ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ চতুৰ্থ সংখ্যাঃ মে, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
Total Visitor Count:
“ঐশানু” ই-আলোচনীৰ পঞ্চম সংখ্যাৰ (নবেম্বৰ, ২০২৫) বাবে লেখা আহ্বান
নমস্কাৰ গ্ৰহণ কৰিব। “ঐশানু” ই-আলোচনীখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত লেখক সমাজ, পঢ়ুৱৈ তথা শুভাকাংক্ষী সকলৰ এক বৃহৎ ভূমিকা আছে আৰু তাৰ বাবে আমি সকলোৰে যত্ন-প্ৰচেষ্টাক সলাগ লৈছোঁ। বহুখিনি বাধা-বিঘিনি সন্মুখীন হোৱা সত্ত্বেও, 'ঐশানু' থমকি ৰ'ব ল'গা হোৱা নাই। ঐশানুক যিকোনো ৰূপতে আঁকোৱালি লোৱা বাবে আপোনাক/ আপোনালোকক আকৌ এবাৰ ধন্যবাদ যাচিলোঁ। প্ৰাৰম্ভিক কালত ঐশানুক তিনিমহীয়াকৈ প্ৰকাশ কৰাৰ দিহা কৰা হৈছিল যদিও, বিভিন্ন এৰাব নোৱাৰা অসুবিধাৰ বাবে ছমহীয়াকৈ প্ৰকাশ কৰাৰ দিহা কৰা হৈছে।
ঐশানুৰ পঞ্চম সংখ্যাটো নবেম্বৰ ২০২৫ ত প্ৰকাশ কৰাৰ বাবে থিৰাং কৰা হৈছে। সেয়ে, সদাশয় সমূহ লেখক-লেখিকাৰ পৰা বিভিন্ন বিষয়ক লেখা সবিনয়ে আহ্বান কৰিলোঁ। লেখা সমূহ সম্পূৰ্ণ নিজস্ব হোৱাৰ লগতে অপ্ৰকাশিত হোৱাটো বাঞ্ছনীয়।
লেখা পঠিওৱা নিয়মাৱলীঃ
১। স্বৰচিত গল্প, চুটিগল্প, অনুগল্প, কবিতা, প্ৰবন্ধ, ৰম্যৰচনা, সাধুকথা, চুটি নাট, জীৱনী সাহিত্য, অনুবাদ সাহিত্য প্ৰকাশৰ বাবে বিবেচনা কৰা হব।
২। লিখনিসমূহ ইউনিক’ড ব্যৱস্থাত অক্ষৰ বিন্নাস কৰি (টাইপ কৰি) পঠিয়াব লাগিব।
৩। ৰ’দালি ছফ্টৱেৰটো (মুক্তলভ্য) ব্যৱহাৰ কৰি মাইক্ৰ’চফ্ট ওৱৰ্ডত অসমীয়াত অক্ষৰ বিন্নাস সহজে কৰিব পাৰিব।
৪। লিখনিসমূহ “ঐশানু”ৰ ৱেবপেজৰ https://www.oisanuemagazine.in অনলাইন চাবমিছন ব্যৱস্থাৰ জৰিয়তে অথবা ওৱাটচএপ যোগে ৭০০২৩৭৩০৮৩ নম্বৰত পঠিয়াব পাৰিব।
৫। সম্পূৰ্ণ নাম-ঠিকনাৰে সৈতে লিখনিসমূহ অহা ৩০ চেপ্তেম্বৰ, ২০২৫ পূৰ্বে পোৱাকৈ পঠিয়াবলৈ অনুৰোধ কৰিলোঁ।
সবিনয়ে-------
ভৱদীয়
মুখ্য সম্পাদক
মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণ
১৫২২ চনত মহাৰাজ বিশ্বসিংহৰ নেতৃত্বত কোচ বিহাৰ ৰাজ্য স্থাপন হৈছিল। তেওঁৰ প্ৰকৃত নাম বিচু আছিল আৰু এজন স্থানীয় মহাজনৰ ল'ৰা আছিল। ৰাজপাটত উঠিয়ে তেওঁ হিন্দু ধৰ্ম, ৰীতি-নীতিক আঁকোৱালি লৈছিল। বিশ্বসিংহৰ পাচত নৰনাৰায়ণ আৰু সৰ্ব্বমুঠ ২১ গৰাকী শাসকে চেপ্তেম্বৰ ১৯৪৯ চনলৈ কোচ বিহাৰত শাসন কৰিছিল। মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণ আছিল শেষ গৰাকী কোচ মহাৰাজ। ১৯৪৯ চনৰ ১২ চেপ্তেম্বৰ তাৰিখে তেওঁ ইঞ্চট্ৰুমেণ্ট অৱ এক্সেচনত চহী কৰে আৰু ১৯৫০ চনৰ ১ জানুৱাৰীৰ পৰা কোচ বিহাৰ পশ্চিম বংগৰ এখন জিলা ৰূপে স্বীকৃতি লাভ কৰে। (চিত্ৰৰ উৎসঃ কোচ বিহাৰ ৰাজপ্ৰসাদ; চিত্ৰ গ্ৰহণ- ড° জিতুমণি চৌধুৰী)