী সকলে স্বকীয় মতাদৰ্শেৰে এক গণ্ডিৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছে যদিও ‘সাহিত্য’ প্ৰকৃতাৰ্থত কি তাক যথাৰ্থ ভাবে নিৰূপণ কৰিবলৈ আজিকোপতি সক্ষম হোৱা নাই। কোনবোৰ লেখাক ‘সাহিত্য’ৰ সোঁতত অন্তৰ্ভুক্ত কৰা হ’ব, সেই লৈ তাৰ্কিক দ্বন্দ্ব বিদ্যমান। তথাপিও এৰিষ্ট’টলৰ পৰা আৰম্ভ কৰি বাৰ্থচ লৈ সকলোবোৰ পণ্ডিত দাৰ্শনিকে ‘সাহিত্য’ক এক ভাষিক কুচকাৱাজৰ উপৰিও ‘মিমেটিক’ (mimetic) গুণেৰে সমৃদ্ধ বুলি মানি লৈছে। আইৰিচ কবি ইয়েট্চে কোৱাৰ দৰেই ‘সাহিত্য’ত থুপিকৃত আৱেগৰ পয়োভৰ দেখা যায়, যি আৱেগ বাস্তৱৰ ৰঙত সমৃদ্ধ হৈ ব্যক্তি সত্তাৰ মাজেৰে সমাজসত্তাৰ এক বিশদ ছবি ভাবাৰ্থক ৰূপত প্ৰতিফলিত কৰে। সেয়ে ‘সাহিত্য’ৰ মাজত ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ দুটা ধাৰা প্ৰবাহিত হোৱা পৰিলক্ষিত হয়, আৰু এটাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰি যায়। কিন্তু প্ৰবল ব্যক্তিনিষ্ঠতাই ‘সাহিত্য’ক একঘেমীয়া কৰি তোলে আৰু পঢ়ুবৈ সকলে আমনি পায়।
লিখোঁতাৰ ‘সংৰচিত স্বতঃস্ফুৰ্ততা’ৰ মাজেৰে ভাল সাহিত্যৰ সৃষ্টি হয়; আৰু এই ‘সংৰচিত স্বতঃস্ফুৰ্ততা’ আহে সমসাময়িক সমাজবোধ, অতীত চেতনা, মনোবিশ্লেষণাত্মক দৃষ্টিভংগী, আৰু প্ৰকৃতি তথা মানৱ প্ৰীতিৰ পৰা। প্ৰচলিত সাহিত্যৰ ধাৰাত বুৰঞ্জীৰ পুনঃপঠনৰ আৰু পুনঃলিখনৰ জৰিয়তে ‘সাহিত্য’ক দস্তাবেজ্ৰ ৰূপ প্ৰদান কৰা দেখা গৈছে। ইয়াত কল্পনা আছে যদিও বাস্তৱৰ ৰূপকাৰ হিচাপেহে ব্যৱহৃত হৈছে; আৰু সেইবাবেই ‘মেজিক ৰিয়েলিজ্ম’ দৰে কিছু কৌশলৰ ব্যৱহাৰ হৈছে। প্ৰতি ক্ষণতে ‘সাহিত্য’ত নতুন নতুন পৰীক্ষা-নিৰীক্ষা আৰু অভিযোজনা চলি আছে, যদিও ইয়াৰ মৌলিক ৰূপ হেৰাই যোৱা নাই। ‘সাহিত্য’ত কল্পনা ভৱিষ্য বীক্ষণ।
‘সাহিত্য-আলোচনী’ৰ কথা ক’বলৈ গ’লে পোনপ্ৰথমে মনলৈ আহে ১৬৮৪ চনত পীৰে বেইলে প্ৰকাশ কৰা ফৰাচী আলোচনী “ন’ভেলিচ্ ডি লা ৰিপাব্লিকি দেজ লেট্ৰেজ” ৰ কথা। এইখনেই আছিল প্ৰথম আংশিক ‘সাহিত্য-আলোচনী’। এইকাৰণেই আংশিক আছিল যে ইয়াত সন্নিৱিষ্ট লিখনি সমূহত প্ৰকৃত সাহিত্যৰ উন্মেষ ঘটা নাছিল। পিছত গ্ৰাব ষ্ট্ৰিট লিখন আন্দোলনৰ সময়ত জোচেফ এডিচনৰ দ্বাৰা প্ৰকাশিত “দ্য স্পেক্টেটৰ” নামৰ বাতৰিকাকতখন আছিল প্ৰায় অৰ্থত এখন সাহিত্য-আলোচনী। অসমৰ পটভূমিলৈ লক্ষ্য কৰিলে ‘অৰুণোদই’ (১৮৪৬) ৰ পৰা আৰম্ভ কৰি ‘জোনাকী’ (১৮৮৯), ‘বাঁহী’ (১৯০৯), ‘আৱাহন’ (১৯২৯), ‘জয়ন্তী’ (১৯৩৮), ‘ৰামধেনু’ (১৯৫১) আৰু পিছত ‘গৰীয়সী’, ‘প্ৰান্তিক’, আৰু ‘সাতসৰী’ ৰ নাম ‘সাহিত্য-আলোচনী’ হিচাপে লেখত লবলগীয়া। এইবোৰ আলোচনী বিশেষকৈ ছপা মাধ্যমত প্ৰকাশ পাইছিল আৰু প্ৰচলিত কেইখনো প্ৰধানকৈ ছপা মাধ্যমত প্ৰকাশ পাই আছে।
তথ্য-প্ৰযুক্তিৰ আৰু ইণ্টাৰনেট ব্যৱস্থাৰ উন্মেষণ আৰু বিশ্বায়নৰ ধাৰাটো ক্ষিপ্ৰতৰ হোৱাৰ লগে লগেই মানুহৰ ৰুচীবোধ আৰু ধ্যানধাৰণাৰ বহুখিনি পৰিৱৰ্তন হৈছে আৰু হৈ থাকিব। সকলো বস্তু যেতিয়া হাতৰ মুঠিলৈ আহিলে, সাহিত্যকো হাতৰ মুঠিলৈ অনাৰ এক আহ্বান আহিল। সেই মৰ্মে বাতৰি-কাকত, কিতাপ আৰু আলোচনীৰ ডিজিটেল সংস্কৰণ প্ৰকাশৰ ওপৰত গুৰুত্ব বাঢ়ি গ’ল। এতিয়া প্ৰায়বোৰ অসমীয়া বাতৰি-কাকতৰ ডিজিটেল সংস্কৰণ প্ৰকাশ পাবলৈ ধৰিছে। ডিজিটেল সংস্কৰণে ছপা খৰচ কমোৱাৰ লগতে পৰিৱেশ সংৰক্ষণতো গুৰুতৰ ভূমিকা পালন কৰিছে। ভাৰ্চুৱেল স্থানত থকা এনে কিতাপ-পাতি, বাতৰি-কাকত বা আলোচনী সহজ লভ্য, কিছু ক্ষেত্ৰত আৰ্থিক ভাবে মুক্ত, পঢ়িবলৈ আৰু কঢ়িয়াবলৈ অতি সহজ। সেয়ে বৰ্তমান সময়ত ছাপিতত কৈ ‘ডিজিটেল সংস্কৰণ’ বা অনলাইন পুথি, কাকতৰ চাহিদা বৃদ্ধি পাইছে।
সাম্প্ৰতিক ৰুচি বোধৰ পৰিৱৰ্তনৰ ওপৰত লক্ষ্য ৰাখি বিতুমণি বৰ্মন ডাঙৰীয়াৰ সহযোগত এখন ই-আলোচনী প্ৰকাশ কৰাৰ চিন্তা অক্টোবৰ মাহৰ কোনোবা এটা দিনত আলোচনা কৰিছিলো। সেই মৰ্মে পিছত “ঐশানু” নামেৰে ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক এখন তিনিমহীয়া আলোচনী উলিয়াবলৈ এক স্থিৰ সিদ্ধান্ত লৈছিলো। বৰ্মন ডাঙৰীয়াৰ সৈতে সমগ্ৰ পৰিকল্পনা কৰিছিলো আৰু সেইমৰ্মে তেওঁ ন-পুৰণি লেখাৰু সকলৰ পৰা লেখা আহ্বান কৰিছিল। হাউলী অঞ্চলত বিভিন্ন অনুষ্ঠানৰ পৰা সাময়িক ভাবে প্ৰকাশ পোৱা আলোচনীৰ বাদে নিয়মীয়াকৈ প্ৰকাশ পোৱা আলোচনী নাই। বিভিন্ন জনে এইক্ষেত্ৰত প্ৰচেষ্টা নোলোৱা নহয়, কিন্তু ছপা খৰচ আৰু অন্যান্য অসুবিধাৰ বাবে আলোচনী প্ৰকাশ কৰাটো অলপ কঠিন হৈ পৰিছিল। কিন্তু বৈদ্যুতিন মাধ্যম আৰু ইণ্টাৰনেটৰ সহায়ত আলোচনী প্ৰকাশৰ কামটো কৰিবলৈ বহুখিনি উজু হৈ পৰিল। ইণ্টাৰনেটৰ যি সামান্য জ্ঞান আছে তাৰেই মই “ঐশানু”ৰ ৱেব পেজ কেইটা বনাই ই-আলোচনী প্ৰকাশৰ বাট নিৰ্মাণ কৰিলো।
“ঐশানু” ই-আলোচনীখনে ন-লেখাৰু সকলৰ চিন্তা পৰিস্ফুট কৰাৰ লগতে পুৰণি অভিজ্ঞ লেখাৰুৰ গুণগত লেখাৰে চিৰ সমৃদ্ধ হ’ব বুলি আশা কৰিলো। এই ছেগতে প্ৰথমটো সংখ্যালৈ লেখা আগবঢ়োৱা সমূহ লেখাৰুক মই আন্তৰিক ধন্যবাদ যাচিছো আৰু “ঐশানু” ক আঁকোৱালি ল’বলৈ আহ্বান জনাইছো। “সৃষ্টি প্ৰকাশন” ৰ মিনাক্ষী বৰ্মনলৈ আৰু সকলো শুভাকাংক্ষীলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
ধন্যবাদ
মুখ্য সম্পাদক
ড° জিতুমণি চৌধুৰী